ETV Bharat / sports

আইপিএলত আজি DC বনাম KKR, KXIP বনাম SRH

author img

By

Published : Oct 24, 2020, 12:53 PM IST

IPL 2020: Todays matches DC vs KKR and KXIP vs SRH
আজিৰ আইপিএলত DC বনাম KKR, KXIP বনাম SRH

আজি আইপিএল-2020ত বিয়লি 3.30 বজাত ডুবাইৰ শ্বেইখ জায়েদ ষ্টেডিয়ামত আৰম্ভ হ’ব দিল্লী কেপিটেলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ আৰু সন্ধিয়া 7.30 বজাত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত কিংছ ইলেভেন পঞ্জাৱৰ সৈতে মুখামুখি হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ ৷

স্প’ৰ্টছ ডেস্ক,24 অক্টোবৰ : তালিকাৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হোৱা দিল্লী কেপিটেলছে আজি চতুৰ্থ স্থানত থকা কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আইপিএলৰ 42 নম্বৰ মেচত অৱতীৰ্ণ হ’ব ৷ বিয়লি 3.30 বজাত ডুবাইৰ শ্বেইখ জায়েদ ষ্টেডিয়ামত আৰম্ভ হ’ব এই মেচখন ৷

পূৰ্বৰ মেচখনত কিংছ ইলেভেন পঞ্জাৱৰ বিৰুদ্ধে 5 উইকেটত পৰাস্ত হোৱাৰ পাচত আজিৰ মেচখনত সুদক্ষ বেটছমেন শিখৰ ধৱনৰ বাহিৰে অন্যকেইজন বেটছমেনৰ পৰা ভাল প্ৰদৰ্শন আশা কৰিছে দিল্লীয়ে ৷

DC vs KKR
আজিৰ আইপিএলত DC বনাম KKR

দিল্লীৰ উইকেট কীপাৰ তথা যুৱ খেলুৱৈ ঋষভ পন্তে পূৰ্বৰ মেচত আঘাত পোৱাৰ পাচত পুনৰ ফিল্ডলৈ উভতি আহিছে ৷ আনহাতে বলিঙৰ ফালৰ পৰা পেছাৰ বলাৰ কাগিছ’ ৰাবাডাই পুনৰবাৰ কলকাতাৰ বিৰুদ্দে ভাল বলিং কৰিব বুলি আশাবাদী দিল্লী কেপিটেলছৰ সদস্যসকল ৷

তালিকাৰ চতুৰ্থ স্থানত থকা কলকাতা নাইট ৰাইডাৰ্ছেও প্লে’অফত নিজৰ স্থান দখল কৰিবলৈ আজিৰ মেচখনত গুৰুত্ব প্ৰদান কৰিব ৷ ইয়াৰ পূৰ্বে বুধবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰৰ বিৰুদ্ধে অতি বেয়াকৈ পৰাস্ত হৈছিল মৰ্গানবাহিনী ৷

DC vs KKR
আজিৰ আইপিএলত DC বনাম KKR

স্কোৱাড :

দিল্লী কেপিটেলছ : শ্ৰেয়াস আয়াৰ, কাগিছো ৰাবাডা, মাৰ্কাছ ষ্টইনিছ, সন্দীপ লেমিছানে, আজিংকা ৰাহানে, ৰবিচন্দ্ৰন অশ্বিন, শিখৰ ধাৱান, শিমৰন হেথমেয়াৰ, এলেক্স কেৰী, মোহিত শৰ্মা, পৃথ্বী শ্ব', ললিত যাদৱ, অভেশ খান, অক্সৰ পেটেল, তুষাৰ দেশপাণ্ডে, ঋষভ পন্ত, হৰ্ষল পেটেল, কিমো পল, এনৰিক নৰ্টজে, ডেনিয়েল চেমছ ৷

কলকাতা নাইট ৰাইডাৰ্ছ : ইয়ন মৰ্গান, শুভমন গীল, নিতীশ ৰানা, ৰাহুল ত্ৰিপাঠী, দিনেশ কাৰ্তিক, আন্দ্ৰে ৰাছেল, কুলদ্বীপ যাদৱ, লকী ফাৰ্গুছন, পেট কামিনছ, বৰুণ চক্ৰৱৰ্তী, সুনীল নাৰায়ন, টম বেন্টন, সিদ্ধেশ লাড, কমলেশ নাগাৰকোটি, প্ৰসিদ্ধ কৃষ্ণ, সন্দীপ ৱেৰিয়ৰ, শিভম মাবী, ৰিংকু সিং, ক্ৰিছ গ্ৰীন, এম সিদ্ধাৰ্থ আৰু নিখিল নায়ক ৷

দিল্লী কেপিটেলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ সমান্তৰালকৈ আজি সন্ধিয়া 7.30 বজাত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত কিংছ ইলেভেন পঞ্জাৱৰ সৈতে মুখামুখি হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ ৷ ক্ৰমানুসাৰে তিনিখন মেচত জয়লাভ কৰা কিংছ ইলেভেন পঞ্জাৱে তালিকাৰ পঞ্চম স্থানত থকা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে আইপিএল-2020ৰ 43 নং মেচখন খেলিব ৷

KXIP vs SRH
আজিৰ আইপিএলত KXIP বনাম SRH

বৰ্তমানলৈকে দুয়োটা দলে 8 পইণ্ট লাভ কৰিছে যদিও ৰাণ ৰেটৰ ফালৰ পৰা ডেভিদ ৱাৰ্ণাৰ নেতৃত্বাধীন হায়দৰাবাদে পঞ্জাৱতকৈ শীৰ্ষত থকা পৰিলক্ষিত হৈছে ৷ প্লে’অফৰ বাবে এতিয়া দুয়োটা দলৰ জয়ী অতি প্ৰয়োজনীয় হৈ পৰিছে ৷

KXIP vs SRH
আজিৰ আইপিএলত KXIP বনাম SRH

স্কোৱাড :

কিংছ ইলেভেন পাঞ্জাৱ : লোকেশ ৰাহুল, হৰপ্ৰীত ব্ৰাৰ, ইশান পোৰেল, মন্দীপ সিং, জেমছ নিশাম, তাজিন্দৰ সিং, ক্ৰিছ জৰ্ডান, কৰুণ নায়াৰ, দীপক হুদা, ৰবী বিষ্ণৈ, অৰ্শদ্বীপ সিং, গ্লেন মেক্সৱেল, মুজীৱ ওৰ ৰহমান, ছৰফৰাজ খান, শ্বেনড্ৰন কট্ৰেল, মায়ংক আগৰৱাল, মহম্মদ ছামী, দৰ্শন নালকাণ্ডে, নিকোলাছ পুৰান, ক্ৰেছ গেইল, মুৰুগান অশ্বিন, জগদীশা সুছিথ, কৃষ্ণাপ্পা গৌথাম, হৰদাস ভিলজিয়ন, ছিমৰন সিং ৷

ছানৰাইজাৰ্ছ হায়দৰাবাদ : জনী বেয়াৰষ্ট' কেন উইলিয়ামছন, প্ৰিয়ম গাৰ্গ, ডেভিদ ৱাৰ্ণাৰ, মনিষ পাণ্ডে, বিজয় শংকৰ, আব্দুল ছামাদ, ৰছিদ খান, সন্দীপ শৰ্মা, টি. নটৰাজন, বাছিল থাম্পা, ঋধিমান ছাহা, শ্ৰীবটছ গোস্বামী, সিদ্ধাৰ্থ কৌল, মহম্মদ নবী, শ্বাহবাজ নদীম, জেছন হল্ডাৰ, বাভানকা সন্দীপ, বিল্লী ষ্টেনলেক, ফেবিয়ান এলেন, বিৰাট সিং, খলিল আহমেদ, সঞ্জয় যাদৱ, অভিষেক শৰ্মা, পৃথ্বী ৰাজ য়াৰা ৷

লগতে পঢ়ক : ইটালীত প্ৰশিক্ষণ আৰম্ভ ভাৰতীয় বক্সিং দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.