ETV Bharat / sports

আইপিএল 2020ঃ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে পৰাজয় সন্দৰ্ভত ৰাহুলৰ প্ৰতিক্ৰিয়া

author img

By

Published : Sep 28, 2020, 12:47 PM IST

ৰাজস্থান ৰয়েলছে বৃহৎ 224 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল কিংছ ইলেভেন পাঞ্জাৱক ৷ এইয়া আইপিএলৰ ইতিহাসৰ সৰ্ববৃহৎ ৰাণ ৷ ষ্টীভ স্মিথৰ দলে 4 উইকেটত মেচখনত জয়লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে, কিংছ ইলেভেনৰ হৈ মায়ংক অগৰৱালাই শতক অৰ্জন কৰাৰ পিছতো দলটোৱে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে পৰাজয় বৰণ কৰিবলগীয়া হয় ৷

IPL 2020: KL Rahul reacts after heartbreaking loss to Rajasthan Royals
আইপিএল 2020ঃ ৰাজস্থান ৰয়েলছৰ বিপৰীতে পৰাজয় সন্দৰ্ভত কে.এল ৰাহুলৰ প্ৰতিক্ৰিয়া

স্পৰ্টছ ডেস্ক, 28 ছেপ্তেম্বৰঃ "মই ভাবিছিলো যে খেলখন আমাৰ পকেটত আছে" দেওবাৰে ৰাজস্থান ৰয়েলছৰ বিপৰীতে পৰাজয় বৰণ কৰাৰ পিছতেই কিংছ ইলেভেন পাঞ্জাৱৰ অধিনায়ক কে.এল ৰাহুলে এই মন্তব্য কৰে ৷ যদিও নিজৰ পক্ষত বিশ্বাস ৰাখি তেখেত কয় যে, পৰৱৰ্তী মেচত তেওঁলোকে অধিক শক্তিশালী ৰূপত প্ৰত্যাৱৰ্তন কৰিব ৷

IPL 2020: KL Rahul reacts after heartbreaking loss to Rajasthan Royals
কিংছ ইলেভেন পাঞ্জাৱৰ অধিনায়ক কে.এল ৰাহুল

ৰাজস্থান ৰয়েলছে বৃহৎ 224 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল কিংছ ইলেভেন পাঞ্জাৱক ৷ এইয়া আইপিএলৰ ইতিহাসৰ সৰ্ববৃহৎ ৰাণ ৷ ষ্টীভ স্মিথৰ দলে 4 উইকেটত মেচখনত জয়লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে, কিংছ ইলেভেনৰ হৈ মায়ংক অগৰৱালাই শতক অৰ্জন কৰাৰ পিছতো দলটোৱে ৰাজস্থান ৰয়েলছৰ বিপৰীতে পৰাজয় বৰণ কৰিবলগীয়া হয় ৷

"চাওক, এইখন T20 ক্ৰিকেট, আমি ইমান বছৰে দেখি আহিছো, আমি বহুত বস্তু ঠিক কৰিছো, আমি মুৰ দাঙি থিয় হ’ব লাগিব আৰু ইয়াতকৈ অধিক শক্তিশালী ৰূপত উভতি আহিব লাগিব ৷ ক্ৰিকেট এক দুৰ্দান্ত খেল আৰু ক্ৰিকেটত এই ধৰণৰ ঘটনাসমূহ ঘটি থাকে ৷ এই ক্ষেত্ৰত আমি তেঁওলোকক(ৰাজস্থান ৰয়েলছ) শ্ৰেয় প্ৰদান কৰিব লাগিব ৷" খেলৰ অন্তত ষ্টাৰ ইণ্ডিয়াক এই কথা ব্যক্ত কৰে কিংছ ইলেভেনৰ অধিনায়ক কে.এল ৰাহুলে ৷

"খেলবিধে আপোনাক সকলো সময়তেই বিনীত কৰি ৰাখে, মই সঁচাকৈয়ে ভাবিছিলো যে খেলখন আমাৰ পকেটতেই আছে ৷ শেষৰ দিশে তেঁওলোকে ভাল বেটিং কৰি আমাৰ বলাৰৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ সক্ষম হয় আৰু ইয়াতেই ভুলটো হয় ৷ যোৱা দুখন মেছত তেঁওলোকে ভাল প্ৰদৰ্শন কৰিছে ৷ এখন খেলত বেয়া প্ৰদৰ্শন কৰাটো থিকেই আছে ৷ এইয়া ভাল যে টুৰ্নামেন্টৰ আৰম্ভনিতে এই পৰাজয় লাভ কৰিবলৈ সক্ষম হৈছো ৷ ইয়াৰ পৰা তেঁওলোকে শিক্ষা গ্ৰহণ কৰিব পাৰিব আৰু আগলৈ অধিক শক্তিশালী ৰূপত উভতি আহিবলৈ সক্ষম হ’ব ৷ "

খেলখনৰ সময়ত আগৰৱালা আৰু ৰাহুলে পাঞ্জাৱৰ বাবে সৰ্বোচ্চ অপেনিং কৰিবলৈ সক্ষম হয় ৷ এই যুটিটোৱে প্ৰথম উইকেটত 183 ৰান অৰ্জন কৰিবলৈ সক্ষম হয় যি আইপিএলৰ দ্বিতীয় সৰ্বোচ্চ অপেনিং ৷

লগতে পঢ়ক-IPL13: ডেথ অভাৰ সন্দৰ্ভত কি ক'লে ব্ৰেটলীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.