ETV Bharat / sports

আইপিএল 2020 : বেয়াৰষ্ট', ৰছিদৰ সুন্দৰ প্ৰদৰ্শনেৰে SRH ৰ প্ৰথমটো জয়

author img

By

Published : Sep 30, 2020, 8:55 AM IST

আইপিএলত ছানৰাইজাৰ্ছ হাইদৰাবাদৰ প্ৰথমটো জয় ৷ 15 ৰাণত পৰাস্ত কৰে দিল্লী দলক ৷

আইপিএল 2020
ছানৰাইজাৰ্ছ হাইদৰাবাদৰ প্ৰথমটো জয়

স্পৰ্টছ ডেস্ক, 30 ছেপ্তেম্বৰ : অপেনাৰ জনী বেয়াৰষ্ট'ৰ অৰ্ধশতক আৰু বলাৰ ৰছিশ খানৰ দূৰ্দান্ত প্ৰদৰ্শনৰ জৰিয়তে ছানৰাইজাৰ্ছ হাইদৰাবাদে 13 সংখ্যক আইপিএলৰ প্ৰথমটো জয় সাব্যস্ত কৰিছে ৷ মঙলবাৰে শ্বেইখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত মেচত দিল্লী কেপিটেলছৰ বিৰুদ্ধে 15 ৰাণত জয় সাব্যস্ত কৰে হাইদৰাবাদে ৷

আইপিএল 2020
ছানৰাইজাৰ্ছ হাইদৰাবাদৰ প্ৰথমটো জয়

48 টা বলত বেয়াৰষ্ট'য়ে 53 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ডেভিদ ৱাৰ্ণাৰে 45 আৰু কেন উইলিয়ামছনে 41 ৰাণ সংগ্ৰহ কৰে ৷ ইয়াৰ ফলত চাৰিটা উইকেট হেৰুৱাই 162 ৰাণ সংগ্ৰহ কৰে হাইদৰাবাদে ৷

আইপিএল 2020
আইপিএল 2020

162 ৰাণৰ লক্ষ্য অনুসৰণ কৰি দিল্লীৰ অপেনাৰ পৃথ্বী শ্ব'য়ে 2 ৰাণ সংগ্ৰহ কৰি উইকেট হেৰুৱায় ৷ তেওঁৰ উপৰি শিখৰ ধাৱানে 34 আৰু অধিনায়ক শ্ৰেয়াস আয়াৰে 17 ৰাণ সংগ্ৰহ কৰে ৷ ইয়াৰোপৰি, ঋষভ পন্তে 28 আৰু শিমৰন হেথমেয়াৰে 21 ৰাণ সংগ্ৰহ কৰে৷ কিন্তু জয়ৰ বাবে প্ৰয়োজনীয় ৰাণ সংগ্ৰহ কৰিব নোৱাৰা দিল্লী দলে 7 টা উইকেট হেৰুৱাই 147 ৰাণতে ইনিংছ সামৰে ৷

আইপিএল 2020
দিল্লী কেপিটেলছ

লগতে পঢ়ক : ফ্ৰেন্স অ'পেন : দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ ৰাফেল নাডালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.