ETV Bharat / state

মিছন চাইবাৰ অপৰাধী : পুনৰ 12 টা অপৰাধীক গ্ৰেপ্তাৰ - cyber criminal in morigaon

Press meet against cyber criminal : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিছে মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাই ৷ বিগত বৰ্ষৰ পৰা মৰিগাঁও জিলাত ইটোৰ পিচত সিটোকৈ চাইবাৰ অপৰাধী আৰক্ষীৰ জালত পৰিছে ৷

press meet against cyber criminal
মিছন চাইবাৰ অপৰাধী, পুনৰ 10 টা অপৰাধীক গ্ৰেপ্তাৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : June 13, 2024 at 6:22 PM IST

2 Min Read
Choose ETV Bharat

মৰিগাঁও, 13 জুন : ক্ৰমাৎ চাইবাৰ অপৰাধীৰ ঘাটিলৈ পৰিণত হৈছে মৰিগাঁও জিলা ৷ বিগত বৰ্ষৰ পৰা জিলাখনত মৰিগাঁও জিলাৰ অপৰাধ শাখাই চাইবাৰ অপৰাধীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও যেন হ্ৰাস পোৱা নাই চাইবাৰ অপৰাধীৰ টিঘিলঘিলনি ৷

মিছন চাইবাৰ অপৰাধী, পুনৰ 10 টা অপৰাধীক গ্ৰেপ্তাৰ (ETV BHARAT ASSAM)

বুধবাৰে নিশা মৰিগাঁও জিলাৰ অপৰাধ শাখাই অভিযান চলাই 12 টা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ এই অভিযানৰ‌ নেতৃত্ব দিছিল মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই ৷ এই অভিযানত অভিযানকাৰী দলটোৱে জব্দ কৰিছে বহু পৰিমাণৰ বেংক পাচবুক, আধাৰকাৰ্ড আৰু পান কাৰ্ড।

ইয়াৰ পিচতে বৃহস্পতিবাৰে বিয়লিভাগত এক সংবাদমেল সম্বোধন কৰি মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই কয় যে, চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীয়ে চলোৱা অভিযানত জিলাখনৰ কেইবাটাও স্থানৰ পৰা 12 জন চাইবাৰ অপৰাধৰ সৈতে জড়িত লোকক আটক কৰা হৈছে । আটকাধীন চাইবাৰ অপৰাধীকেইজনৰ মাজৰে আটাবুৰ ৰহমানে দেউতাকৰ নাম কুনাল সিং বুলি ভুৱা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি এক্সিছ বেংকৰ পৰা কেইবা লাখ টকা ঋণ লোৱাৰ সমান্তৰালকৈ আন এগৰাকী চাইবাৰ অপৰাধীয়ে তৰুণ কুমাৰ নামেৰে ছদ্মনাম পান কাৰ্ডত ব্যৱহাৰ কৰিছিল ।

ইয়াৰ উপৰিও মেৰাজুল ইছলাম নামৰ অভিযুক্তটোৱে বিগত কেইবামাহ ধৰি পলাতক হৈ আছিল যদিও এই অভিযানত আৰক্ষীয়ে এইটো চাইবাৰ অপৰাধীকো আটক কৰিবলৈ সক্ষম হয় । এইবাৰ মায়ং থানাৰ এলেকাৰ পৰা প্ৰথমবাৰৰ বাবে দুটা চাইবাৰ অপৰাধীক আটক কৰিবলৈ সক্ষম মৰিগাঁও আৰক্ষীয়ে ।

এই অভিযানত বিভিন্ন বেংকৰ পাচবুক, চেকবুক, পান কাৰ্ড, আধাৰ কাৰ্ড, ম’বাইল ফোন, লেপটপসহ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে বৈশ্যই । ধৃত অপৰাধীকেইটা হ’ল- মিৰাজুল ইছলাম, ইশ্বাদুল ইছলাম, ৰিজাউল হক, নাছিৰুদ্দিন, মিৰাজুল ইছলাম, আশ্বাদুল হক, আৰিফুল ইছলাম, দিলোৱাৰ হুছেইন, অলিউল্লাহ, মুছিদূৰ, কাবুল ৰহমান আৰু বাহাৰুল ইছলাম ৷

চাইবাৰ অপৰাধৰ হাব হিচাপে পৰিগণিত হোৱা মৰিগাঁও জিলাত বৰ্তমান সময়লৈকে প্ৰায় দুশৰো অধিক চাইবাৰ অপৰাধীক আটক কৰিবলৈ সক্ষম হৈছে মৰিগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক: আপোনাৰ নামতো ভুৱা পান-আধাৰ কাৰ্ড বনাই প্ৰৱঞ্চকে কৰিব পাৰে সৰ্বস্বান্ত ! - Cyber criminals arrested