ETV Bharat / sports

আইপিএল 2020 : চেন্নাইৰ বিৰুদ্ধে 44 ৰাণত জয়ী দিল্লী

author img

By

Published : Sep 26, 2020, 10:51 AM IST

Updated : Sep 26, 2020, 11:47 AM IST

আইপিএল 2020
চেন্নাইৰ বিৰুদ্ধে 44 ৰাণত জয়ী দিল্লী

চেন্নাইৰ বিৰুদ্ধে 44 ৰাণত জয়ী দিল্লী ৷ এয়া আইপিএল 2020 ত দিল্লী দলৰ একেৰাহে দ্বিতীয়টো জয় ৷

স্পৰ্টছ ডেস্ক, 26 ছেপ্তেম্বৰ : শুকুৰবাৰে অনুষ্ঠিত আইপিএলৰ এখন মেচত চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে 44 ৰাণত জয় সাব্যস্ত কৰে দিল্লী কেপিটেলছে ৷ পৃথ্বী শ্ব'ৰ 64 ৰাণ তথা দক্ষিণ আফ্ৰিকাৰ দুই বলাৰ কাগিছো ৰাবাডা (3/26) আৰু এনৰিক নৰ্টজে (2/21) ৰ দূৰ্দান্ত বলিঙৰ জৰিয়তে দিল্লী দলে এইবছৰৰ আইপিএলত একেৰাহে দ্বিতীয়বাৰৰ বাবে জয়ী হয় ৷

আইপিএল 2020
চেন্নাইৰ বিৰুদ্ধে 44 ৰাণত জয়ী দিল্লী

প্ৰথমে বেটিং কৰি দিল্লী দলে 176 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷ ইয়াৰ পাচতে বেটিং কৰিবলৈ নামি চেন্নাই দলে 20 অ'ভাৰত 7 টা উইকেট হেৰুৱাই কেৱল 131 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

আইপিএল 2020
চেন্নাইৰ বিৰুদ্ধে 44 ৰাণত জয়ী দিল্লী

দুখন মেচত 4 পইন্ট সংগ্ৰহ কৰি বৰ্তমান পইন্ট তালিকাৰ শীৰ্ষ স্থানত অৱস্থান কৰিছে দিল্লী কেপিটেলছে ৷ আনহাতে, চেন্নাই দলৰ অধিনায়ক ধোনীয়ে পুনৰ ল'ৱাৰ মিডল অৰ্ডাৰত বেটিং কৰিবলৈ আহে আৰু 23 বৰ্ষীয় ৰুতুৰাজ গাইকৱাডক 4 নম্বৰ স্থানত প্ৰেৰণ কৰে ৷ কিন্তু গাইকৱাডে কেৱল 5 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ ফাফ ডু প্লেছি আৰু কেদাৰ যাদৱে চতুৰ্থ উইকেটৰ যুটীত 54 ৰাণ সংগ্ৰহ কৰে যদিও যাদৱৰ উইকেটৰ পতন যোৱাত 16 অ'ভাৰত 4 টা উইকেট হেৰুৱাই কেৱল 98 ৰাণ সংগ্ৰহ কৰে চেন্নাই দলে ৷

আইপিএল 2020
শ্ৰেয়াস আয়াৰ

পূৰ্বে দিল্লী কেপিটেলৰ অপেনাৰ পৃথ্বী শ্ব' আৰু শিখৰ ধাৱানে ধীৰেৰে ইনিংছৰ আৰম্ভণি কৰে ৷ দুয়োগৰাকী খেলুৱৈ আউট হোৱাৰ পাচত ঋষভ পন্ত (37 নট আউট) আৰু অধিনায়ক শ্ৰেয়াস আয়াৰে (26) তৃতীয় উইকেটৰ যুটীত 58 ৰাণ সংগ্ৰহ কৰে ৷

স্ক'ৰ বৰ্ড :

দিল্লী কেপিটেলছ : 175/3 পৃথ্বী শ্ব'(64), শিখৰ ধাৱান (35), ঋষভ পন্ত (37), পিয়ুষ চাওলা (2/33)

চেন্নাই চুপাৰ কিংছ : 131/7 ফাফ ডু প্লেছি (43), কেদাৰ যাদৱ (26), কাগিছো ৰাবাডা (3/26), এনৰিক নৰ্টজে (2/21)

লগতে পঢ়ক : আইপিএল 2020 : বেংগালুৰৰ বিৰুদ্ধে বৃহৎ জয় সাব্যস্ত পাঞ্জাৱৰ

Last Updated :Sep 26, 2020, 11:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.