ETV Bharat / sports

আইপিএল 2020 : বেংগালুৰৰ বিৰুদ্ধে বৃহৎ জয় সাব্যস্ত পাঞ্জাৱৰ

author img

By

Published : Sep 25, 2020, 7:43 AM IST

Updated : Sep 25, 2020, 6:00 PM IST

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ দলক 97 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে কিংছ ইলেভেন পাঞ্জাৱে ৷ মেচত ৰাহুলে শতক অৰ্জন কৰি দলৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰে ৷

আইপিএল 2020
বেংগালুৰৰ বিৰুদ্ধে বৃহৎ জয় সাব্যস্ত পাঞ্জাৱৰ

স্পৰ্টছ ডেস্ক, 25 ছেপ্তেম্বৰ : বৃহস্পতিবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত আইপিএলৰ মেচত বৃহৎ জয় সাব্যস্ত কৰিছে কিংছ ইলেভেন পাঞ্জাৱ দলে ৷ পাঞ্জাৱৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰে দলটোৰ অধিনায়ক কে. এল. ৰাহুলে ৷ ৰাহুলৰ শতকৰ জৰিয়তে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ দলক 97 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে পাঞ্জাৱে ৷

আইপিএল 2020
বেংগালুৰৰ বিৰুদ্ধে বৃহৎ জয় সাব্যস্ত পাঞ্জাৱৰ

RCB ৰ অধিনায়ক বিৰাট কোহলীয়ে দুবাৰকৈ কেচ ধৰিবলৈ অক্ষম হোৱা বাবে কেৱল 69 বলত 132 ৰাণ সংগ্ৰহ কৰে ৰাহুলে ৷ এয়া আছিল আইপিএল ইতিহাসৰ ভাৰতীয় ক্ৰিকেটাৰে সংগ্ৰহ কৰা সৰ্বাধিক ৰাণ ৷ ৰাহুলৰ শতকৰ জৰিয়তে পাঞ্জাৱে 3 টা উইকেটৰ বিনিময়ত 206 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ এই বিশাল ৰাণৰ লক্ষ্য অনুসৰণ কৰি বেংগালুৰে 17 অ'ভাৰত আটাইকেইটা উইকেট হেৰুৱাই 109 ৰাণ সংগ্ৰহ কৰে ৷

আইপিএল 2020
বিৰাট কোহলী

9 অ'ভাৰতে বেংগালুৰে 5 টাকৈ উইকেট হেৰুৱাই দিশহাৰা হৈ পৰে ৷ দলটোৰ হৈ দেৱদত্ত পাডিক্কাল (1), এৰন ফিন্স (20), জছ ফিলিপ (0), বিৰাট কোহলী (1) আৰু ডি ভিলিয়াৰ্ছে (28) ৰাণ সংগ্ৰহ কৰে ৷

আইপিএল 2020
আইপিএল 2020বেংগালুৰৰ বিৰুদ্ধে বৃহৎ জয় সাব্যস্ত পাঞ্জাৱৰ

দুই দলৰ স্ক'ৰ :

কিংছ ইলেভেন পাঞ্জাৱ : 206/3 ৰাণ (ৰাহুল 132 নট আউট, য়ুজবেন্দ্ৰ চাহাল 1/25, শিৱম ডুবে 2/33)

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ : 109/10 (সুন্দৰ 30, বিশ্বনৈ 3/32, অশ্বিন 3/21)

Last Updated :Sep 25, 2020, 6:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.