ETV Bharat / sports

ভাৰতৰ বিৰুদ্ধে দ্বিতীয় এদিনীয়াত টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত শ্ৰীলংকাৰ

author img

By

Published : Jul 20, 2021, 8:46 PM IST

elect to bat against India
ভাৰতৰ বিৰুদ্ধে দ্বিতীয় এদিনীয়াত টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত শ্ৰীলংকাৰ

টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে শ্ৰীলংকা দলে । যোৱা খেলখনত যিধৰণে ভাৰতীয় বেটছমেনে ৰাণৰ টাৰ্গেট সহজে অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল এইখন খেলত শ্ৰীলংকাৰ বলাৰসকলে কিধৰণে বলিং কৰে সেয়াহে লক্ষণীয় হ'ব ।

স্প’ৰ্টছ ডেস্ক,২০ জুলাই: ভাৰত আৰু শ্ৰীলংকাৰ মাজত আৰম্ভ হৈছে তিনিদিনীয়া শৃংখলাৰ দ্বিতীয়খন এদিনীয়া (Second one day) মেছ । আৰ প্ৰেমাদাসা ষ্টেডিয়ামত আৰম্ভ হোৱা এই খেলত টছত জয়ী হৈছে দাছুন শানাকা (Dasun Shanaka) নেতৃত্বৰ শ্ৰীলংকা বাহিনীয়ে । টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে শ্ৰীলংকা দলে । যোৱা খেলখনত যিধৰণে ভাৰতীয় বেটছমেনে ৰাণৰ টাৰ্গেট সহজে অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল এইখন খেলত শ্ৰীলংকাৰ বলাৰসকলে কিধৰণে বলিং কৰে সেয়াহে লক্ষণীয় হ'ব ।

পিটছ ৰিপৰ্ট অনুসৰি পিটছখন বেটিঙৰ বাবে ভাল । সেয়ে দুয়োটা দলে ডাঙৰ স্ক'ৰ কৰিব বিচাৰিব । ইনিংছৰ আৰম্ভণিতে কিছু সহায় থাকিব আৰু বলাৰসকলে তাৰ সৰ্বাধিক ব্যৱহাৰ কৰিব বিচাৰিব । বলাৰৰ সঠিক লাইন আৰু দৈৰ্ঘ্যই দুয়োটা দলৰ বাবে অতি প্ৰয়োজনীয় কাৰক হিচাপে বিবেচিত হ'ব ।

টছত জয়ী হৈ শ্ৰীলংকাৰ অধিনায়ক শানাকাই কয় যে তেওঁলোকে প্ৰথমে বেটিং কৰিব । উইকেটটো যোৱা খেলতকৈ উন্নত আৰু ইয়াত প্ৰথমে বেটিং কৰাটো উৎকৃষ্ট হ'ব । তেওঁৰ মতে তেওঁলোকে ভালদৰে শেষ কৰিব পাৰিব কিন্তু মাজৰ অভাৰ খিনি তাতকৈও ভালদৰে খেলিব লাগিব । দলটোত উদানাৰ স্থান লৈছে কাছুন ৰাজিথাই ।

আনহাতে, ভাৰতৰ অধিনায়ক শিখৰ ধাৱানে পূৰ্বৰ খেলখন সন্দৰ্ভত কয় যে বলাৰসকলে তেওঁলোকক ২৬০ ৰাণত বান্ধি ৰখাটো উচিত আছিল । স্পিনাৰসকলে একেলগে উৎকৃষ্ট বলিং কৰিবলৈ সক্ষম হৈছিল । যোৱা খেলত তেওঁ মাত্ৰ ষ্ট্ৰাইক সলনি কৰাত গুৰুত্ব দিছিল কাৰণ বাকীসকলে সুন্দৰ বেটিং কৰি আছিল । ধাৱানৰ মতে একেধৰণেই একে কেইজনে খেলুৱৈৰ সৈতে এইখনত অৱতীৰ্ণ হ'ব দলটো ।

শ্ৰীলংকাৰ দলটোৰ খেলুৱৈসকল হৈছে আবিষ্কা ফাৰ্নাণ্ডো, মিনোদ ভানুকা (w), ভানুকা ৰাজপাচা, ধনঞ্জয়া ডি চিলভা, চৰিথ আসালংকা, দাচুন শানাকা (c), ৱানিন্দু হাচাৰাঙ্গা, চামিকা কৰুণাৰতনে, কচুন ৰজিথা, দুষ্মন্ত চামিৰা, ঈশান জয়ৰতনে । আনহাতে ভাৰতীয় দলৰ খেলুৱৈসকল হৈছে পৃথ্বী শ্ব', শিখৰ ধাৱান(c), ঈশান কিষাণ(w), মনীষ পাণ্ডে, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, ক্ৰুণাল পাণ্ডিয়া, দীপক চাহাৰ, ভুৱনেশ্বৰ কুমাৰ, যুজবেন্দ্ৰ চাহল, কুলদীপ যাদৱ ।

লগতে পঢ়ক : টকিঅ’ অলিম্পিকত পুনৰ তিনিজন ক’ভিডত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.