ETV Bharat / sports

"ভাৰতীয় স্পীনাৰৰ জালত বন্দী অষ্ট্ৰেলিয়াৰ বেটছমেন" মাৰ্নাছ লাবুচানে

author img

By

Published : Jan 1, 2021, 1:22 PM IST

"ভাৰতীয় স্পীনাৰৰ জালত বন্দী অষ্ট্ৰেলিয়াৰ বেটছমেন" মাৰ্নাছ লাবুচানে
"ভাৰতীয় স্পীনাৰৰ জালত বন্দী অষ্ট্ৰেলিয়াৰ বেটছমেন" মাৰ্নাছ লাবুচানে

ভাৰতীয় স্পীনাৰক প্ৰশংসা কেঙ্গাৰু বাহিনীৰ অন্য়তম যুৱ বেটছমেন মাৰ্নাছ লাবুচাইনৰ । অষ্ট্ৰেলিয়া দলটোৱে ৪ টা ইনিংছৰ ভিতৰত ৩ টাতে ক্ৰমে ১৯১, ১৯৫ আৰু ২০০ ৰাণত আটাইকেইটা উইকেট হেৰুৱাইছে । তাৰ ভিতৰত অশ্বিনে দুবাৰ স্মিথ আৰু এবাৰ লাবুচানেক আউট কৰি মুঠ ১০ টা উইকেট ল'বলৈ সক্ষম হৈছে ।

স্পৰ্টছ ডেস্ক, ১ জানুৱাৰী : অষ্ট্ৰেলিয়াৰ ভূমিত অব্য়াহত আছে ভাৰতীয় স্পীনাৰৰ চমকপ্ৰদ প্ৰদৰ্শন । ভাৰতীয় স্পীনাৰৰ হাতৰ যাদুত একপ্ৰকাৰ ধৰাশায়ী কেইবাগৰাকী অষ্ট্ৰেলিয়ান বেটছমেন । এই কথাই যেন স্বীকাৰ কৰিবলৈ বাধ্য় হল অষ্ট্ৰেলিয়ান বেটছমেনে । কেঙ্গাৰু বাহিনীৰ অন্য়তম যুৱ বেটছমেন মাৰ্নাছ লাবুচানে এক সংবাদমেলত ভাৰতীয় স্পীনাৰক প্ৰশংসা কৰা দেখা গ'ল । ভাৰতৰ অভিজ্ঞ স্পীনাৰ ৰবিচন্দ্ৰনন অশ্বিনক প্ৰশংসা কৰি তেওঁ কয় যে অশ্বিনৰ নেতৃত্বত ভাৰতীয় বলাৰসকলে প্ৰথম দুখন টেষ্টত একপ্ৰকাৰ অষ্ট্ৰেলিয়ান বেটছমেনক নিজৰ জালত বন্দী কৰি ৰাখিবলৈ সক্ষম হৈছে ।

উল্লেখ যে অষ্ট্ৰেলিয়া দলটোৱে ৪ টা ইনিংছৰ ভিতৰত ৩ টাতে ক্ৰমে ১৯১ ,১৯৫ আৰু ২০০ ৰাণত আটাইকেইটা উইকেট হেৰুৱাইছে আৰু অশ্বিনে দুবাৰ স্মিথ আৰু এবাৰ লাবুচানেক আউট কৰি মুঠ ১০ টা উইকেট লবলৈ সক্ষম হৈছে ।

২৬ বছৰীয়া লাবুচানে সংবাদমেলত প্ৰশিক্ষক ৰবি সাস্ত্ৰীক উদ্দেশ্য়ি কয় যে তেওঁৰ দলত কেৱল এগৰাকী ভাল বলাৰে নহয় এগৰাকী ভাল বিচাৰকও আছে । অশ্বিনক প্ৰশংসা কৰি তেওঁ কয় যে বাস্তৱ ৰূপত অশ্বিন সম্পূৰ্ণ প্ৰস্তুত হোৱাৰ লগতে এগৰাকী চতুৰ খেলুৱৈ হ'বলৈ চেষ্টা কৰিছে । ইয়াৰওপৰি অশ্বিনৰ গতি আৰু স্পীনত অষ্ট্ৰেলিয়া দলটো ধৰাশায়ী হোৱাৰ লগতে তেওঁ নিজেও কেইবাবাৰ অশ্বিনৰ জালত পৰিছে বুলি স্বীকাৰ কৰিলে । সংবাদমেলত তেওঁ কয় যে ভাৰতীয় বলাৰ সকলৰ আক্ৰমণে ৰাণৰ গতিটো প্ৰভাৱ পেলাইছে যাৰ বাবে দুয়োখন টেষ্টতে অষ্ট্ৰেলিয়াই ২০০তকৈ অধিক ৰাণ কৰিবলৈ সক্ষম নহ'ল ।

সম্পূৰ্ণ অনুশাসনমূলক বলিঙৰ লগতে ভাৰতীয় দলৰ স্পীনাৰ আৰু পেচবলাৰৰ সঠিক লাইন-লেংথৰ বাবে অষ্ট্ৰেলিয়াৰ বেটছমেনক বেকফুটত ৰাখিছে বুলিও স্বীকাৰ কৰে কেঙ্গাৰু বাহিনীৰ অন্য়তম বেটছমেন মাৰ্নাছ লাবুচানেই ।

লগতে পঢ়ক :2020 বৰ্ষৰ ক্ৰীড়াক্ষেত্ৰত অসমৰ সাফল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.