ETV Bharat / sports

অষ্ট্ৰেলিয়া বনাম ভাৰত : ভোজন বিৰতিৰ পৰলৈ 3 টা উইকেট হেৰুৱাই 90 ৰাণ সংগ্ৰহ ভাৰতৰ

author img

By

Published : Dec 27, 2020, 9:40 AM IST

Aus vs Ind
অষ্ট্ৰেলিয়া বনাম ভাৰত

ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয়খন টেষ্ট মেচৰ দ্বিতীয় দিনা দুপৰীয়াৰ আহাৰৰ সময়লৈকে ভাৰতে 3 টা উইকেট হেৰুৱাই 90 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

স্পৰ্টছ ডেস্ক,27 ডিচেম্বৰ : ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত চলি থকা দ্বিতীয়খন টেষ্ট মেচৰ দ্বিতীয় দিনাও নিজৰ দুৰ্দান্ত স্থিতি অটুট ৰাখিছে অষ্ট্ৰেলিয়াৰ অল-ৰাউণ্ডাৰ তথা ফাষ্ট বলাৰ পেট কামিনছে ৷ ভাৰতীয় যুৱ বেটছমেন শুভমন গীলক 45 ৰাণ আৰু টেষ্ট স্পেছিয়েলিষ্ট চেতেশ্বৰ পূজাৰাক মাত্ৰ 17 ৰাণতে আউট কৰে পেট কামিনছে ৷

অৱশ্যে, দুপৰীয়াৰ ভোজন বিৰতিৰ আগলৈকে আজিংক্যা ৰাহানেই 10 ৰাণ আৰু অল-ৰাউণ্ডাৰে 13 ৰাণ সংগ্ৰহ কৰি খেলি আছে ৷ ভাৰতে 3 টা উইকেট হেৰুৱাই 90 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

আনহাতে, প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই 195 ৰাণ সংগ্ৰহ কৰি অল আউট হয় ৷

সংক্ষিপ্ত স্ক’ৰ-

অষ্ট্ৰেলিয়া : প্ৰথম ইনিংছত 72.9 অভাৰত 195 ৰাণ সংগ্ৰহ কৰি অল আউট ৷

ভাৰত : প্ৰথম ইনিংছত 37 অভাৰত 90 ৰাণ সংগ্ৰহ (শুভমন গীল- 45 ৰাণ, পেট কামিনছ- 2/26) ৷

লগতে পঢ়ক : AUS বনাম IND : ৰাহানেৰ নেতৃত্বত মোহিত লক্ষ্মণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.