ETV Bharat / sports

ICC World Cup 2023 : ক্ৰিকেটৰ প্ৰতি অনুৰাগ, ২০ গুণ অধিক মূল্যত টিকট ক্ৰয়ত আপোচ নকৰিলে ৩ অনুৰাগীয়ে

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 6:48 PM IST

ICC World Cup 2023
২০ গুণ অধিক মূল্যত টিকট ক্ৰয়ত আপোচ নকৰিলে ৩ অনুৰাগীয়ে

ক'লা বজাৰত বিশ্বকাপৰ টিকট বিক্ৰীক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে । তাৰ মাজতে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেল চাবলৈ ২০ গুণ বেছি মূল্যত টিকট ক্ৰয় কৰিলে ৩ অনুৰাগীয়ে । দক্ষিণ আফ্ৰিকাৰ ৩ অনুৰাগীৰ ক্ৰিকেটৰ প্ৰতি থকা অনুৰাগো স্পষ্ট হৈছে ।

স্পৰ্টছ ডেস্ক, ৫ নৱেম্বৰ : শেহতীয়া বছৰবোৰত বিশ্বত ক্ৰিকেটৰ সমাদৰ আৰু জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পাইছে । অনুৰাগীসকলে বহু সময়ত ক্ৰিকেটৰ প্ৰতি থকা ভালপোৱা বিভিন্ন ধৰণে বৰ্ণনা কৰিছে । যাৰ বাবে ক্ৰিকেট উপভোগ কৰিবলৈ বা নিজৰ দলটোক সমৰ্থন জনাবলৈ হাজাৰ হাজাৰ কিলোমিটাৰ ভ্ৰমণ কৰি আহিছে অনুৰাগীসকলে । ক্ৰিকেট অনুৰাগীৰ এনে বহু কাহিনী আছে । এইবাৰ চলিত বিশ্বকাপত তেনে এক আকৰ্ষণীয় কাহিনী চৰ্চালৈ আহিছে ।

ইডেন গাৰ্ডেনত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেল চাবলৈ কলকাতালৈ আহিছে দক্ষিণ আফ্ৰিকাৰ ৩ গৰাকী বিশেষ অনুৰাগী । তেওঁলোকক বিশেষ বুলি কোৱাৰ কাৰণ হৈছে তেওঁলোকে টিকটৰ প্ৰকৃত মূল্যতকৈ বহু বেছি মূল্যত টিকট বুকিং কৰিছে । দক্ষিণ আফ্ৰিকাৰ তিনিগৰাকী অনুৰাগীয়ে ২০ গুণ বেছি মূল্যত পৰিশোধ কৰি টিকট ক্ৰয় কৰাৰ তথ্য পোহৰলৈ আহিছে । তেওঁলোকৰ দুগৰাকী ইতিমধ্যে ভাৰতত উপস্থিত হৈছে আৰু তৃতীয়গৰাকী খেলখনৰ পূৰ্বে ভাৰতত উপস্থিত হোৱাৰ কথা আছিল ।

ইফালে চলিত বিশ্বকাপত দক্ষিণ আফ্ৰিকা দলটোৰ বাবে যথেষ্ট আকৰ্ষণীয় হৈছে । দলটোৱে ইতিমধ্যে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । পিটাৰ আৰু জন নামৰ অনুৰাগী দুজনে দলটোৰ উৎকৃষ্ট প্ৰদৰ্শন চাবলৈ লণ্ডনৰ পৰা কলকাতালৈ অহাৰ কথাও স্বীকাৰ কৰিছে । দুয়োগৰাকী শুকুৰবাৰে কলকতাত উপস্থিত হয় আৰু পাৰ্ক ষ্ট্ৰীটৰ এখন হোটেলত নিশা কটাইছে । ইফালে তৃতীয়গৰাকী বন্ধু খেলখন আৰম্ভ হোৱাৰ পূৰ্বে উপস্থিত হোৱাৰ কথা আছিল ।

দুয়োজন ক্ৰিকেট অনুৰাগীয়ে কৈছে যে তেওঁলোকে ইডেন গাৰ্ডেনত তেওঁলোকৰ দলটো বিজয়ী হোৱাটো বিচাৰে । অৱশ্যে ভাৰতীয় দলটোৰ বাবে ঘৰুৱা পিটছত সুবিধা থাকিব বুলিও তেওঁলোকে উল্লেখ কৰে । যদি দক্ষিণ আফ্ৰিকাই টছত জয়ী হয়, প্ৰথমে বেটিং কৰে আৰু ৪০০ ৰাণ সংগ্ৰহ কৰে তেন্তে দলটোৱে মেচখন জয়ী হোৱাৰ এক উপযুক্ত সুযোগ আছে বুলিও উল্লেখ কৰিছিল দুয়োজন অনুৰাগীয়ে ।

দুয়োজনে অৱশ্যে বিৰাট কোহলীকো প্ৰশংসা কৰে । তেওঁলোকে কয় যে আজি বিৰাট কোহলীৰ জন্মদিন । স্বাভাৱিকতে, কোহলীয়ে শতক অৰ্জন কৰিবলৈ চেষ্টা কৰিব । দক্ষিণ আফ্ৰিকাই ভাৰতীয় বেটছমেনৰ মোকাবিলা কৰাৰ উপায় বিচাৰিব লাগিব বুলিও পিটাৰে কয় ।

আনহাতে জনে কয় যে তেওঁ বিৰাট কোহলীৰো অনুৰাগী । তেওঁৰ মতে কেৱল তেওঁলোকেই নহয় গোটেই বিশ্ব বিৰাটৰ অনুৰাগী । খেলপথাৰত তেওঁৰ আধিপত্য, তেওঁৰ আবেগ আৰু তেওঁৰ বেটিং দেখি সকলো অনুৰাগী আপ্লুত হয় । যাৰ বাবে তেওঁ বিৰাটৰ ক্ষেত্ৰত সাৱধান হ'বলৈও দক্ষিণ আফ্ৰিকাক সতৰ্ক কৰি দিয়ে ।

উল্লেখ্য যে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ বহু প্ৰতীক্ষিত খেলখনক লৈ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । টিকটবোৰো অত্যাধিক মূল্যত বিক্ৰী হৈছে আৰু শেহতীয়াকৈ ক'লা বজাৰত টিকট বিক্ৰী হোৱাক লৈ এজন লোকক গ্ৰেপ্তাৰো কৰা হৈছে । আনকি টিকটৰ অবৈধ বিক্ৰী অব্যাহত ৰখাত চিএবিৰ সভাপতি স্নেহাশিশ গাংগুলিৰ ভূমিকাক লৈ কলকাতা আৰক্ষীয়ে উদ্বেগ প্ৰকাশ কৰিছে । কিন্তু তাৰ মাজতে দক্ষিণ আফ্ৰিকাৰ ৩ অনুৰাগীয়ে ২০ গুণ বেছি মূল্যত টিকট ক্ৰয় কৰা বিষয়টোৱে পুনৰ এবাৰ বিতৰ্কৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক :Cricket world cup 2023 : ইডেনত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.