ETV Bharat / sports

Cricket world cup 2023 : ইডেনত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহাৰণ

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 1:45 PM IST

Updated : Nov 5, 2023, 2:57 PM IST

Cricket world cup 2023
ইডেনত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহাৰণ

চলিত বিশ্বকাপত দুয়োটা দলে শক্তিশালী ফৰ্মত আছে । ভাৰত পইণ্ট তালিকাৰ শীৰ্ষত । দক্ষিণ আফ্ৰিকা দ্বিতীয় স্থানত আছে । ইতিমধ্যে ছেমিফাইনেলত দুয়োটা দলে প্ৰৱেশ কৰিছে ।

স্পৰ্টছ ডেস্ক,৫ নৱেম্বৰ : বিশ্বকাপ ২০২৩ৰ ৩৭ নম্বৰ খেলখন ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'ব । এই খেলখন কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অনুষ্ঠিত হ'ব । চলিত বিশ্বকাপত দুয়োটা দলেই শক্তিশালী ফৰ্মত আছে । ভাৰতীয় দলটো এতিয়ালৈকে অপৰাজিত হৈ আছে । ১৪ পইণ্টৰ সৈতে ভাৰতীয় দলটো তালিকাৰ শীৰ্ষত আছে । ভাৰতীয় দলটোৱে যোৱা খেলখনত শ্ৰীলংকাক ৩০২ ৰাণত পৰাস্ত কৰে । ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও একে প্ৰদৰ্শন অব্যাহত ৰাখিব বিচাৰে ।

আনহাতে, পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থকা দক্ষিণ আফ্ৰিকা । দক্ষিণ আফ্ৰিকাই এতিয়ালৈকে চলিত প্ৰতিযোগিতাত মাত্ৰ এখন মেচত পৰাজিত হৈছে । আচৰিতভাৱে নেডাৰলেণ্ডে পৰাস্ত কৰিছিল দলটোক । অন্তিম খন খেলত নিউজীলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰাৰ পাছত দক্ষিণ আফ্ৰিকা অধিক আত্মবিশ্বাসী হৈ উঠিছে আৰু ভাৰতৰ বিৰুদ্ধে তেওঁলোকে কেনে প্ৰদৰ্শন কৰে সেয়া আকৰ্ষণীয় হ'ব ।

দুয়োটা দলৰ মাজত হোৱা পূৰ্বৰ খেলসমূহৰ তথ্যৰ প্ৰতি লক্ষ্য কৰিলে দেখা যাব যে এতিয়ালৈকে দুয়োটা দলৰ মাজত ৯০ খন মেচ হৈছে । য'ত দক্ষিণ আফ্ৰিকাই ৫০ খনত জয়ী হৈছে আৰু ভাৰতে ৩৭ খন মেচত জয়ী হৈছে । ৩ খন খেল বাতিল হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

কলকাতাৰ আইকনিক ইডেন গাৰ্ডেনৰ পিটছখন বেটছমেন আৰু বলাৰ উভয়ৰ বাবে ভাল । পিটছখনে বেটিং আৰু বলিং উভয়কে সহায় কৰিব । এতিয়ালৈকে, বিশ্বকাপ ২০২৩ত ইডেন গাৰ্ডেনত দুখন মেচ অনুষ্ঠিত হৈছে । য'ত বলাৰসকল উপকৃত হোৱা দেখা গৈছে । নেডাৰলেণ্ডে বাংলাদেশৰ বিৰুদ্ধে ২২৯ ৰাণ কৰিছিল আৰু পাকিস্তানে বাংলাদেশৰ বিৰুদ্ধে ২০৫ ৰাণৰ টাৰ্গেট সহজে অনুসৰণ কৰিছিল । ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলখনত ফাষ্ট বলাৰৰ আধিপত্য থকাৰ সম্ভাৱনা আছে । কিন্তু অনুৰাগীসকলে হাই স্ক'ৰিং খেল আশা কৰিব পাৰে কিয়নো দুয়োটা দলে ইতিমধ্যে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে ।

কলকাতাত সাধাৰণতে নৱেম্বৰৰ আশে পাশে বতৰৰ পৰিৱৰ্তন দেখা যায় । সাম্প্ৰতিক বতৰৰ পৰিস্থিতিত দিনটোত আকাশ সামান্য ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে । দিনটোৰ তাপমাত্ৰা প্ৰায় ২৮ ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে বৰষুণৰ মাত্ৰ ৪ শতাংশ সম্ভাৱনা আছে । আৰ্দ্ৰতা ৫১ শতাংশ হ'ব বুলি অনুমান কৰা হৈছে ।

দুয়োটা দলৰ সম্ভাৱ্য প্লেয়িং একাদশ :

ভাৰত : ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেটকিপাৰ), সূৰ্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, মহম্মদ ছামী, জছপ্ৰীত বুমৰাহ, কুলদীপ যাদৱ, মহম্মদ চিৰাজ ।

দক্ষিণ আফ্ৰিকা : কুইন্টন ডি কক (উইকেটকিপাৰ), টেম্বা বাভুমা (অধিনায়ক), ৰাছি ভান ডাৰ ডুছেন, এডেন মাৰ্ক্ৰাম, হেনৰিখ ক্লাসেন, ডেভিড মিলাৰ, মাৰ্কো জেনচেন, গেৰাল্ড কোয়েটজি, কেশৱ মহাৰাজ, কাগিচো ৰাবাডা, লুঙ্গি এনগিডি ।

লগতে পঢ়ক :Happy Birthday Kohli : ইডেনত 'বাৰ্থডে বয়' কোহলীৰ চমক চাবলৈ সাজু অনুৰাগী

Last Updated :Nov 5, 2023, 2:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.