ETV Bharat / sports

নিজৰ মন্তব্যক লৈ অনুশোচনা গাভাস্কাৰৰ

author img

By

Published : Mar 8, 2022, 5:54 PM IST

Sunil Gavaskar on Shane Warne
Sunil Gavaskar on Shane Warne

যোৱা সপ্তাহত শ্বেন ৱাৰ্ণৰ মৃত্যুৰ পাচতে এক মন্তব্য কৰি বিতৰ্কত সোমাই পৰিছিল গাভাস্কাৰ (Sunil Gavaskar in controversy)৷ ইনষ্টাগ্ৰামযোগে এক ভিডিঅ’ আপলোড কৰি এই সমস্ত ঘটনা সন্দৰ্ভত অনুশোচনা ব্যক্ত কৰিছে কিংবদন্তি বেছমেন গৰাকীয়ে ৷

নিউজ ডেস্ক, 8 মাৰ্চ : শ্বেন ৱাৰ্ণ সন্দৰ্ভত কৰা নিজৰ এক মন্তব্যক লৈ অনুশোচনা প্ৰকাশ কৰিছে কিংবদন্তি ভাৰতীয় ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে (Sunil Gavaskar on Shane Warne)৷ যোৱা সপ্তাহত শ্বেন ৱাৰ্ণৰ মৃত্যুৰ পাচতে এক মন্তব্য কৰি বিতৰ্কত সোমাই পৰিছিল গাভাস্কাৰ (Sunil Gavaskar in controversy)৷ এটা বৈদ্যুতিন সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত গাভাস্কাৰে শ্বেন ৱাৰ্ণৰ মৃত্যুত শোক প্ৰকাশ কৰিছিল ৷ কিন্তু অষ্ট্ৰেলিয়ান স্পীনাৰ গৰাকীক শ্ৰেষ্ঠ স্পীনাৰ বুলি ক’ব নোৱাৰি বুলি উল্লেখ কৰিছিল গাভাস্কাৰে ৷

তেওঁ কৈছিল যে, ‘‘নহয় মই তেনেকৈ নাভাৱো ৷ মোৰ বাবে শ্বেন ৱাৰ্ণতকৈ ভাৰতীয় স্পীনাৰ আৰু মুথিয়া মুৰলীধৰণহে শ্ৰেষ্ঠ ৷ কাৰণ ভাৰতৰ সৈতে গঢ়া শ্বেন ৱাৰ্নৰ অভিলেখ অতি সাধাৰণ ৷ ভাৰতত তেওঁ এবাৰেই নাগপুৰত পাঁচটা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ৷ এই মন্তব্যৰ পাচতেই সমালোচনাৰ সন্মুখীন হৈছিল গাভাস্কাৰ ৷ কিন্তু ইনষ্টাগ্ৰামযোগে এক ভিডিঅ’ আপলোড কৰি এই সমস্ত ঘটনা সন্দৰ্ভত অনুশোচনা ব্যক্ত কৰিছে কিংবদন্তি বেছমেন গৰাকীয়ে ৷

উল্লেখ্য যে, টেষ্ট ক্ৰিকেটত বিশ্বৰ দ্বিতীয়গৰাকী সৰ্বাধিক উইকেট দখলকাৰী হৈছে শ্বেন ৱাৰ্ণে ৷ তেওঁ 293 খন টেষ্ট মেছত 708 টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ৷ ক্ৰিকেট ইতিহাসত মুথিয়া মুৰলীধৰণে 800 উইকেট দখল কৰি শীৰ্ষ স্থানত অধিষ্ঠিত হৈ আছে ৷

লগতে পঢ়ক : শ্বেন ৱাৰ্ণক শ্ৰেষ্ঠ স্পীনাৰ বুলি ক’ব নোখোজে সুনীল গাভাস্কাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.