ETV Bharat / sports

Cricket World Cup 2023 :চলিত ক্ৰিকেট বিশ্বকাপত অভিলেখ ভঙা-গঢ়াৰ সোঁত; এই পৰ্যন্ত ৭ টা ৰেকৰ্ড

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 1:48 PM IST

চলিত বিশ্বকাপৰ অষ্টম মেচলৈকে ৭ টা ৰেকৰ্ড
Cricket World Cup 2023

মঙলবাৰে নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত মহম্মদ ৰিজৱানে শ্ৰীলংকাৰ বিৰুদ্ধে বিজয়ী ৰাণ সংগ্ৰহ কৰাৰ পিছতে পাকিস্তানে বিশ্বকাপৰ ৰেকৰ্ড বুকত নাম সন্নিৱিষ্ট কৰে । ৫ অক্টোবৰৰ পৰা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰম্ভ হোৱা চলিত ক্ৰিকেট বিশ্বকাপত মঙলবাৰলৈকে আঠখন মেচ অনুষ্ঠিত হৈছে ।

স্পৰ্টছ ডেস্ক, ১১ অক্টোবৰ : চলিত ক্ৰিকেট বিশ্বকাপৰ নৱমখন মেচত বুধবাৰে নিজৰ দ্বিতীয়খন লীগ মেচত আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ভাৰত । কিন্তু ৫ অক্টোবৰৰ পৰা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰম্ভ হোৱা চলিত ক্ৰিকেট বিশ্বকাপৰ আঠখন মেচত বহুকেইটা অভিলেখ সৃষ্টি হৈছে ।

মঙলবাৰে নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত মহম্মদ ৰিজৱানে শ্ৰীলংকাৰ বিৰুদ্ধে বিজয়ী ৰাণ সংগ্ৰহ কৰাৰ পিছতে পাকিস্তানে বিশ্বকাপৰ ৰেকৰ্ড বুকত নাম সন্নিৱিষ্ট কৰে । ইয়াৰ উপৰি বহুকেইটা ৰেকৰ্ড ভংগ হোৱাৰ লগতে কেইবাটাও ৰেকৰ্ড সৃষ্টি হৈছে । চাওঁ আহক এবাৰ চলিত বিশ্বকাপত এতিয়ালৈকে সৃষ্টি হোৱা ৰেকৰ্ডসমূহ কি কি ।

১. দক্ষিণ আফ্ৰিকাই নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে ৪২৮ ৰাণ সংগ্ৰহ কৰে । এইটো হৈছে বৰ্তমানলৈকে বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক দলীয় স্ক'ৰ ।

২. দক্ষিণ আফ্ৰিকাৰ এডেন মাৰ্ক্ৰামে বিশ্বকাপত দ্ৰুততম শতক অৰ্জন কৰে । তেওঁ লীগ মেচত অৰুণ জেটলী ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে এই কৃতিত্ব অৰ্জন কৰে । তেওঁ মাত্ৰ ৪৯ টা বলতে শতক অৰ্জন কৰি এই পৰ্যন্ত দ্ৰুততম শতক অৰ্জনকাৰী হিচাপে পৰিগণিত হৈছে ।

৩. দক্ষিণ আফ্ৰিকা বনাম শ্ৰীলংকাৰ মেচত আন এটা অভিলেখ সৃষ্টি হয় । বিশ্বকাপৰ এখন মেচত দুয়োটা ইনিংছ মিলাই সৰ্বাধিক ৰাণৰ অভিলেখ সৃষ্টি হয় মেচখনত । উক্ত মেচখনত দুয়োটা দলৰ মিলাই মুঠ ৭৫৪ ৰাণ সংগ্ৰহ কৰা হৈছিল ।

৪. মঙলবাৰে পাকিস্তানে বিশ্বকাপৰ ইতিহাসৰ সৰ্বোচ্চ লক্ষ্য অনুসৰণ কৰে । মহম্মদ ৰিজৱান আৰু আব্দুল্লাহ চফিকৰ শতকৰ বাবে পাকিস্তানে এক ৰোমাঞ্চকৰ প্ৰতিযোগিতাত ৩৪৫ ৰাণৰ বিজয় লক্ষ্য অতিক্ৰম কৰে । ইয়াৰ পূৰ্বে নেদাৰলেণ্ডৰ হাতত আছিল এই অভিলেখ । ২০১১ চনত বেংগালুৰুত অনুষ্ঠিত বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ৩২৮ ৰাণৰ বিজয় লক্ষ্যত উপনীত হৈছিল নেদাৰলেণ্ড ।

৫. পাকিস্তান বনাম শ্ৰীলংকা মেখন বিশ্বকাপৰ ইতিহাসৰ আন এক প্ৰথম উদাহৰণ আছিল । মেচখনত দুয়োটা দলৰ পৰা চাৰিটাকৈ শতক আহে । শ্ৰীলংকাৰ হৈ কুশল মেণ্ডিছ আৰু এছ চাদিৰা সামাৰাৱিক্ৰমাই শতক অৰ্জন কৰাৰ বিপৰীতে পাকিস্তানৰ হৈ আব্দুল্লাহ চফিক আৰু মহম্মদ ৰিজৱানে শতক অৰ্জন কৰে । ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকা বনাম শ্ৰীলংকা মেচখন প্ৰথম মেচ আছিল, য'ত প্ৰথমবাৰৰ বাবে এটা দলৰ পৰা তিনিটা শতক আহে । বিশ্বকাপৰ মেচত কুইণ্টন ডি কক, ৰছি ভান ডাৰ ডুছেন আৰু এডেন মাৰ্ক্ৰামে শতক অৰ্জন কৰি ৰেকৰ্ড সৃষ্টি কৰিছিল ।

৬. হায়দৰাবাদৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত মঙলবাৰে নিশা মহম্মদ ৰিজৱানৰ অপৰাজিত ১৩১ ৰাণ এদিনীয়াত এজন পাকিস্তানী উইকেটৰক্ষকৰ দ্বাৰা সৰ্বাধিক স্ক'ৰ আছিল । তেওঁ কামৰান আকমলৰ হাতত থকা অভিলেখ অতিক্ৰম কৰে । ২০০৫ চনত ব্ৰিছবেনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১২৪ ৰাণ কৰিছিল আকমলে ।

৮. পাকিস্তান হৈছে বৰ্তমানলৈকে বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে খেলা আঠখন খেলতে জয়লাভ কৰা দল, যিটো নিজেই এক অভিলেখ ।

ক্ৰিকেট-উন্মাদ অনুৰাগীসকলে আশা কৰিব যে চলিত ক্ৰিকেট বিশ্বকাপৰ সময়ত অধিক অভিলেখ ভঙা-গঢ়া হ'ব ।

লগতে পঢ়ক :Cricket World Cup 2023: বাংলাদেশৰ বিৰুদ্ধে ১৩৭ ৰানৰ বিশাল ব্যৱধানত জয় ইংলেণ্ডৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.