ETV Bharat / sports

ফাইনেলৰ দিনা নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিচিচিআইৰ বৰ্ণিল কাৰ্যসূচী

author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 4:55 PM IST

Cricket world cup 2023
ফাইনেলৰ দিনা নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত বিচিচিআইৰ বৰ্ণিল কাৰ্যসূচী

আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩ৰ ফাইনেলখন অধিক আকৰ্ষণীয় কৰি তুলিব শিল্পীসকলে । ভাৰতীয় বায়ু সেনাৰ এয়াৰ শ্ব'ৰ লগতে লেজাৰ এণ্ড লাইট শ্বৰ আয়োজন কৰিছে বিচিচিআইয়ে ।

স্পৰ্টছ ডেস্ক,১৮ নৱেম্বৰ : আহমেদাবাদস্থিত বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আইচিচি এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেল । ১ লাখ ৩০ হাজাৰ দৰ্শকৰ সন্মুখত হাই ভল্টেজ খেলখন দেওবাৰে অনুষ্ঠিত হ'ব । এই ফাইনেল খেলখন ৰঙীণ হৈ পৰিব । কিয়নো বহু শিল্পীয়ে কলা প্ৰদৰ্শনৰো সুযোগ লাভ কৰিব । ইতিমধ্যে বিচিচিআইয়ে শিল্পীসকলৰ তালিকা আৰু অনুষ্ঠানৰ সময়সূচী ঘোষণা কৰিছে ।

চূড়ান্ত খেলখনৰ কাৰ্যসূচী ৪ টা ভাগত বিভক্ত কৰা হৈছে । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ চূড়ান্ত খেলখনৰ বাবে প্ৰাক-মেচ উদযাপন ৰখা হ'ব । যিটো টছৰ পিছত আৰু খেল আৰম্ভ হোৱাৰ পূৰ্বে হ'ব । প্ৰাক-মেচ উদযাপনৰ বাবে ভাৰতীয় বায়ু সেনাৰ এৰোবেটিক দলে এয়াৰ শ্ব'ৰ আয়োজন কৰিব । এই অনুষ্ঠানটো মাত্ৰ ১৫ মিনিটৰ বাবে হ'ব ।

  • It doesn't get any bigger than this 👌👌

    The ICC Men's Cricket World Cup 2023 Final is filled with stellar performances and an experience of a lifetime 🏟️👏#CWC23 pic.twitter.com/nSoIxDwXek

    — BCCI (@BCCI) November 18, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ চূড়ান্ত খেলখনৰ প্ৰথম ড্ৰিংকছ ব্ৰেকত কণ্ঠশিল্পী আদিত্য গাধৱীয়ে গীত পৰিৱেশন কৰিব । এটা ইনিংছ সম্পূৰ্ণ হোৱাৰ পাছত শিল্পী প্ৰীতম চক্ৰৱৰ্তী, জোনিতা গান্ধী, নাকাশ আজিজ, অমিত মিশ্ৰ, আকাশা সিং আৰু তুষাৰ যোশীয়ে গীত পৰিৱেশন কৰিব । তাৰ পিছত, দ্বিতীয় ইনিংছৰ ড্ৰিংকছ ব্ৰেকত 'লেজাৰ এণ্ড লাইট শ্ব'ৰ আয়োজন কৰা হ'ব । প্ৰায় ১ লাখ ৩০ হাজাৰ দৰ্শকে ষ্টেডিয়ামত গুৰুত্বপূৰ্ণ খেলখনৰ উপৰিও সাংস্কৃতিক কাৰ্যসূচীও উপভোগ কৰিব ।

আন এক প্ৰতিবেদনত কোৱা হৈছে যে আইচিচিয়ে বিশ্বকাপৰ ফাইনেলত বিশিষ্ট অতিথি হিচাপে বিশ্বকাপ বিজয়ী সকলো অধিনায়কক আমন্ত্ৰণ জনাইছে । ভাৰতৰ দুগৰাকী বিশ্বকাপ বিজয়ী অধিনায়ক এম এছ ধোনী আৰু কপিল দেৱৰ লগতে ক্লাইব লয়ড, এলন বৰ্ডাৰ, ৰিকি পন্টিং, ইয়ন মৰ্গানো উপস্থিত থাকিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :প্ৰথম লীগ মেচৰ পৰা ফাইনেললৈ বিশ্বকাপ ২০২৩ ত ভাৰতৰ বিজয় পৰিক্ৰমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.