ETV Bharat / sports

WTC ফাইনেল: আজি সমুখ সমৰত ভাৰত-নিউজিলেণ্ড

author img

By

Published : Jun 19, 2021, 4:51 PM IST

WTC Final: New Zealand win toss, elect to field against India
WTC ফাইনেল: আজি সমুখ সমৰত ভাৰত-নিউজিলেণ্ড

টেষ্ট মেচৰ ৱৰ্ল্ড কাপ হিচাপে অভিহিত কৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল (World Test Championship final)ত ক্ৰিকেটৰ শীৰ্ষস্থানৰ দল দুটাৰ নেতৃত্ব বহন কৰিছে বিৰাট কোহলী (Virat Kohli) আৰু কেন উইলিয়ামছনে (Kane Williamson) ।

স্প'ৰ্টছ ডেস্ক, 19 জুন : বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল(World Test Championship final) খেলখনত শনিবাৰে নিউজিলেণ্ডে (New Zealand) টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । লণ্ডনৰ চাউদাম্পটনত অনুষ্ঠিত আইচিচিৰ টেষ্ট ট্ৰফীৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলখনৰ প্ৰথম দিনটো ক্ৰিকেট অনুৰাগীসকলৰ বাবে এক ডাঙৰ ৰোমাঞ্চকৰ দিন হ'ব লাগিছিল ৷ কিন্তু প্ৰথমদিনৰ খেল বৰষুণৰ বাবে টচৰ পূৰ্বে স্থগিত ৰাখিবলগা হয় ৷ খেলখন দ্বিতীয় পৰ্যায়ত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7.30 বজাত টচ কৰিবপৰা যাব বুলি ধাৰণা কৰা হৈছিল যদিও ভাৰতীয় সময় অনুসৰি 7.10 বজাত পুনৰ বৰষুণ আৰম্ভ হোৱাত খেলখন বাতিল কৰিবলগা হয় ৷

শনিবাৰে দ্বিতীয় দিনৰ খেলৰ টচত জিকি নিউজিলেণ্ডে (New Zealand) অধিনায়ক কেন উইলিয়ামছনে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ৷ টেষ্ট মেচৰ ৱৰ্ল্ড কাপ হিচাপে অভিহিত কৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল(World Test Championship final) ত ক্ৰিকেটৰ শীৰ্ষস্থানৰ দল দুটাৰ নেতৃত্ব বহন কৰিছে বিৰাট কোহলী(Virat Kohli) আৰু কেন উইলিয়ামছনে(Kane Williamson) । বিৰাট কোহলী(Virat Kohli) ৰ নেতৃত্বত ভাৰতীয় দলটোত স্থান লাভ কৰিছে শুভমান গীল, ৰোহিত শৰ্মা, চেতেশ্বৰ পূজাৰা, আজিংক্য ৰাহানে, ঋষভ পন্ত (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাদেজা, আৰ অশ্বীন, ঈশান্ত শৰ্মা, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছামী । আনহাতে কেন উইলিয়ামছন (Kane Williamson)ৰ নেতৃত্বাধীন নিউজিলেণ্ড (New Zealand)ৰ দলটোত আছে টম লাথাম, দেৱুন কনৱে, ৰছ টেইলৰ, হেনৰী নিকোলছ, বিজে ৱাটলিং (উইকেটকীপাৰ), কলিন ডি গ্ৰেণ্ডহোম, কাইল জেমিচন, নীল ৱাগনাৰ, টিম চাউদি, ট্ৰেণ্ট ব'ল্ট ।

লগতে পঢ়ক : World Test Championship final ৰ প্ৰথম দিনৰ খেল বাতিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.