ETV Bharat / sports

পৰিৱৰ্তিত ইংলেণ্ড আৰু ভাৰত বিশ্বকাপৰ 'ফেভাৰেট': পিটাৰছেন

author img

By

Published : May 30, 2019, 9:17 PM IST

কেভিন পিটাৰছেন

বিশ্বকাপ ক্ৰিকেট, 2019ৰ বাবে পৰিৱৰ্তিত ইংলেণ্ড আৰু ভাৰত দলক বিশ্বকাপৰ 'ফেভাৰেট' হিচাপে ঘোষণা কৰিছে ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কেভিন পিটাৰছেনে ৷ ইয়াৰোপৰি অষ্ট্ৰেলিয়া দলক 'ডাৰ্ক হৰ্ছ' আৰু ৱেষ্ট ইণ্ডিজ দলক 'আনপ্ৰেডিক্টেবল' বুলি দাবী কৰিছে পিটাৰছেনে ৷

নিউজ ডেস্ক, 30 মে': ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কেভিন পিটাৰছেনে বিশ্বকাপ, 2019ৰ 'ফেভাৰেট' আয়োজক ইংলেণ্ড আৰু ভাৰত বুলি মন্তব্য কৰিছে ৷ এই দুই দলৰ নাম ল'লেও 'ডাৰ্ক হৰ্ছ' অষ্ট্ৰেলিয়া আৰু 'আনপ্ৰেডিক্টেবল' ৱেষ্ট ইণ্ডিজেও প্ৰতিযোগিতাত বাজি মৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি দাবী কৰে তেওঁ ৷ ইংলেণ্ড দলৰ বৰ্তমানৰ অধিনায়ক ইয়ন মৰ্গানৰ সৈতে পূৰ্বে খেলা পিটাৰছেনে অধিনায়ক গৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰাৰ লগতে জনাই যে,মৰ্গানে ইংলেণ্ড দলটোক সম্পূৰ্ণৰূপে সলাই পেলাইছে ৷

ETV BHARAT ASSAM
কেভিন পিটাৰছেন
38 বৰ্ষীয় পিটাৰছেনে বিশ্বকাপৰ বিজেতা সম্পৰ্কত মন্তব্য কৰে যে, ইংলেণ্ডে প্ৰথম বাৰৰ বাবে বিশ্বকাপ দখল কৰিবলৈ সক্ষম হ'ব ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত বিশ্বকাপৰ প্ৰথমখন মেচ ইতিমধ্যে আৰম্ভ হৈছে ৷
ETV BHARAT ASSAM
কেভিন পিটাৰছেন
TRANSFORMED ENGLAND AND INDIA ARE FAVOURITES : PIETERSEN

পৰিৱৰ্তিত ইংলেণ্ড আৰু ভাৰত বিশ্বকাপৰ 'ফেভাৰেট' : পিটাৰছেন

নিউজ ডেস্ক, 30 মে': ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কেভিন পিটাৰছেনে বিশ্বকাপ, 2019 ৰ 'ফেভাৰেট' আয়োজক ইংলেণ্ড আৰু ভাৰত বুলি মন্তব্য কৰিছে ৷ এই দুই দলৰ নাম ল'লেও 'ডাৰ্ক হৰ্ছ' অষ্ট্ৰেলিয়া আৰু 'আনপ্ৰেডিক্টেবল' ৱেষ্ট ইণ্ডিজেও প্ৰতিযোগিতাত বাজি মৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি দাবী কৰে তেওঁ ৷ ইংলেণ্ড দলৰ বৰ্তমানৰ অধিনায়ক ইয়ন মৰ্গানৰ সৈতে পূৰ্বে খেলা পিটাৰছেনে অধিনায়ক গৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰাৰ লগতে জনাই যে, মৰ্গানে ইংলেণ্ড দলটোক সম্পূৰ্ণৰূপে সলাই পেলাইছে ৷

38 বৰ্ষীয় পিটাৰছেনে বিশ্বকাপৰ বিজেতা সম্পৰ্কত মন্তব্য কৰে যে, ইংলেণ্ডে প্ৰথম বাৰৰ বাবে বিশ্বকাপ দখল কৰিবলৈ সক্ষম হ'ব ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত বিশ্বকাপৰ প্ৰথম খন মেচ ইতিমধ্যে আৰম্ভ হৈছে ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.