ETV Bharat / sports

অনুশীলনত ব্যস্ত ভাৰতীয় দলঃ ফিল্ডিং শক্তিশালী কৰাত মনোনিৱেশ

author img

By

Published : Jun 2, 2019, 12:10 PM IST

অনুশীলন চলালে ভাৰতীয় দলে

৫ জুনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে যুঁজৰ পূৰ্বে কঠোৰ অনুশীলন অব্যাহত ৰাখিছে ভাৰতীয় দলৰ খেলুৱৈ সকলে । প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ তত্বাৱধানত দলৰ সদস্য সকলে বলিং আৰু বেটিং অনুশীলন কৰে ।

নিউজ ডেস্ক, ২ জুন : শনিবাৰে ৰ'জ বল ষ্টেডিয়ামত ভাৰতীয় ক্ৰিকেট দলে দ্বিতীয় পৰ্যায়ৰ অনুশীলনত ভাগ লয় । প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ তত্বাৱধানত ফিল্ডিঙত মনোনিৱেশ কৰা দেখা যায় দলটোৰ সদস্যসকলক । প্ৰশিক্ষণৰ লগতে খেল সম্পৰ্কীয় বিভিন্ন আলোচনাটো ভাগ লয় ভাৰতীয় দলৰ সদস্যসকলে । এই অনুশীলনৰ সময়ত অধিনায়ক বিৰাট কোহলীৰ লগতে এম এছ ধোনী, য়ুজবেন্দ্ৰ ছাহাল, জছপ্ৰীত বুমৰাহ আৰু ভূৱনেশ্বৰ কুমাৰকো কঠোৰ পৰিশ্ৰম কৰা দেখা যায় ।

অনুশীলন চলালে ভাৰতীয় দলে

ইয়াৰ উপৰি ৰোহিত শৰ্মা, শিখৰ ধাৱান আৰু কে. এল. ৰাহুলক নেটত বেটিং অনুশীলন কৰা পৰিলক্ষিত হয় । হাৰ্ডিক পাণ্ডিয়াই বলিং অনুশীলন কৰাৰ লগতে পূৰ্বৰ অনুশীলনত অনুপস্থিত কুলদীপ যাদৱ সুস্থ হৈ উঠাৰ লগতে বলিং অনুশীলনত অংশ লয় । উল্লেখ্য যে, বিশ্বকাপৰ প্ৰথমখন মেচত ৫ জুন তাৰিখে ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে যুঁজত নামিব ।

ETV BHARAT ASSAM
অনুশীলন চলালে ভাৰতীয় দলে
INDIA FOCUSED ON FIELDING DURING PRACTICE SESSION

অনুশীলন চলালে ভাৰতীয় দলে : ফিল্ডিঙত মনোনিৱেশ

নিউজ ডেস্ক, ২ জুন : শনিবাৰে ৰ'জ বল ষ্টেডিয়ামত ভাৰতীয় ক্ৰিকেট দলে দ্বিতীয় পৰ্যায়ৰ অনুশীলনত ভাগ লয় । প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ তত্বাৱধানত ফিল্ডিঙত মনোনিৱেশ কৰা দেখা যায় দলটোৰ সদস্যসকলক । প্ৰশিক্ষণৰ লগতে খেল সম্পৰ্কীয় বিভিন্ন আলোচনাটো ভাগ লয় ভাৰতীয় দলৰ সদস্যসকলে । এই অনুশীলনৰ সময়ত অধিনায়ক বিৰাট কোহলীৰ লগতে এম এছ ধোনী, য়ুজবেন্দ্ৰ ছাহাল, জছপ্ৰীত বুমৰাহ আৰু ভূৱনেশ্বৰ কুমাৰকো কঠোৰ পৰিশ্ৰম কৰা দেখা যায় ।

ইয়াৰ উপৰি ৰোহিত শৰ্মা, শিখৰ ধাৱান আৰু কে. এল. ৰাহুলক নেটত বেটিং অনুশীলন কৰা পৰিলক্ষিত হয় । হাৰ্ডিক পাণ্ডিয়াই বলিং অনুশীলন কৰাৰ লগতে পূৰ্বৰ অনুশীলনত অনুপস্থিত কুলদীপ যাদৱ সুস্থ হৈ উঠাৰ লগতে বলিং অনুশীলনত অংশ লয় । উল্লেখ্য যে, বিশ্বকাপৰ প্ৰথমখন মেচত ৫ জুন তাৰিখে ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে যুঁজত নামিব ।

SOURCE- ANI 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.