ETV Bharat / sports

বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিব নতুন বিশ্ববিজেতা

author img

By

Published : Jul 14, 2019, 12:52 PM IST

ইংলেণ্ড বনাম নিউজিলেণ্ড

ল'ৰ্ডছত দেওবাৰে অনুষ্ঠিত হ'ব বিশ্বকাপ ক্ৰিকেট, 2019 ৰ ফাইনেল মেচ ৷ প্ৰথমটো বিশ্বকাপ খিতাপ দখলৰ লক্ষ্যৰে নামিব ইংলেণ্ড আৰু নিউজিলেণ্ড ৷

স্পৰ্টছ ডেস্ক, 14 জুলাই : দেওবাৰে ল'ৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডে প্ৰত্যক্ষ কৰিব বিশ্বকাপ ক্ৰিকেট, 2019 ৰ এক নতুন বিশ্ববিজয়ী দল ৷ বিয়লি 3 বজাৰ পৰা বিশ্বকাপৰ ফাইনেলত মুখামুখি হ'ব ইয়ন মৰ্গান নেতৃত্বাধীন ইংলেণ্ড আৰু কেন উইলিয়ামছন নেতৃত্বাধীন নিউজিলেণ্ড দল ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিশ্বকাপ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই এই দুয়োটা দল ৷ 45 দিনত 10 টা বিশ্বমানৰ দলে তুমুল যুঁজত অৱতীৰ্ণ হোৱাৰ পাছতে বিশ্ববাসীয়ে লাভ কৰিব এক নতুন বিশ্বজয়ী দল ৷

ETV BHARAT ASSAM
ইংলেণ্ড বনাম নিউজিলেণ্ড

আয়োজক দল ইংলেণ্ডে এই টুৰ্ণামেন্টৰ ফাইনেলত প্ৰৱেশৰ বাবে 27 টাকৈ বছৰ অপেক্ষা কৰিব লগা হৈছিল ৷ ইয়াৰ পূৰ্বে 1979, 1987 আৰু 1992 ত বিশ্বকাপ দখল কৰিবলৈ অসমৰ্থ হোৱা দলটোৱে এইবাৰ ইয়ন মৰ্গানৰ নেতৃত্বত নতুন ৰূপত আত্মপ্ৰকাশ ঘটাইছে ৷ ইয়াৰ উপৰি, গ্ৰুপ পৰ্যায়ত পইন্ট তালিকাৰ চতুৰ্থ স্থানত থকা দলটোৱে বিশ্বকাপৰ ছেমি ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়া দলক বিধস্ত কৰি ফাইনেলৰ বাট প্ৰশস্ত কৰিছিল ৷

ETV BHARAT ASSAM
ইংলেণ্ড বনাম নিউজিলেণ্ড

আনহাতে, বিশ্বকাপৰ আন খন ছেমি ফাইনেলত দুৰ্দান্ত ফৰ্মেৰে পইন্ট তালিকাৰ শীৰ্ষ স্থান দখল কৰা ভাৰতক পৰাস্ত কৰি ফাইনেলৰ বাট মুকলি কৰে নিউজিলেণ্ডে ৷ কেন উইলিয়ামছন নেতৃত্বাধীন দলটোৱে বেটিং, বলিং আৰু ফিল্ডিং তিনিওটা দিশতে উন্নত প্ৰদৰ্শন অব্যাহত ৰাখিছে ৷ ফাইনেল মেচত দলৰ বেটিং সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব অধিনায়ক উইলিয়ামছন আৰু ৰ'ছ টেইলৰৰ ওপৰত ৷ তাৰোপৰি, ল'কি ফাৰ্গুছন, মেট হেনৰী আৰু ট্ৰেন্ট ব'ল্টৰ বিধংসী বলিঙেৰে ইংলেণ্ড দলক চাপত ৰখাৰ চেষ্টা কৰিব 2015 বিশ্বকাপৰ ফাইনেলিষ্ট দলটোৱে ৷

বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিব নতুন বিশ্ববিজেতা
ENGLAND - NEW ZEALAND BATTLE FOR MAIDEN WORLD CUP TITLE

বিশ্বকাপ ইতিহাসৰ প্ৰথমটো খিতাপ দখলৰ লক্ষ্যৰে ইংলেণ্ড - নিউজিলেণ্ড

স্পৰ্টছ ডেস্ক, 14 জুলাই : দেওবাৰে ল'ৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডে প্ৰত্যক্ষ কৰিব বিশ্বকাপ ক্ৰিকেট, 2019 ৰ এক নতুন বিশ্ববিজয়ী দল ৷ বিয়লি 3 বজাৰ পৰা বিশ্বকাপৰ ফাইনেলত মুখামুখি হ'ব ইয়ন মৰ্গান নেতৃত্বাধীন ইংলেণ্ড আৰু কেন উইলিয়ামছন নেতৃত্বাধীন নিউজিলেণ্ড দল ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিশ্বকাপ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই এই দুয়োটা দল ৷ 45 দিনত 10 টা বিশ্বমানৰ দলে তুমুল যুঁজত অৱতীৰ্ণ হোৱাৰ পাছতে বিশ্ববাসীয়ে লাভ কৰিব এক নতুন বিশ্বজয়ী দল ৷

আয়োজক দল ইংলেণ্ডে এই টুৰ্ণামেন্টৰ ফাইনেলত প্ৰৱেশৰ বাবে 27 টাকৈ বছৰ অপেক্ষা কৰিব লগা হৈছিল ৷ ইয়াৰ পূৰ্বে 1979, 1987 আৰু 1992 ত বিশ্বকাপ দখল কৰিবলৈ অসমৰ্থ হোৱা দলটোৱে এইবাৰ ইয়ন মৰ্গানৰ নেতৃত্বত নতুন ৰূপত আত্মপ্ৰকাশ ঘটাইছে ৷ ইয়াৰ উপৰি, গ্ৰুপ পৰ্যায়ত পইন্ট তালিকাৰ চতুৰ্থ স্থানত থকা দলটোৱে বিশ্বকাপৰ ছেমি ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়া দলক বিধস্ত কৰি ফাইনেলৰ বাট প্ৰশস্ত কৰিছিল ৷

আনহাতে, বিশ্বকাপৰ আন খন ছেমি ফাইনেলত দুৰ্দান্ত ফৰ্মেৰে পইন্ট তালিকাৰ শীৰ্ষ স্থান দখল কৰা ভাৰতক পৰাস্ত কৰি ফাইনেলৰ বাট মুকলি কৰে নিউজিলেণ্ডে ৷ কেন উইলিয়ামছন নেতৃত্বাধীন দলটোৱে বেটিং, বলিং আৰু ফিল্ডিং তিনিওটা দিশতে উন্নত প্ৰদৰ্শন অব্যাহত ৰাখিছে ৷ ফাইনেল মেচত দলৰ বেটিং সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব অধিনায়ক উইলিয়ামছন আৰু ৰ'ছ টেইলৰৰ ওপৰত ৷ তাৰোপৰি, ল'কি ফাৰ্গুছন, মেট হেনৰী আৰু ট্ৰেন্ট ব'ল্টৰ বিধংসী বলিঙেৰে ইংলেণ্ড দলক চাপত ৰখাৰ চেষ্টা কৰিব 2015 বিশ্বকাপৰ ফাইনেলিষ্ট দলটোৱে ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.