ETV Bharat / sports

বিশ্বকাপৰ বাবে 16 জনীয়া দল বিচাৰিছিল ৰবি শাস্ত্ৰীয়ে

author img

By

Published : Apr 18, 2019, 8:28 AM IST

বিশ্বকাপৰ বাবে 16 জনীয়া দল বিচাৰিছিল ৰবি শাস্ত্ৰীয়ে

বিশ্বকাপৰ বাবে 15 জনীয়া ভাৰতীয় ক্ৰিকেট দলৰ সদস্য ঘোষণা হোৱাৰ পিচতেই ৰবি শাস্ত্ৰীৰ মন্তব্য 15 জনীয়া সদস্যৰ বিপৰীতে অনুমতি পালে 16 জনীয়া সদস্যৰ দল ঘোষণা হ’লহেতেন ৷

স্পৰ্টছ ডেস্ক, 18 এপ্ৰিলঃ আগন্তুক 30 মে’ৰ পৰা ইংলেণ্ডত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় ক্ৰিকেট দল ৷ এম এছ কে প্ৰসাদৰ অধ্যক্ষতাত সোমবাৰে 15 জনীয়া সদ্যসৰ দল ঘোষণা কৰা হয় ৷ 15 জনীয়া সদস্যত আম্বাতী ৰাইডু আৰু ঋষভ পন্তক স্থান নিদিয়াক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পাচতেই মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ মন্তব্য, দল নিৰ্বাচন সন্দৰ্ভত তেওঁ সোমাব নিবিচাৰে ৷

ETV BHARAT ASSAM
বিশ্বকাপৰ বাবে 16 জনীয়া দল বিচাৰিছিল ৰবি শাস্ত্ৰীয়ে

যদিহে 15 জন সদস্যই নিৰ্ধাৰণ কৰিবলগীয়া হয় তেন্তে কোনোবা বাদ পৰাটো স্বাভাৱিক ৷ তেওঁৰ ইচ্ছা আছিল 16 জনীয়া সদস্যৰ দল ঘোষণা কৰাৰ ৷ কিন্তু সেইয়া অনুমতি নাছিল বুলি উল্লেখ কৰে শাস্ত্ৰীয়ে ৷ অৱশ্যে এতিয়াও কোনো খেলুৱৈয়ে নিৰাশ হোৱাৰ প্ৰয়োজন নাই ৷ যদিহে দুৰ্ভাগ্য ক্ৰমে কোনোবা খেলুৱৈ বিশ্বকাপৰ মাজত আঘাতৰ সন্মুখীন হয় তেন্তে নিশ্চিত ভাৱে আন খেলুৱৈক সেই স্থানত সুযোগ দিয়া হ’ব বুলি উল্লেখ কৰে ৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.