ETV Bharat / sports

তিনিখনীয়া টেষ্ট ছিৰিজৰ বাবে ইংলেণ্ডলৈ ৰাওনা ৱেষ্ট ইণ্ডিজ দল

author img

By

Published : Jun 9, 2020, 2:01 PM IST

তিনিখনীয়া টেষ্ট ছিৰিজৰ বাবে ইংলেণ্ডলৈ ৰাওনা ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দল ৷ ছাউথেম্পটনত (8-12 জুলাই) প্ৰথম টেষ্ট, অল্ড ট্ৰেফৰ্ডত (16-20 জুলাই) দ্বিতীয় টেষ্ট আৰু মানচেষ্টাৰত (24-28 জুলাই) তৃতীয় টেষ্ট অনুষ্ঠিত হ'ব ৷

এন্টিগুৱাৰ পৰা ইংলেণ্ডলৈ ৰাওনা
তিনিখনীয়া টেষ্ট ছিৰিজৰ বাবে ইংলেণ্ডলৈ ৰাওনা ৱেষ্ট ইণ্ডিজ দল

স্পৰ্টছ ডেস্ক, 9 জুন : 8 জুলাইৰ পৰা ইংলেণ্ডত আৰম্ভ হ'বলগা তিনিখনীয়া টেষ্ট ছিৰিজৰ বাবে এন্টিগুৱাৰ পৰা ইংলেণ্ডলৈ ৰাওনা হৈছে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দল ৷

ৱেষ্ট ইণ্ডিজ ক্ৰিকেট বৰ্ডৰ (CWI) মতে, দুখন চাৰ্টাৰ্ড বিমানেৰে দেশৰ বিভিন্ন অঞ্চলৰ পৰা খেলুৱৈ আৰু অন্যান্য কৰ্মচাৰীসকলক লৈ সোমবাৰে সন্ধিয়া সময়ত দলটো ইংলেণ্ডলৈ উৰা মাৰে ৷

এন্টিগুৱাৰ পৰা ইংলেণ্ডলৈ ৰাওনা
তিনিখনীয়া টেষ্ট ছিৰিজৰ বাবে ইংলেণ্ডলৈ ৰাওনা ৱেষ্ট ইণ্ডিজ দল

এক প্ৰেছ বিজ্ঞপ্তিত CWI য়ে কয়, "যোৱা সপ্তাহত ভ্ৰমণকাৰী দলৰ সকলো সদস্যই COVID-19 পৰীক্ষণ চলায় আৰু সকলোৰে ফলাফল নেগেটিভ পোৱা গৈছে ৷"

মঙলবাৰে মানচেষ্টাৰত উপস্থিত হোৱাৰ পাচতে দলটোক পুনৰ COVID-19 পৰীক্ষা কৰা হ'ব ৷ উল্লেখ্য যে, এই ছিৰিজটো জৈৱ সুৰক্ষিত (bio-secure) পৰিৱেশত আয়োজন কৰা হ'ব ৷

Bio-secure প্ৰটক'লৰ ফলত খেল অনুষ্ঠিত কৰা স্থানৰ পৰা কোনো লোক বাহিৰলৈ যাব নোৱাৰিব ৷ সেয়েহে কিছু সংখ্যক সংৰক্ষিত খেলুৱৈয়ে ট্ৰেইনেৰে ভ্ৰমণ কৰি টেষ্ট স্কোৱাড গঠন কৰাত সহায় কৰিব আৰু কোনো খেলুৱৈ আঘাতপ্ৰাপ্ত হ'লে স্থানান্তৰ কৰা সন্দৰ্ভত নিশ্চিতি প্ৰদান কৰিব ৷

এন্টিগুৱাৰ পৰা ইংলেণ্ডলৈ ৰাওনা
তিনিখনীয়া টেষ্ট ছিৰিজৰ বাবে ইংলেণ্ডলৈ ৰাওনা ৱেষ্ট ইণ্ডিজ দল

এই সম্পৰ্কত ৱেষ্ট ইণ্ডিজৰ অধিনায়ক জেছন হ'ল্ডাৰে কয়, "যিহেতু আমি ইংলেণ্ড ভ্ৰমণ কৰিছো সেয়েহে এয়া ক্ৰিকেট আৰু ক্ৰীড়াক্ষেত্ৰৰ বাবে এক বৃহৎ পদক্ষেপ হ'ব ৷ এয়া ক্ৰীড়াক্ষেত্ৰৰ বাবে এক নতুন পৰিক্ৰমা ৷ এই ভ্ৰমণ নিশ্চিত হোৱাৰ পাচত অনুৰাগীৰ পৰা লাভ কৰা সমৰ্থন আৰু শুভকামনাৰ বাবে মই অত্যন্ত সুখী ৷ এয়া উৎসাহজনক ৷"

উল্লেখ্য যে, ছাউথেম্পটনত (8-12 জুলাই) প্ৰথম টেষ্ট, অল্ড ট্ৰেফৰ্ডত (16-20 জুলাই) দ্বিতীয় টেষ্ট আৰু মানচেষ্টাৰত (24-28 জুলাই) তৃতীয় টেষ্ট অনুষ্ঠিত হ'ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.