ETV Bharat / sports

বিশ্বৰ যিকোনো দলক প্ৰত্য়াহ্বান জনাবলৈ সামৰ্থবান ৱেষ্ট ইণ্ডিজৰ পেছ এটেক: সহকাৰী প্ৰশিক্ষক

author img

By

Published : Jun 16, 2020, 4:10 PM IST

West Indies pace attack can challenge any team in the world: Windies assistant coach
West Indies pace attack can challenge any team in the world: Windies assistant coach

COVID-১৯ মহামাৰীৰ পাচত পোন প্ৰথমবাৰৰ বাবে ইংলেণ্ডত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ । তিনিখন টেষ্ট শৃংখলাত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব কেৰেবিয়ান দল ৱেষ্ট ইণ্ডিজ । কিন্তু শৃংখলাৰ পূৰ্বেই ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ পৰা আৰম্ভ হৈছে বাক্যবানৰ যুঁজ ।

স্পৰ্টছ ডেস্ক, 16 জুনঃ সোমবাৰে বেষ্ট ইণ্ডিজৰ দলৰ বলিং এটেকক লৈ গুৰুত্বপূৰ্ণ মন্তব্য দলটোৰ সহকাৰী প্ৰশিক্ষক ৰডী ইষ্টউইকৰ । দলটোৰ বলিং এটেক বিশ্বৰ যিকোনো দলক প্ৰত্যাহ্বান জনাবলৈ সামৰ্থবান বুলি উল্লেখ কৰে সহাকাৰী প্ৰশিক্ষকগৰাকীয়ে ।

উল্লেখ্য যে, COVID-১৯ মহামাৰীৰ পাচতেই পোন প্ৰথমবাৰৰ বাবে ইংলেণ্ডত অনুষ্ঠিত হ'বলৈ গৈ আছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ । 8 জুলাইৰ পৰা তিনিখন টেষ্ট শৃংখলাত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব কেৰেবিয়ান দল ৱেষ্ট ইণ্ডিজ । কিন্তু শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেই ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলে আৰম্ভ কৰিছে বাক্যবানৰ যুঁজ ।

জেছন হল্ডাৰ
জেছন হল্ডাৰ

সহকাৰী প্ৰশিক্ষক ৰডী ইষ্টউইকে কয়,আমি যি কৰিছো সেইয়া আমাৰ ফিটনেছ উন্নত কৰাক লৈ কৰিছো । এইটো এটা গুৰুত্বপূৰ্ণ দিশ । যদি আপুনি 80 দশকৰ সময়ত ঘূৰি চায় তেন্তে বেগীবলাৰ সমূহৰ এটা বস্তু আছিল সেইটো হৈছে ফিটনেছ । দ্বিতীয়তে এতিয়া ফাষ্ট বলিঙক বুজিব চেষ্টা কৰি থকা হৈছে । কেমাৰ আৰু শ্বেনন সেই বয়সলৈ উপনীত হৈছে । এতিয়া তেওঁলোকে দলটোৰ আক্ৰমণৰ নেতৃত্ব বহন কৰিছে । তেওঁলোক এতিয়া বহু বহু গুণে অভিজ্ঞ খেলুৱৈ ।

আনহাতে জেছন হল্ডাৰ বিগত দুটা বছৰত এজন ভাল টেষ্ট বলাৰ হিচাপে উপনীত হৈছে বুলি উল্লেখ কৰে সহকাৰী প্ৰশিক্ষকগৰাকীয়ে । লগতে ফাষ্ট বলিং আমাৰ মুখ্য অস্ত্ৰ বুলি কয় ইষ্টউইকে । দলটোত শ্বেনন, জেছন, আলজাৰী, কেমাৰ ৰ'চৰ দৰে চাৰিগৰাকী প্ৰমুখ্য বলাৰৰ লগতে যুৱ বলাৰ চেমাৰ হল্ডাৰ, অশ্বেন থমাছ, এণ্ডাৰছন ফিল্পিছ আছে বুলি কয় ।

লগতে চাওকঃ ২৪ ঘণ্টাৰ ভিতৰত দিল্লীৰ সকলো কোভিড-১৯ হাস্পতালত চিচি কেমেৰা সংস্থাপনৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.