ETV Bharat / sports

মহিলা ক্ৰিকেটৰ বাবে পাঁচ-ছয়টা দলৰ মাজত আইপিএল অনুষ্ঠিত কৰিবলৈ আহ্বান স্মৃতি মান্ধানাৰ

author img

By

Published : May 16, 2020, 2:15 PM IST

smriti mandhana said if ipl with five or six teams will be organized then that will be beneficial for indian women cricket
smriti mandhana said if ipl with five or six teams will be organized then that will be beneficial for indian women cricket

মহিলা ক্ৰিকেটৰ আইপিএলক লৈ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ স্মৃতি মান্ধানাৰ গুৰুত্বপূৰ্ণ মন্তব্য । খেলুৱৈগৰাকীৰ আশা আগন্তুক এটা-দুটা বৰ্ষৰ ভিতৰত মহিলা ক্ৰিকেটৰ ক্ষেত্ৰত আয়োজন হ'ব আইপিএলৰ দৰে বহু প্ৰতিযোগিতা । বিশ্বকাপক লক্ষ্য ৰাখি পাঁচ-ছয়টা দলৰ আইপিএল আয়োজনে ভাৰতীয় মহিলা ক্ৰিকেট দলক উপকৃত কৰিব বুলি কয় খেলুৱৈগৰাকীয়ে ।

স্পৰ্টছ ডেস্ক, ১৬ মে': বিশ্বত চলি থকা কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপৰ ফলতেই বৰ্তমানে স্তব্ধ হৈ পৰিছে ক্ৰীড়াজগতৰ সকলো কাৰ্য-কলাপ । কিন্তু ইয়াৰ মাজতেই ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ স্মৃতি মান্ধানাই মহিলা আইপিএল ক্ৰিকেটৰ ভৱিষ্যতক লৈ কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য ।

আইপিএলৰ দৰে প্ৰতিযোগিতাই ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰদৰ্শন উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও কয় খেলুৱৈগৰাকীয়ে । লগতে এই সময়ত বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি পাঁচ-ছয়টা দলৰ আইপিএল আয়োজনে ভাৰতীয় মহিলা ক্ৰিকেট দলক উপকৃত কৰিব বুলি কয় মান্ধানাই । আইপিএলৰ আয়োজনৰ ক্ষেত্ৰত পূৰ্বৰে পৰাই বিচিচিআইয়ো যথোপযুক্ত চেষ্টা চলাইছে বুলিও উল্লেখ কৰে মান্ধানাই ।

মান্ধানাই কয়, বিচিচিআইয়ে বহু পৰিমাণে চেষ্টা চলাইছে । প্ৰথম অৱস্থাত দুই বছৰৰ বাবে প্ৰদৰ্শনী মেচৰ দৰে মহিলা আইপিএলৰ আয়োজন কৰা হৈছিল । ইয়াৰ পাচতে সফলতা পূৰ্বক তিনিটা দলৰ মাজত অনুষ্ঠিত কৰা হৈছিল আইপিএল । এই বৰ্ষত চাৰিটা দলৰ মাজত অনুষ্ঠিত হোৱাৰ কথা আছিল আইপিএল ।

মোৰ বিশ্বাস যে আগন্তুক এক-দুই বছৰৰ পাচত আইপিএলৰ দৰে বহু মেচ অনুষ্ঠিত হ'ব । বিশ্বকাপৰ প্ৰতি লক্ষ্য কৰি আগন্তুক সময়ত ভাৰতীয় মহিলা ক্ৰিকেটৰ বাবে পাঁচ-ছয়টা দলৰ আইপিএল আয়োজন সুন্দৰ হ'ব বুলি কয় ভাৰতীয় খেলুৱৈগৰাকীয়ে । ইয়াৰ লগতে বৰ্তমান দেশত যি মহিলা ক্ৰিকেটৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ মাজত ব্যৱধান আছে সেইয়া অতি সোনকালেই অৱসান হ'ব বুলি আশা প্ৰকাশ কৰে মান্ধানাই । ভাৰতীয় মহিলা ক্ৰিকেট দল বৰ্তমানে দ্ৰুত গতিত আগবাঢ়ি আছে, বিশেষকৈ ঘৰুৱা স্তৰত । আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা স্তৰৰ প্ৰতিযোগিতাৰ মাজত ব্যাপক ব্যৱধান আছে যদিও দুই-তিনি বছৰৰ ভিতৰত এই ব্যৱধান অন্ত পৰিব বুলি কয় মান্ধানাই ।

মান্ধানাই মহিলা ক্ৰিকেটৰ উজ্বল ভৱিষ্য়তৰ কামনা কৰাৰ সময়তে অষ্ট্ৰেলিয়াৰ উইকেটকীপাৰ বেটছমেন এলিছা হেলীয়ে, কোভিডৰ বাবে বিত্তীয় সমস্য়াৰ সন্মুখীন হৈ থকা অষ্ট্ৰেলিয়া ক্ৰিকেট ব'ৰ্ডে মহিলা ক্ৰিকেটৰ ঘৰুৱা মেচৰ সংখ্য়া যাতে কম নকৰে তাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে । কাৰণ ব'ৰ্ডে ইতিমধ্য়ে ছিজন কম কৰাৰ কথাৰ পোষকতা কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.