ETV Bharat / sports

প্ৰথম এদিনীয়া : ইংলেণ্ডৰ বিৰুদ্ধে 66 ৰাণত জয়ী ভাৰত

author img

By

Published : Mar 24, 2021, 11:56 AM IST

ইংলেণ্ডৰ বিৰুদ্ধে 66 ৰাণত জয়ী ভাৰত
ইংলেণ্ডৰ বিৰুদ্ধে 66 ৰাণত জয়ী ভাৰত

অভিষেককাৰী ক্ৰিকেটাৰ প্ৰসিদ্ধ কৃষ্ণা আৰু পেচাৰ শ্বাৰদুল ঠাকুৰৰ দূৰ্দান্ত বলিঙেৰে ভাৰতে প্ৰথম এদিনীয়াত ইংলেণ্ডক 66 ৰাণত পৰাস্ত কৰে ৷ পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এচ'ছিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ ৷

স্পৰ্টছ ডেস্ক, 24 মাৰ্চ : অভিষেককাৰী ক্ৰিকেটাৰ প্ৰসিদ্ধ কৃষ্ণা আৰু পেচাৰ শ্বাৰদুল ঠাকুৰৰ দূৰ্দান্ত বলিঙেৰে ভাৰতে প্ৰথম এদিনীয়াত ইংলেণ্ডক 66 ৰাণত পৰাস্ত কৰে ৷ পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এচ'ছিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ ৷

318 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভ্ৰমণকাৰী দলটোৰ দুই অপেনাৰ জেছন ৰয় আৰু জনী বেয়াৰষ্টোয়ে সুন্দৰ আৰম্ভণি কৰে ৷ দুয়োগৰাকীয়ে প্ৰথম উইকেটৰ যুটীত সংগ্ৰহ কৰে 135 ৰাণ ৷ 14 অভাৰ পৰ্যন্ত দলটোৱে প্ৰতিটো অভাৰত 10 ৰাণকৈ সংগ্ৰহ কৰি জয়ৰ পথলৈ অগ্ৰসৰ হৈছিল ৷

বিৰাট কোহলী
বিৰাট কোহলী

কিন্তু ভাৰতৰ অভিষেককাৰী ক্ৰিকেটাৰ কৃষ্ণাই 15 অভাৰত ৰয়ৰ উইকেট দখল কৰে ৷ ইয়াৰ অলপ পাচতে বেন ষ্টোকছৰো উইকেট দখল কৰে কৃষ্ণাই ৷ ফলত মেচখনত ভাৰতৰ জয়ী হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷

ইয়াৰ পাচতে জনী বেয়াৰষ্টোয়ে অধিনায়ক ইয়ন মৰ্গানৰ সৈতে এটি সৰু পাৰ্টনাৰশ্বিপ গঢ়ি দলক 150 ৰাণত উপনীত কৰায় ৷ 23 অভাৰত শ্বাৰদুল ঠাকুৰে বেয়াৰষ্টোৰ উইকেট দখল কৰে ৷ ইয়াৰ কিছু পাচতে তেওঁ মৰ্গান আৰু জছ বাটলাৰৰ উইকেটো দখল কৰিবলৈ সক্ষম হয় ৷

ইংলেণ্ডৰ নিম্নক্ৰমৰ বেটছমেনসকলে দলক জয়ৰ পথত উপনীত কৰাবলৈ বহু চেষ্টা কৰে যদিও অসফল হ'ল ৷

ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণাই চাৰি উইকেট দখল কৰাৰ বিপৰীতে শ্বাৰদুল ঠাকুৰে তিনিটা উইকেট দখল কৰে ৷ ভূৱনেশ্বৰ কুমাৰে দুটা আৰু ক্ৰুনাল পাণ্ডিয়াই অভিষেক মেচত এটা উইকেট দখল কৰে ৷

ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি ভাৰতীয় দলে শিখৰ ধাৱান (98) আৰু বিৰাট কোহলীৰ (56) ৰ জৰিয়তে এক বিশাল স্কৰৰ দিশে গতি কৰে ৷ কিন্তু ভাৰতক 317/5 ত উপনীত কৰোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰে কে. এল. ৰাহুল (62*) আৰু ক্ৰুনাল পাণ্ডিয়াই (58*) ৷

চাৰি নম্বৰত বেটিঙৰ বাবে অহা শ্ৰেয়াস আয়াৰে কেৱল ছয় ৰাণ কৰি উইকেট হেৰুৱায় ৷ কিন্তু বেটিঙত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে অভিষেককাৰী ক্ৰুনাল পাণ্ডিয়াই ৷ প্ৰথম মেচতে দূৰ্দান্ত বেটিঙেৰে কেৱল 26 টা বলতে অৰ্ধশতক অৰ্জন কৰে ক্ৰুনালে ৷ ইয়াৰ ফলত এদিনীয়া ক্ৰিকেটত অভিষেক মেচতে দ্ৰুততম অৰ্ধশতক অৰ্জন কৰাৰ অভিলেখ গঢ়ে ক্ৰুনাল পাণ্ডিয়াই ৷

অন্তিম পাঁচ অভাৰত ক্ৰুনাল আৰু ৰাহুলে 67 ৰাণ সংগ্ৰহ কৰি ভাৰতক 300 ৰাণৰ সীমা অতিক্ৰম কৰোৱায় ৷

লগতে পঢ়ক : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সন্মান ৰক্ষাৰ যুঁজত ভাৰতীয় মহিলা ক্ৰিকেট দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.