ETV Bharat / sports

পিংক বল টেষ্ট : 10 উইকেটত ইংলেণ্ডক পৰাস্ত ভাৰতৰ

author img

By

Published : Feb 25, 2021, 8:20 PM IST

ৰোহিত শৰ্মা আৰু শুভমন গীল
ৰোহিত শৰ্মা আৰু শুভমন গীল

পিংক বল টেষ্টত ইংলেণ্ড দলত 10 উইকেটত পৰাস্ত ভাৰতীয় দলৰ ৷ ছিৰিজটোত বৰ্তমান ভাৰত 2-1 ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ৷

স্পৰ্টছ ডেস্ক, 25 ফেব্ৰুৱাৰী : ভাৰত আৰু ইংলেণ্ডৰ মাজত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত দিবা-নৈশ মেচত জয়ী ভাৰতীয় দল ৷ মেচত ভাৰতৰ সন্মুখত কেৱল 49 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ইংলেণ্ডে ৷

অক্ষৰ পেটেল
অক্ষৰ পেটেল

এই মেচত জয়েৰে ভাৰতে ছিৰিজত 2-1 ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ৷ দলৰ হৈ দ্বিতীয় ইনিংছত ৰোহিত শৰ্মাই 25 আৰু শুভমন গীলে 15 ৰাণকৈ গঢ়ি অপৰাজিত হৈ ৰয় ৷

ইয়াৰ পূৰ্বে ইংলেণ্ডে বেটিং কৰি দ্বিতীয় ইনিংছত মাত্ৰ 81 ৰাণ গঢ়ি অল আউট হয় ৷ ফলত দলটোৱে কেৱল 48 ৰাণৰ অগ্ৰগতি লাভ কৰে ৷

ৰবিচন্দ্ৰন অশ্বিন
ৰবিচন্দ্ৰন অশ্বিন

আনহাতে, দ্বিতীয় ইনিংছত ভাৰতৰ হৈ অক্ষৰ পেটেলে পাঁচটা উইকেট দখল কৰে ৷ লগতে অফ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনে চাৰিটা আৰু ৱাশ্বিংটন সুন্দৰে এটা উইকেট দখল কৰে ৷

উল্লেখ্য যে, তৃতীয় টেষ্টৰ প্ৰথমটো ইনিংছত ইংলেণ্ডে 112 ৰাণ গঢ়িছিল ৷ ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে 145 ৰাণ কৰি অল আউট হৈছিল ৷

লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত নাম অন্তৰ্ভূক্ত নগাঁৱৰ যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.