ETV Bharat / sports

অষ্ট্ৰেলিয়াৰ কিংবদন্তীয়ে ৰাহানেৰ নেতৃত্বক প্ৰশংসা কৰাত আনন্দিত হৈছো : গাভাস্কাৰ

author img

By

Published : Dec 30, 2020, 1:33 PM IST

ৰাহানে আৰু গাভাস্কাৰ
ৰাহানে আৰু গাভাস্কাৰ

অষ্ট্ৰেলিয়াৰ কিংবদন্তীয়ে ৰাহানেৰ নেতৃত্বক প্ৰশংসা কৰা দেখি আনন্দিত হৈছে গাভাস্কাৰে ৷ এক টিভি চেনেলক এই মন্তব্য় কৰে প্ৰাক্তন ক্ৰিকেটাৰ গাভাস্কাৰে ৷ তেওঁ অভিষেককাৰী শুভমন গীল আৰু ৰবীন্দ্ৰ জাদেজাৰো প্ৰশংসা আগবঢ়ায় ৷

স্পৰ্টছ ডেস্ক, 30 ডিচেম্বৰ : প্ৰাক্তন ক্ৰিকেট তাৰকা সুনীল গাভাস্কাৰে মঙলবাৰে কয় যে, অষ্ট্ৰেলিয়াৰ মহান ক্ৰিকেট কিংবদন্তীসকলে ভাৰতৰ ভাৰপ্ৰাপ্ত অধিনায়ক আজিংকা ৰাহানেক প্ৰশংসা কৰা দেখি তেওঁ আনন্দিত হৈছে ৷ উল্লেখ্য যে, দ্বিতীয় টেষ্টত ৰাহানেৰ সৱল নেতৃত্বৰ বাবে অষ্ট্ৰেলিয়াক 8 উইকেটত পৰাস্ত কৰে ভাৰতে ৷

বিৰাট কোহলী আৰু আজিংকা ৰাহানে
বিৰাট কোহলী আৰু আজিংকা ৰাহানে

বিৰাট কোহলীৰ স্থানত দলক নেতৃত্ব প্ৰদান কৰি ৰাহানেই মেলবণৰ্ ক্ৰিকেট গ্ৰাউণ্ডত স্মৰণীয় জয় সাব্যস্ত কৰে ৷ গাভাস্কাৰে এক টিভি চেনেলক কয়, "...ধাৰাভাষ্যকাৰৰ স্থানত থকা হ'লে জানিব পাৰিলেহেঁতেনে তেওঁৰ (ৰাহানে) নেতৃত্বক অষ্ট্ৰেলিয়াৰ কিংবদন্তীসকলে কিদৰে প্ৰশংসা আগবঢ়াইছিল ৷"

তেওঁ লগতে কয়, "মহান ক্ৰিকেটাৰ যেনে ৰিকী পন্টিং, আদাম গীলখ্ৰীষ্ট, মাইক হাছী, শ্বেন ৱাৰ্ণৰ দৰে খেলুৱৈয়ে তেওঁৰ নেতৃত্বক প্ৰশংসা কৰাটো বহু আনন্দকৰ আছিল ৷ তেওঁলোকে অধিনায়কজনক প্ৰশংসাৰে উপচাই পেলাইছিল ৷"

গাভাস্কাৰে লগতে কয় যে, বিৰাট কোহলী টেষ্ট অধিনায়ক আৰু তেওঁ দললৈ উভতি অহাৰ পাচত ৰাহানেই সেই স্থান খালী কৰি দিয়া উচিত ৷

বৰ্তমান অষ্ট্ৰেলিয়াই চাপ অনুভৱ কৰিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত গাভাস্কাৰে কয়, "নিশ্চয়কৈ ! প্ৰতিবাৰেই তেওঁলোকে প্ৰথম টেষ্টত জয়ী হয়, শৃংখলাত জয়ী হয়, বিৰোধী দলক তীব্ৰ চাপত ৰাখে ৷ কিন্তু এইবাৰ ইয়াৰ বিপৰীত ছবি প্ৰতিফলিত হৈছে ৷"

গাভাস্কাৰে কয়, "কিছু সংখ্যক অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে কৈছিল যে, ভাৰত পৰাস্ত হ'ব, অষ্ট্ৰেলিয়া 4-0 ত জয়ী হ'ব আদি ৷ এতিয়া সকলোৱে জানে কি হৈছে ৷ ভাৰতীয় দলে হাৰ নামানে আৰু পুনৰুত্থান ঘটায় ৷"

অভিষেককাৰী শুভমন গীলৰ 45 আৰু 35 ৰাণক লৈ সন্তুষ্টি ব্যক্ত কৰে গাভাস্কাৰে ৷ দলত গীলৰ স্থান সম্পৰ্কত তেওঁ কয়, "তেওঁ খেলা শ্বট, ডিফেন্স আৰু মেজাজৰ পৰা নিশ্চয়কৈ ক'ব পাৰি যে, তেওঁ দীৰ্ঘকালীন সময়ৰ বাবে দলত স্থান লাভ কৰিবলৈ যোগ্য ৷ কিন্তু তেওঁ দলৰ শীৰ্ষত নে পঞ্চম স্থানত বেটিং কৰিব সেই সম্পৰ্কে মই 100 শতাংশ নিশ্চিত নহয় ৷"

ৰবীন্দ্ৰ জাদেজাক দলত স্থান প্ৰদান কৰা বাবেও ভাৰতীয় দলৰ মেনেজমেন্টক প্ৰশংসা কৰে গাভাস্কাৰে ৷ প্ৰথম টেষ্টত আঘাতৰ বাবে দলত স্থান লাভ নকৰা জাদেজাই বেটিঙৰ জৰিয়তে 57 ৰাণ সংগ্ৰহ কৰাৰ লগতে 28 ৰাণ দি 2 টা উইকেট দখল কৰিছিল ৷

অপেনাৰ মায়ংক আগৰৱালে দুয়োখন টেষ্টতে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাই যদিও তেওঁক আৰু এটা সুযোগ প্ৰদান কৰা উচিত বুলি মন্তব্য কৰে গাভাস্কাৰে ৷

লগতে পঢ়ক : মেছিৰ অনুপস্থিতিত বাৰ্চিলোনাৰ দুৰ্বল প্ৰদৰ্শনৰ অভিযোগ নাকচ ৰ’নাল্ড কোমেনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.