ETV Bharat / sports

গুৱাহাটীত সন্মুখ-সমৰত নামিব ভাৰত-শ্ৰীলংকা

author img

By

Published : Jan 4, 2020, 3:30 PM IST

গুৱাহাটীত সন্মুখ-সমৰত নামিব ভাৰত-শ্ৰীলংকা
গুৱাহাটীত সন্মুখ-সমৰত নামিব ভাৰত-শ্ৰীলংকা

দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব তিনিখন মেচৰ প্ৰথমখন টি-20 মেচ ৷ দলত জছপ্ৰীত বোমৰাহ, শিখৰ ধাৱনৰ প্ৰত্যাৱৰ্তন কৰিব ৷

গুৱাহাটী, 4 জানুৱাৰীঃ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত দেওবাৰে সন্মুখ-সমৰত নামিব শ্ৰীলংকা আৰু ভাৰত ৷ ভাৰতীয় দলটোক বিৰাট কোহলিয়ে নেতৃত্ব দিয়াৰ বিপৰীতে শ্ৰীলংকা দলৰ নেতৃত্ববহন কৰিছে অভিজ্ঞ খেলুৱৈ লাছিথ মালিংগাই ৷ সন্ধিয়া 7 বজাত অনুষ্ঠিত হ’ব এই হাই ভল্টেজ মেচখন ৷

দুয়োটা দলে ইয়াৰ পূৰ্বে 16 খন টি-20 মেচত মুখামুখি হৈছে য’ত ভাৰতে 11 খনত জয় লাভ কৰাৰ বিপৰীতে 5 খন মেচত জয় লাভ কৰিছে শ্ৰীলংকাই ৷ শেষবাৰৰ বাবে 2018 বৰ্ষত মুখামুখি হৈছিল দুয়োটা দল ৷

HEAD TO HEAD (IND vs SL)
HEAD TO HEAD (IND vs SL)

এই মেচখনক লৈ ক্ৰীড়াপ্ৰেমীৰ মাজত যথেষ্ট উৎসাহ-উদ্দীপনা বিৰাজ কৰাৰ মাজতেই গুৱাহাটীবাসী দৰ্শকৰ বাবে দুখবৰ এই যে, মেচখনত উপভোগ কৰিবলৈ নাপাব ৰোহিত শৰ্মাৰ হিট শ্ব’ ৷ খেলুৱৈগৰাকীক এই টুৰ্ণামেণ্টৰ পৰা বিশ্ৰাম দিয়া হৈছে ৷ আশা কৰা হৈছে মেচখনত জয় লাভৰেই গুৱাহাটীৰ পৰাই 2020 বৰ্ষৰ আৰম্ভণি কৰিব ভাৰতে ৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.