ETV Bharat / sports

আইচিচি অনুৰ্দ্ধ-19 বিশ্বকাপ ফাইনেল : টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত বাংলাদেশৰ

author img

By

Published : Feb 9, 2020, 2:03 PM IST

বাংলাদেশৰ বিৰুদ্ধে আইচিচি অনুৰ্দ্ধ-19 বিশ্বকাপ ফাইনেলত প্ৰথমে বেটিং কৰিছে ভাৰতীয় দলে ৷ পঞ্চমটো অনুৰ্দ্ধ-19 বিশ্বকাপৰ খিতাপ দখল কৰাৰ লক্ষ্য বান্ধি লৈছে ভাৰতীয় দলে ৷

আইচিচি অনুৰ্দ্ধ-19 বিশ্বকাপ ফাইনেল
ভাৰত বনাম বাংলাদেশ

স্পৰ্টছ ডেস্ক, 9 ফেব্ৰুৱাৰী : দেওবাৰে অনুষ্ঠিত হোৱা আইচিচি অনুৰ্দ্ধ-19 বিশ্বকাপ ফাইনেলত টছত জয়ী হৈ ভাৰতীয় দলক বেটিঙৰ বাবে আমন্ত্ৰণ কৰে বাংলাদেশ দলে ৷ দক্ষিণ আফ্ৰিকাৰ চেনৱেছ পাৰ্কত অনু্ষ্ঠিত মেচত জয়েৰে পঞ্চমটো অনুৰ্দ্ধ-19 বিশ্বকাপৰ খিতাপ দখল কৰাৰ লক্ষ্য বান্ধি লৈছে ভাৰতীয় দলে ৷

টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত বাংলাদেশৰ
আইচিচি অনুৰ্দ্ধ-19 বিশ্বকাপত ভাৰতৰ প্ৰদৰ্শন

প্ৰিয়ম গাৰ্গ নেতৃত্বাধীন ভাৰতীয় দলে নকআউট পৰ্যায়ত অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ দৰে দলক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল ৷ 2018 চনৰ লগতে পূৰ্বে চাৰিবাৰ অনুৰ্দ্ধ-19 বিশ্বকাপৰ খিতাপ দখল কৰা দলটোৱে দেওবাৰৰ ফাইনেলতো দমন অব্যাহত ৰখাৰ চেষ্টা কৰিব ৷

আইচিচি অনুৰ্দ্ধ-19 বিশ্বকাপ ফাইনেল
ভাৰত বনাম বাংলাদেশ

আনহাতে, বাংলাদেশে প্ৰথমবাৰৰ বাবে অনুৰ্দ্ধ-19 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ৷ ফাইনেলত প্ৰৱেশৰ পূৰ্বে দলটোৱে কোৱাৰ্টাৰ ফাইনেলত আয়োজক দক্ষিণ আফ্ৰিকা আৰু ছেমি ফাইনেলত নিউজিলেণ্ড দলক পৰাস্ত কৰে ৷

আৰু পঢ়ক : আজি 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেল মেচ, সন্মুখত দুই এছিয়ান দেশ

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.