ETV Bharat / sports

ক'ভিডত আক্ৰান্ত ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰ

author img

By

Published : Mar 30, 2021, 12:10 PM IST

ক'ভিডত আক্ৰান্ত ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰ
ক'ভিডত আক্ৰান্ত ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰ

ক'ভিডত আক্ৰান্ত ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰ ৷ বৰ্তমান আইশ্ব'লেছনত আছে ক্ৰিকেটাৰ গৰাকী ৷

স্পৰ্টছ ডেস্ক, 30 মাৰ্চ : ভাৰতৰ মহিলা টি-20 ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ আক্ৰান্ত হৈছে ক'ভিডত ৷ ক'ভিডৰ সাধাৰণ লক্ষণ দেহত পৰিলক্ষিত হোৱাৰ পাচতে সোমবাৰে পৰীক্ষণ কৰাৰ অন্তত তেওঁৰ দেহত ৰোগ ধৰা পৰে ৷

খেলুৱৈগৰাকীৰ এক বিশেষ সূত্ৰই কয়, "তেওঁ ঘৰতে আইশ্ব'লেছনত আছে ৷ কালি তেওঁ পৰীক্ষা কৰিছিল আৰু আজি পুৱাৰ ভাগত পজিটিভ ধৰা পৰে ৷ যোৱা চাৰি দিন ধৰি তেওঁৰ দেহত কিছু লক্ষণ দেখা দিয়াৰ বাবে পৰীক্ষা কৰিছিল ৷ তেওঁ সুস্থ আৰু অতি সোনকালে আৰোগ্য হৈ উঠিব ৷"

সূত্ৰই কোৱা মতে, তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ছিৰিজৰ সময়ত প্ৰতিদিনেই পৰীক্ষা কৰি আছিল সেয়েহে ছিৰিজৰ পাচতহে তেওঁ ক'ভিডত আক্ৰান্ত হৈছে বুলি অনুমান কৰা হৈছে ৷

কৌৰে দুখন এদিনীয়া মেচত এটা অৰ্ধশতক আৰু এটা 40 ৰাণৰ ইনিংছ খেলিছে ৷ 12 মাহৰ পাচত আন্তৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ওভতা ভাৰতীয় দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া আৰু টি-20 উভয়তে পৰাজয়বৰণ কৰে ৷

লগতে পঢ়ক : ৰোড ছেফটী ছিৰিজত অংশগ্ৰহণকাৰী চতুৰ্থ ক'ভিড আক্ৰান্ত ক্ৰিকেটাৰ পাঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.