ETV Bharat / sports

যুৱৰাজ সিঙৰ বিৰুদ্ধে হৰিয়ানাত গোচৰ ৰুজু

author img

By

Published : Feb 15, 2021, 5:02 PM IST

যুৱৰাজ সিঙে ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ সৈতে লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহালৰ ওপৰত জাতিবাদী মন্তব্য কৰা এটা লাইভ ভিডিঅ’ ইষ্টাগ্ৰামত শ্বেয়াৰ হৈছিল ৷ এই ভিডিঅ’টোৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত বিভিন্ন জনে প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছিল ৷

FIR against Yuvraj Singh over casteist remarks
যুৱৰাজ সিঙৰ বিৰুদ্ধে হৰিয়ানাত গোচৰ ৰুজু

স্পৰ্টছ ডেস্ক, 15 ফেব্ৰুৱাৰী : প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ বিৰুদ্ধে হৰিয়ানাৰ হিচাৰ জিলাত গোচৰ ৰুজু কৰা হৈছে ৷ ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালৰ বিৰুদ্ধে জাতিবাদী মন্তব্য কৰাৰ অভিযোগত হাৰিয়ানাৰ এজন অধিবক্তাই ৰুজু কৰে এই গোচৰ ।

যুৱৰাজ সিঙে ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ সৈতে লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহালৰ ওপৰত জাতিবাদী মন্তব্য কৰা এটা লাইভ ভিডিঅ’ ইষ্টাগ্ৰামত শ্বেয়াৰ হৈছিল ৷ এই ভিডিঅ’টোৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত বিভিন্ন জনে প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছিল ৷ এই সম্পৰ্কত বিগত বৰ্ষৰ জুন মাহত হন্সী আৰক্ষী থানাত এটা গোচৰো ৰুজু কৰা হৈছিল ৷

অৱশ্যে যুৱৰাজে পাছত তেওঁৰ টুইটাৰত ভিডিঅ’টোৰ সন্দৰ্ভত অনুৰাগীৰ ওচৰত ক্ষমা বিচাৰিছিল । তেওঁ এয়া এক অনিচ্ছাকৃত বুলি উল্লেখ কৰে ৷ তেওঁ লগতে কোনো ধৰণৰ বৈষম্যত বিশ্বাস নকৰে বুলি উল্লেখ কৰি প্ৰতিজন ব্যক্তিক সন্মান কৰো বুলি টুইটটোত উল্লেখ কৰিছিল ৷

উল্লেখ্য যে, যুৱৰাজ সিঙে ভাৰতীয় ক্ৰিকেট দললৈ অনবদ্য অৱদান আগবঢ়াইছে ৷ 2011 চনত ভাৰতে বিশ্বকাপৰ খিতাপ দখল কৰা সময়ত তেওঁ মেন অৱ দা চিৰিজৰ খিতাপ দখল কৰিছিল ৷ ইআৰ পূৰ্বে 2007 চনত টি 20 বিশ্বকাপৰ উদ্ধোধনী খেলত ষ্টুৰ্ৱাট ব’ডৰ 6 টা বলত একেৰাহে ছটা ছয় মাৰি অভিলেখ গঢ়িছিল ৷ অৱশেষত 2019 চনৰ জুন মাহত তেওঁ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷

লগতে পঢ়ক : বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ জাইকাৰ প্ৰকল্প পৰিদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.