ETV Bharat / sports

ৱেষ্ট ইণ্ডিজ-ইংলেণ্ড শৃংখলা হ'ব লিটমছ টেষ্ট : শ্ব'ন প'লক

author img

By

Published : Jun 27, 2020, 5:23 PM IST

ৱেষ্ট ইণ্ডিজ বনাম ইংলেণ্ড শৃংখলাক লৈ দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্ব'ন প'লকৰ প্ৰতিক্ৰিয়া । প'লকৰ মতে সম্ভৱত এই শৃংখলা আটাইতকৈ বেছি লোকে চোৱা শৃংখলা হ'ব । কাৰণ ক'ভিডৰ পাচত পোনৰ মেচ চোৱাৰ আগ্ৰহী হৈছে বহু ক্ৰিকেটপ্ৰেমী ।

England West indies series will be a litmus test feels Shaun Pollock
England West indies series will be a litmus test feels Shaun Pollock

স্পৰ্টছ ডেস্ক, 27 জুনঃ কৰ'ণা ভাইৰাছৰ ফলত ক্ৰিকেট মেচ আয়োজনক লৈ থকা কিছু সমস্যা দূৰ কৰিবলৈ আইচিচিয়ে শেহতীয়াকৈ গ্ৰহণ কৰিছে কিছু নিয়মৰ সাল-সলনি । যাৰ ভিতৰত এটা হৈছে স্থানীয় আম্পায়াৰক আম্পায়াৰিঙৰ দায়িত্ব প্ৰদান কৰা । দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেগী বলাৰ শ্ব'ন প'লকে আইচিচিৰ দ্বাৰা গ্ৰহণ কৰা এই পদক্ষেপক প্ৰশংসা কৰে ।

প'লকে কয়, ভাৰতৰ কোনো আম্পায়াৰ কলকাতা টেষ্টৰ বাবে সক্ষম হ'ব পাৰে অথবা ইংলেণ্ডৰ কোনো আম্পায়াৰ ঘৰুৱা টেষ্টৰ বাবে । কোনো ইংলিছ ব্য়ক্তি লৰ্ডছ অথবা অষ্ট্ৰলিয়ান এমচিজিত সক্ষম হ'ব পাৰে । আমি সদায় সমিতিৰ সৈতে ইয়াৰ বাবে যুঁজি আহিছিলো । মোৰ বোধেৰে আইচিচিৰ দ্বাৰা এইটো এটা ভাল পদক্ষেপ । এতিয়া ডিআৰএছ আছে । গতিকে পক্ষপাতিত্বমূলক সিদ্ধান্তৰো আশংকা নাই ।

প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে দক্ষিণ আফ্ৰিকাৰ নতুন 3টি ক্ৰিকেট আৰু ৱেষ্ট ইণ্ডিজ-ইংলেণ্ড শৃংখলাক লৈও মত আগবঢ়ায় । 3টি ক্ৰিকেটত আঠ সদস্য়ৰ তিনিটা দলৰ গঠনৰ চেষ্টা চলাই থকাৰ কথা সদৰি কৰে খেলুৱৈগৰাকীয়ে ।

আনহাতে ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডৰ মাজত হ'বলগীয়া শৃংখলাখন সম্ভৱত আটাইতকৈ বেছি লোকে উপভোগ কৰা শৃংখলা হ'ব বুলি উল্লেখ কৰে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে । ইয়াৰ লগতে তেওঁ এই শৃংখলাটোক লিটমছ টেষ্ট বুলি অভিহিত কৰি এই শৃংখলাৰ দ্বাৰাই আগন্তুক পৰিস্থিতি কি হ'ব, কোনো সমস্যা আছে নে নাই সেইয়া সুনিশ্চিত কৰিব পৰা যাব বুলি কয় শ্ব'ন প'লকে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.