ETV Bharat / sports

আজি পাকিস্তানৰ বিৰুদ্ধে নিৰ্ণায়ক এদিনীয়াত দক্ষিণ আফ্ৰিকা

author img

By

Published : Apr 7, 2021, 10:24 AM IST

আজি পাকিস্তানৰ বিৰুদ্ধে নিৰ্ণায়ক এদিনীয়াত অংশগ্ৰহণ কৰিব দক্ষিণ আফ্ৰিকা দলে ৷ আইপিএলত অংশগ্ৰহণৰ বাবে ভাৰতলৈ উৰা মৰা বাবে দলটোৱে আজিৰ মেচত বহুকেইজন মুখ্য খেলুৱৈৰ অভাৱ অনুভৱ কৰিব ৷

পাকিস্তান বনাম দক্ষিণ আফ্ৰিকা
পাকিস্তান বনাম দক্ষিণ আফ্ৰিকা

স্পৰ্টছ ডেস্ক, 7 এপ্ৰিল : আজি তৃতীয় তথা চূড়ান্ত এদিনীয়াত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব দক্ষিণ আফ্ৰিকা দল ৷ আনহাতে, আইপিএলত অংশগ্ৰহণৰ বাবে ভাৰতলৈ উৰা মাৰিছে বহুকেইজন দক্ষিণ আফ্ৰিকাৰ মুখ্য খেলুৱৈয়ে ৷ দলটোৱে আজিৰ নিৰ্ণায়ক মেচত এনে বহুকেইজন খেলুৱৈৰ অভাৱ অনুভৱ কৰিব ৷

উল্লেখ্য যে, 9 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ ৷ এই লীগত অংশগ্ৰহণৰ বাবে ভাৰতত উপস্থিত হৈছে কাগিছো ৰাবডা, এনৰিক নৰ্টজে (দিল্লী কেপিটেলছ), কুইন্টন ডি কক (মুম্বাই ইণ্ডিয়ানছ), ডেভিদ মিলাৰ (ৰাজস্থান ৰয়েলছ) আৰু লুংগি এনগিডী (চেন্নাই চুপাৰ কিংছ) ৷

মঙলবাৰে মুম্বাইত উপস্থিত হৈ দিল্লী কেপিটেলছ স্কোৱাডত যোগদান কৰে নৰ্টজে আৰু ৰাবাডাই ৷

এই মেচত জয়ী হ'লে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয় বাৰৰ বাবে এদিনীয়া শৃংখলা দখলৰ সুযোগ লাভ কৰিব পাকিস্তানে ৷ ইয়াৰ পূৰ্বে মিছবাহ-উল হকৰ নেতৃত্বত এক তিনিখনীয়া এদিনীয়া শৃংখলাত জয় সাব্যস্ত কৰিছিল পাকিস্তানে ৷

আনহাতে, আঘাতৰ সমস্যাৰ বাবে মেচৰ পৰা বাহিৰ হৈছে লেগ স্পীনাৰ ছাদাব খান ৷ এদিনীয়া শৃংখলাৰ পাচতে অনুষ্ঠিত হ'ব চাৰিখনীয়া টি-20 ছিৰিজ ৷

লগতে পঢ়ক : ৱাংখেড়ে ষ্টেডিয়ামৰ দুজন গ্ৰাউণ্ডছমেন ক’ভিড-19 আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.