ETV Bharat / sports

বুমৰাহ-সঞ্জনাক শুভেচ্ছাৰে উপচালে ভাৰতীয় ক্ৰিকেটাৰে

author img

By

Published : Mar 15, 2021, 9:39 PM IST

বুমৰাহ-সঞ্জনাক শুভেচ্ছাৰে উপচালে ভাৰতীয় ক্ৰিকেটাৰে
বুমৰাহ-সঞ্জনাক শুভেচ্ছাৰে উপচালে ভাৰতীয় ক্ৰিকেটাৰে

সোমবাৰে বিবাহপাশত আৱদ্ধ হ'ল ক্ৰিকেটাৰ যশপ্ৰীত বুমৰাহ আৰু মডেল তথা এংকৰ সঞ্জনা ৷ ইয়াৰ পাচতে ভাৰতীয় ক্ৰিকেটাৰসকলে দুয়োগৰাকীকে শুভেচ্ছা জ্ঞাপন কৰে ৷

স্পৰ্টছ ডেস্ক,15 মাৰ্চ : যশপ্ৰীত বুমৰাহ-সঞ্জনা গণেশনৰ বিবাহৰ পাচতে দুয়োগৰাকীকে শুভেচ্ছাৰে উপচালে ভাৰতীয় দলৰ ক্ৰিকেটাৰসকলে ৷ এক ব্যক্তিগত অনুষ্ঠানত ভাৰতীয় ছিমাৰ বুমৰাহ আৰু মডেল তথা এংকৰ সঞ্জনাই গোৱাত বিবাহপাশত আৱদ্ধ হয় ৷

বুমৰাহ-সঞ্জনাক শুভেচ্ছাৰে উপচালে ভাৰতীয় ক্ৰিকেটাৰে
বুমৰাহ-সঞ্জনাক শুভেচ্ছাৰে উপচালে ভাৰতীয় ক্ৰিকেটাৰে

বুমৰাহ আৰু সঞ্জনাই ছ'চিয়েল মিডিয়াৰ জৰিয়তে বিবাহৰ কথা ৰাজহুৱা কৰাৰ পাচতে তেওঁলোকক সকলোৱে শুভেচ্ছাবাণীৰে উপচাই পেলায় ৷

তেওঁলোকক শুভেচ্ছা জনোৱা ভাৰতীয় ক্ৰিকেটাৰসকলৰ ভিতৰত উল্লেখযোগ্য হৈছে অধিনায়ক বিৰাট কোহলী, শিখৰ ধাৱান, কে এল ৰাহুল, ক্ৰুনাল পাণ্ডিয়া, সুৰেশ ৰাইনা আদি ৷

লগতে পঢ়ক: সঞ্জনা গণেশনৰ সৈতে যুগ্ম জীৱনৰ আৰম্ভণি যশপ্ৰীত বুমৰাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.