ETV Bharat / sports

ক্ষমা বিচাৰিলে ‘‘ৱৰ্ল্ড ক্ৰিকেটাৰ অফ দ্য ইয়াৰ’’ বেন ষ্টক’ছে

author img

By

Published : Jan 25, 2020, 7:26 PM IST

বেন ষ্টক’ছৰ ক্ষমা প্ৰাৰ্থনা
বেন ষ্টক’ছৰ ক্ষমা প্ৰাৰ্থনা

আইচিচি ‘‘ৱৰ্ল্ড ক্ৰিকেটাৰ অফ দ্য ইয়াৰ’’ৰ খিতাপ জয় কৰা বেন ষ্টক’ছৰ মুখত অপশব্দ ৷ দৰ্শকক অপশব্দ ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়াত ক্ষমা প্ৰাৰ্থনা খেলুৱৈগৰাকীৰ ৷

স্পৰ্টছ ডেস্ক, 25 জানুৱাৰীঃ দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা অন্তিমখন টেষ্ট মেচত সংঘটিত হয় এটা দুৰ্ভাগ্যজনক ঘটনা ৷ চতুৰ্থখন টেষ্টৰ ইংলেণ্ডৰ প্ৰথম ইনিংছৰ সময়ত বেটিং কৰিবলৈ আহি কেৱল 2 ৰান কৰি আউট হৈ পেভিলিয়নলৈ উভতি যোৱাৰ সময়তে এজন দৰ্শকৰ সৈতে অপশব্দ ব্যৱহাৰত লিপ্ত হয় বেন ষ্টক’ছ ৷ যাৰ বাবে আইচিচিৰ আচৰণ বিধিৰ লেভেল 1 ৰ দোষী সাব্যস্ত হৈছে বেন ষ্টক’ছ ৷ ষ্টেডিয়ামৰ দৰ্শকক এইদৰে অপশব্দ ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়া টুইটাৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিলে ইংলেণ্ডৰ অলৰাউণ্ডাৰ খেলুৱৈ গৰাকীয়ে ৷

দক্ষিণ আফ্ৰিকা বনাম ইংলেণ্ড চতুৰ্থ টেষ্ট
দক্ষিণ আফ্ৰিকা বনাম ইংলেণ্ড চতুৰ্থ টেষ্ট

বেন ষ্টক’ছে কয়,- মই আউট হোৱাৰ পাচত যি ভাষা ব্যৱহাৰ কৰিলো সেইয়া পোন-পটীয়া সম্প্ৰচাৰত বিশ্ববাসীয়ে শুনিলে ৷ মই মোৰ ভাষা ব্যৱহাৰৰ বাবে ক্ষমা বিচাৰিছো ৷ বিশেষকৈ পোন-পটীয়া সম্প্ৰচাৰত মেচ উপভোগ কৰি থকা মই সেই সকলো যুৱ ক্ৰীড়াপ্ৰেমীক উদ্দেশ্যি ক্ষমা বিচাৰিছো ৷ যি সময়ত মই আউট হৈ ড্ৰেছিং ৰূমলৈ উভতি আছিলো দৰ্শকৰ পৰা অপশব্দ শুনিবলৈ পাইছিলো ৷ কিন্তু মই জানো মোৰ আচৰণ উচিত নাছিল ৷

আইচিচিৰ নিয়ম
আইচিচিৰ নিয়ম
Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.