ETV Bharat / sports

অষ্ট্ৰেলিয়ান অ’পেনৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ ৰাফেল নাডালৰ

author img

By

Published : Jan 25, 2020, 5:11 PM IST

পাব্লো কাৰৰেনো বুস্তাক পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেনৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ ৰাফেল নাডালৰ ৷

অষ্ট্ৰেলিয়ান অ’পেনৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ ৰাফেল নাডালৰ
অষ্ট্ৰেলিয়ান অ’পেনৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ ৰাফেল নাডালৰ

স্পৰ্টছ ডেস্ক, 25 জানুৱাৰীঃ নাডালৰ অনুৰাগীৰ বাবে সুঃখবৰ ৷ অষ্ট্ৰেলিয়ান অ’পেনৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ল স্পেইন টেনিছ তাৰকা খেলুৱৈ ৰাফেল নাডাল ৷ একেখন দেশৰে পাব্লো কাৰৰোনো বুস্তাক (Pablo Carreno Busta) পৰাস্ত কৰি চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰে খেলুৱৈগৰাকীয়ে ৷ 1 ঘণ্টা 38 মিনিটলৈ চলা মেচখনত 6-1, 6-2, 6-4 ছেটৰ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হয় নাডালে ৷

ছিমনা হালেপ
ছিমনা হালেপ

এতিয়া ৰ’জাৰ ফেডেৰৰ সৈতে 20 সংখ্যক গ্ৰেণ্ডশ্লাম খিতাপৰ সমপৰ্যায় লাভ কৰিবলৈ কেৱল এটা খিতাপৰ দূৰত্বত নাডাল ৷ চলিত অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ জয় কৰিবলৈ সক্ষম হ’লেই ফেডেৰৰ 20 সংখ্যক গ্ৰেণ্ডশ্লাম খিতাপৰ সমপৰ্যায় লাভ কৰিব স্পেনিছ খেলুৱৈগৰাকীয়ে ৷

ইয়াৰ পূৰ্বে শুকুৰবাৰে অষ্ট্ৰেলিয়ান অ’পেনৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ছুইজাৰলেণ্ডৰ ৰ’জাৰ ফেডেৰৰ লগতে ছাৰ্বিয়াৰ ন’বাক জ’ক’ভিজে ৷ অষ্ট্ৰেলিয়াৰ মিলমেনক 4-6, 7-6, 6-4, 4-6, 7-6 ছেটত পৰাস্ত কৰি চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰাৰ বিপৰীতে জাপানৰ ইয়োশীহিতো নিশ্বিঅ’কা ক 6-3, 6-2, 6-2 ছেটত পৰাস্ত কৰি চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ডিফেণ্ডিং চেম্পিয়ন জ’ক’ভিজে ৷

চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ ৰাফেল নাডালৰ

ইপিনে মহিলাৰ বিশ্বৰ 1 নম্বৰ খেলুৱৈ ছিমনা হালেপেও অষ্ট্ৰেলিয়ান অ’পেনৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ৷ ইউলিয়া পুতিন্টসেৱাক (Yulia Putintseva) 6-1, 6-4 ব্যৱধানত পৰাস্ত কৰি এই সফলতা অৰ্জন কৰে ৷

VIDEO STORY
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.