ETV Bharat / sports

এগৰাকী ক্ৰিকেটাৰৰ কাণ্ড জ্ঞানহীনতা, অসন্তুষ্ট বিচিচিআই !

author img

By

Published : May 24, 2020, 3:21 PM IST

Updated : May 24, 2020, 4:33 PM IST

BCCI not impressed as Shardul Thakur trains outdoors in Mumbai
BCCI not impressed as Shardul Thakur trains outdoors in Mumbai

দেশৰ ভিতৰতেই কৰ'ণা ভাইৰাছত আটাইতকৈ বেছি প্ৰভাৱিত ৰাজ্য়খন হৈছে মহাৰাষ্ট্ৰ । কিন্তু মুম্বাইৰ এনে ভয়াৱহ পৰিস্থিতিৰ মাজত ক্ৰিকেটাৰ এজনৰ কাণ্ড জ্ঞানহীনতাত অসন্তুষ্ট ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ বিচিচিআই ।

স্পৰ্টছ ডেস্ক, ২৪ মে': কৰ'ণা ভাইৰাছৰ বিভীষিকাৰ মাজতেই এটি কাৰ্যৰ বাবে শিৰোণাম দখল কৰিবলৈ সক্ষম হৈছে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ শ্বাৰ্দুল ঠাকুৰে । লক্ ডাউনৰ চতুৰ্থ পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে নীতি-নিয়মৰ মাজৰে সকলো স্পৰ্টছ কমপ্লেক্স, ষ্টেডিয়ামত অনুশীলনৰ অনুমতি প্ৰদান কৰাৰ পাচতেই শেহতীয়াকৈ অনুশীলনৰ বাবে নামি পৰিছিল মুম্বাইৰ ক্ৰিকেটাৰ শ্বাৰ্দুল ঠাকুৰ ।

কিন্তু শ্বাৰ্দুলৰ এই কাৰ্যতেই অসন্তুষ্টি প্ৰকাশ কৰে বিচিচিআইয়ে । কাৰণ ব'ৰ্ডৰ কোনো অনুমতি নোলোৱাকৈ মহাৰাষ্ট্ৰৰ দৰে কৰ'ণা পিড়িত অঞ্চলত এনেদৰে অনুশীলনত নামি পৰাত হতচকিত হৈ পৰে ক্ৰিকেট ব'ৰ্ড ।

সংবাদ মাধ্য়মৰ আগত ব'ৰ্ডৰ পৰা কোৱা হয়- মুম্বাইৰ বেগী বলাৰগৰাকীয়ে ব'ৰ্ডৰ অনুমতি অবিহনে অনুশীলনলৈ যোৱাটো দুৰ্ভাগ্য়জনক । চক্তিবদ্ধ খেলুৱৈ হিচাপে এইয়া অনুমতি দিয়া নহয় । তেওঁ নিজেই নিজৰ মতে অনুশীলনলৈ গৈছে, এইয়া দুখজনক । আগলৈ যাতে এনে নহয়, এইটো স্মাৰ্ট পদক্ষেপ নহয় ।

উল্লেখ্য় যে, চৰকাৰৰ ফালৰ পৰা অনুমতি প্ৰদান কৰাৰ পাচতো মুম্বাইত বিৰাট কোহলি, ৰোহিত শৰ্মা, শ্ৰেয়াছ আয়াৰে ঘৰৰ ভিতৰতে থাকি কোনো স্পৰ্টছ কমপ্লেক্সত নোযোৱাৰ কথা উল্লেখ কৰিছে । শ্বাৰ্দুলৰ এনে কাণ্ডই সঁচাকৈ চিন্তিত কৰি তুলিছিল বিচিচিআইক । শ্বাৰ্দুল হৈছে বিচিচিআইৰ বাৰ্ষিক সূচীৰ গ্ৰেড-চি তালিকাত চুক্তিবদ্ধ হৈ থকা খেলুৱৈ । লগতে দেশৰ ভিতৰতে কৰ'ণা ভাইৰাছত আইটাইতকৈ বেছি প্ৰভাৱিত হোৱা ৰাজ্যখনৰ খেলুৱৈ ।

বিচিচিআইয়ে পিচত শ্বাৰ্দুলে অনুশীলন কৰা জিলা পালঘৰ ৰেড জ'ন মুক্ত বুলি উল্লেখ কৰে যদিও এইয়া সঠিক পদক্ষেপ নাছিল বুলি উল্লেখ কৰি বিচিচিআইয়ে খেলুৱৈৰ সুৰক্ষাৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা হাতত ল'ব বুলি মন্তব্য কৰে ।

Last Updated :May 24, 2020, 4:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.