ETV Bharat / sports

প্ৰথমখন টি-20 মেচত বেটিং ভাৰতৰ, টছত জয় লাভ বাংলাদেশৰ

author img

By

Published : Nov 3, 2019, 7:08 PM IST

প্ৰথমখন টি-20 মেচত বেটিং ভাৰতৰ, টছত জয় লাভ বাংলাদেশৰ

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আজি মুখামুখি হৈছে ভাৰত-বাংলাদেশ ৷ প্ৰথমখন টি-20 মেচত সন্ধিয়া 7 বজাত অৱতীৰ্ণ হৈছে দুয়োটা দল ৷ টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত বাংলাদেশৰ ৷

স্পৰ্টছ ডেস্ক, 3 নৱেম্বৰ: দেওবাৰে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত প্ৰথমখন টি-20 মেচত অৱতীৰ্ণ হৈছে ভাৰত আৰু বাংলাদেশ ক্ৰিকেট দল ৷ তিনিখন মেচৰ টি-20 শৃংখলাৰ এইখন হৈছে প্ৰথমখন টি-20 মেচ ৷ ভাৰত আৰু বাংলাদেশ দলটো বৰ্তমানলৈকে 8 খন মেচত মুখামুখি হৈছে ৷ য’ত 8 খন মেচতেই জয় লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় দলটোৱে ৷ বাংলাদেশ দলটোৱে টছত জয়ী হৈ ভাৰতক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় ৷

উল্লেখ্য যে, এই শৃংখলাত বিৰাটৰ অনুপস্থিতিত অধিয়ানকৰ দায়িত্ব পালন কৰিছে ৰোহিত শৰ্মাই ৷ পূৰ্বৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামৰ নাম সলনি কৰাৰ পাচত অৰুণ জেটলী ষ্টেডিয়ামত এইয়া হৈছে প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ ৷

ভাৰতৰ অন্তিম একাদশ হৈছে- ৰোহিত শৰ্মা (অঃ), শিখৰ ধাৱন, কে.এল ৰাহুল, শ্ৰেয়াছ আয়াৰ, ঋষভ পন্ত, শিৱম ডুৱে, ক্ৰোণাল পাণ্ডিয়া, ৱাছিংটন সুন্দৰ, খলীল আহমেদ, দীপক চাহাৰ, যুজৱেন্দ্ৰ চহল ৷

ইপিনে বাংলাদেশ দলটোত আছে- লিটন দাস, ছমিয়া সৰকাৰ, মহম্মদ নাইম, মুছফিকুৰ ৰহিম, মহম্মদুল্লাহ(অঃ), আফিফ হুচেইন, মছাদ্দাক হুচেইন, আমিনুল ইছলাম, ছাফিয়ুল ইছলাম, মুস্তাফিজুৰ ৰহমান, এল-অমিন হুচেইন ৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.