ETV Bharat / sports

ৰাহানেৰ ইনিংছটো মেচৰ টাৰ্নিং পইন্ট : শাস্ত্ৰী

author img

By

Published : Dec 29, 2020, 2:06 PM IST

AUS vs IND
ভাৰতৰ মুখ্য প্ৰশিক্ষক ৰবী শাস্ত্ৰী

দ্বিতীয় টেষ্টত ভাৰতৰ জয়ৰ পাচত আজিংকা ৰাহানেক প্ৰশংসা মুখ্য প্ৰশিক্ষক ৰবী শাস্ত্ৰীৰ ৷ ৰাহানেৰ ইনিংছটো মেচৰ টাৰ্নিং পইন্ট বুলি অভিহিত কৰে শাস্ত্ৰীয়ে ৷

স্পৰ্টছ ডেস্ক, 29 ডিচেম্বৰ : ভাৰতৰ মুখ্য প্ৰশিক্ষক ৰবী শাস্ত্ৰীয়ে মঙলবাৰে কয় যে, আজিংকা ৰাহানেৰ শতকটোৱেই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় টেষ্ট মেচৰ টাৰ্নিং পইন্ট আছিল ৷ উল্লেখ্য যে, দ্বিতীয় টেষ্টত ভাৰতে 8 উইকেটত জয় সাব্যস্ত কৰিছে ৷ ৰাহানেৰ ইনিংছটোক 'অবিশ্বসনীয় একাগ্ৰতা' বুলি অভিহিত কৰে শাস্ত্ৰীয়ে ৷

ৰাহানেৰ 112 ৰাণৰ ইনিংছৰ জৰিয়তে ভাৰতে প্ৰথম ইনিংছত 131 ৰাণৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পাচতে দ্বিতীয় ইনিংছত ভাৰতে অষ্ট্ৰেলিয়া দলক 200 ৰাণত সীমাবদ্ধ ৰাখিবলৈ সক্ষম হয় ৷ দ্বিতীয় ইনিংছত জয়ৰ বাবে প্ৰয়োজন হোৱা 70 ৰাণ ভাৰতে দুটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৷ ফলত 4 খনীয়া টেষ্ট শৃংখলাত সমতা স্থাপন কৰিবলৈ সক্ষম হৈছে ভাৰতে ৷

মেচৰ টাৰ্নিং পইন্ট সম্পৰ্কত শাস্ত্ৰীক প্ৰশ্ন কৰাত তেওঁ কয়, "মই ভাবো, এয়া আজিংকা ৰাহানেৰ ইনিংছটো আছিল ৷"

শাস্ত্ৰীয়ে কয় যে, ৰাহানেই কঠিন দিনটোত বেটিং কৰি শতকৰ দিশে গতি কৰিছিল ৷ শাস্ত্ৰীয়ে কয়, "এখন গুৰুত্বপূৰ্ণ মেচত... তেওঁ বেটিং কৰিবলৈ গৈ প্ৰদৰ্শন কৰা নিয়মানুৱৰ্তিতা, সেই সময়ত 60 ৰাণত আমি হেৰুৱাইছিলো 2 টা উইকেট, বেটিঙৰ বাবে কঠিনতম দিনটো...তেওঁ ছয় ঘন্টা বেটিং কৰিছিল, অবিশ্বসনীয় একাগ্ৰতা ৷"

মেচৰ অন্তত এক ভাৰ্চুৱেল সংবাদমেলত তেওঁ কয়, "মই ভাবো এয়াই টাৰ্নিং পইন্ট ৷ তেওঁৰ ইনিংছটোৱেই টাৰ্নিং পইন্ট ৷"

প্ৰথম ইনিংছত ৰাহানেই 223 বলত 12 টা চাৰিৰে সংগ্ৰহ কৰে 112 ৰাণ ৷ 7 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব তৃতীয় টেষ্ট মেচ ৷

বিৰাট কোহলী আৰু আজিংকা ৰাহানেৰ অধিনায়কত্বৰ প্ৰাৰ্থক্য সম্পৰ্কতো শাস্ত্ৰীক প্ৰশ্ন কৰা হয় ৷ তেওঁ কয়, "দুয়োগৰাকীয়েই মেচক ভালদৰে অধ্যয়ন কৰে ৷ বিৰাট বহুত অত্যুৎসাহী, আনহাতে ৰাহানে শান্ত-শিষ্ট আৰু এয়া তেওঁলোকৰ চৰিত্ৰ ৷"

তেওঁ কয়, "বিৰাটৰ প্ৰতিক্ৰিয়া খেলপথাৰত পৰিলক্ষিত হয়, আনহাতে, ৰাহানে শান্ত প্ৰকৃতিৰ, কিন্তু তেওঁ জানে তেওঁ কি বিচাৰে ৷"

লগতে পঢ়ক : দ্বিতীয় টেষ্টৰ জৰিয়তে ভাৰতে শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিলে : ধাৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.