ETV Bharat / sports

আইপিএল-13 : আশ্বিনৰ আঘাতকলৈ মন্তব্য অধিনায়ক শ্ৰেয়াছ আয়াৰৰ

author img

By

Published : Sep 21, 2020, 1:07 PM IST

Ashwin says hell be ready for the next game says shreyas iyer
আইপিএল-13 : আশ্বিনৰ আঘাতকলৈ মন্তব্য অধিনায়ক শ্ৰেয়াছ আয়াৰৰ

দেওবাৰে কিংছ ইলেভেন পাঞ্জাৱৰ সৈতে মুখামুখি হোৱা আইপিএলৰ দ্বিতীয়খন মেচত দিল্লী কেপিটেলছৰ স্পিনাৰ বলাৰ ৰবিচন্দ্ৰন আশ্বিনৰ আঘাতকলৈ প্ৰতিক্ৰিয়া দলটোৰ অধিনায়ক শ্ৰেয়াছ আয়াৰৰ ৷ আয়াৰে কয় যে, আগন্তুক মেচৰ পূৰ্বে সুস্থ হৈ উঠিব আশ্বিন কিন্তু অন্তিম সিদ্ধান্ত ফিজিঅ’ই ল’ব বুলি কয় ৷

স্পৰ্টছ ডেস্ক, 21 ছেপ্তেম্বৰ : দেওবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আইপিএলৰ দ্বিতীয়খন মেচত মুখামুখি হৈছিল দিল্লী কেপিটেলছ আৰু কিংছ ইলেভেন পাঞ্জাৱ ৷ এই মেচখনতেই দিল্লী কেপিটেলছে ফ্লিডিং কৰি থকাৰ সময়তে অভাৰৰ মাজত আঘাতপ্ৰাপ্ত হৈছিল অভিজ্ঞ বলাৰ ৰবি চন্দ্ৰন আশ্বিন ৷ ইয়াৰ পাচতেই খেলপথাৰ ত্যাগ কৰে খেলুৱৈগৰাকীয়ে ৷

আশ্বিনৰ আঘাতকলৈ মন্তব্য অধিনায়ক শ্ৰেয়াছ আয়াৰৰ
আশ্বিনৰ আঘাতকলৈ মন্তব্য অধিনায়ক শ্ৰেয়াছ আয়াৰৰ

এই সন্দৰ্ভত শেহতীয়াকৈ দিল্লীৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে আশ্বিনৰ আঘাত সন্দৰ্ভত এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ আয়াৰে কয়, আশ্বিনে জনাইছে যে, তেওঁ আগন্তুক মেচৰ পূৰ্বে সম্পূৰ্ণ ৰূপে সুস্থ হৈ উঠিব ৷ কিন্তু অন্তিম সিদ্ধান্ত ফিজিঅ’ই গ্ৰহণ কৰিব বুলি কয় অধিনায়কগৰাকীয়ে ৷

ৰবিচন্দ্ৰন আশ্বিন
ৰবি চন্দ্ৰন আশ্বিন

উল্লেখ্য যে, দিল্লীৰ হৈ খেলা নিজৰ প্ৰথমখন মেচৰ প্ৰথম অভাৰতেই দুটাকৈ উইকেট লাভ কৰিবলৈ সক্ষম হৈছিল আশ্বিনে ৷ কিন্তু অভাৰৰ অন্তিমটো বলত ফিল্ডিং কৰাৰ সময়ত কান্ধত আঘাতৰ সন্মুখীন হয় খেলুৱৈগৰাকী ৷ মেচখনত আশ্বিনে কৰুণ নায়ৰ আৰু নিক’লাছ পুৰণৰ উইকেট লাভ কৰিবলৈ সক্ষম হৈছিল ৷ আশ্বিনৰ অনুপস্থিতিতো দিল্লী কেপিটেলছ দলটোৱে মেচখনত ছুপাৰ অভাৰত জয়ী হ’বলৈ সক্ষম হয় ৷

লগতে চাওক-ৰাজস্থান ৰয়েলছৰ অনুৰাগীৰ বাবে দুঃখবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.