ETV Bharat / sports

ৰাজস্থান ৰয়েলছৰ অনুৰাগীৰ বাবে দুঃখবৰ

author img

By

Published : Sep 20, 2020, 8:26 PM IST

ৰাজস্থান ৰয়েলছ দলৰ আইপিএল ত্ৰয়োদশ সংস্কৰণৰ আৰম্ভণিৰ পূৰ্বেই আহিছে এক দুঃখবৰ ৷ প্ৰথমখন মেচৰ পৰা বাহিৰ হ’ল ইংলেণ্ডৰ বিস্ফোৰক খেলুৱৈ জ’ছ বাটলাৰ ৷

Jos Buttler to miss Rajasthan Royals opening IPL 2020 match
ৰাজস্থান ৰয়েলছৰ অনুৰাগীৰ বাবে দুঃখবৰ

স্পৰ্টছ ডেস্ক, 20 ছেপ্তেম্বৰ : আইপিএল-2020 ৰ অভিযান আৰম্ভ কৰাৰ পূৰ্বেই ৰাজস্থান ৰয়েলছৰ অনুৰাগীৰ বাবে আহি পৰিছে দুঃখবৰ ৷ দলটোৰ প্ৰথমখন মেচৰ পৰা বাহিৰ হ’ল ইংলেণ্ডৰ বিস্ফোৰক খেলুৱৈ জ’ছ বাটলাৰ ৷ কোৱাৰেণ্টাইন প্ৰট’কল অনুসৰি ডুবাইত উপস্থিত হোৱাৰ পাচত কোৱাৰেণ্টাইনত থাকিব লাগিব খেলুৱৈগৰাকী ৷ যাৰ বাবে প্ৰথমখন মেচত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব খেলুৱৈগৰাকী ৷

ৰাজস্থান ৰয়েলছৰ ইষ্টাগ্ৰাম পেজৰ পৰা লাইভ আহি এই কথা উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ৷ বাটলাৰে কয়, ‘‘মই ৰাজস্থান ৰয়েলছ দলৰ হৈ প্ৰথমখন মেচত অংশগ্ৰহণ নকৰো ৷ কাৰণ মই বৰ্তমানে ইয়াত কোৱাৰেণ্টাইনত আছো ৷ মই ৰাজস্থান ৰয়েলছৰ ওচৰত চিৰ কৃতজ্ঞ মোৰ পৰিয়ালক মোৰ সৈতে ডুবাইলৈ আনিবলৈ অনুমতি দিয়াৰ বাবে ৷’’ মোৰ পৰিয়াল একেলগে থকাৰ বাবে তেওঁৰ বহু সুবিধাও হ’ব বুলিও কয় খেলুৱৈগৰাকীয়ে ৷

জ’ছ বাটলাৰ
জ’ছ বাটলাৰ

মঙলবাৰে চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে নিজৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ’ব ৰাজস্থান ৰয়েলছ ৷ ভাৰতীয় সময় অনুসৰি 7.30 বজাত শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন ৷

লগতে চাওক-আইপিএল-13 : টছত জয় লাভ কৰি বলিঙৰ সিদ্ধান্ত কিংছ ইলেভেন পাঞ্জাৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.