ETV Bharat / sports

পুনৰ বিতৰ্কত অসম ক্ৰিকেট সন্থা !

author img

By

Published : Jan 10, 2020, 1:05 AM IST

Updated : Jan 10, 2020, 7:52 AM IST

পিটচ শুকুৱালৈ হেয়াৰ ড্ৰায়াৰ, ভেকুৱাম ক্লিনাৰ, ইস্ত্ৰি ব্যৱহাৰ কৰি অসমবাসীক বিশ্ব ক্ৰিকেট জগতত লজ্জানত কৰা অসম ক্ৰিকেট সন্থাৰ পোহৰলৈ আহিছে আন এক নাভূত-নাশ্ৰুত কাণ্ড ৷

পুনৰ বিতৰ্কত অসম ক্ৰিকেট সন্থা !
পুনৰ বিতৰ্কত অসম ক্ৰিকেট সন্থা !

স্পৰ্টছ ডেস্ক, 10 জানুৱাৰীঃ বিতৰ্কই যেন এতিয়া লগ এৰা নাই অসম ক্ৰিকেট সন্থাক ৷ শেহতীয়াকৈ 5 জানুৱাৰীত অনুষ্ঠিত হোৱা ভাৰত-শ্ৰীলংকাৰ প্ৰথমখন টি-20 মেচ বৰষুণৰ বাবে বাতিল হোৱাৰ পাচতেই পুনৰ আন এক দায়িত্বজ্ঞানহীনতা কাণ্ডৰ খবৰ পোহৰলৈ আহিছে অসম ক্ৰিকেট সন্থাৰ ৷

  • After the shameful “school-boy error” on Sunday at the first T20 match against Sri Lanka, the Assam Cricket Association has now added a “second horn” to the famous One-Horned Rhinos of Assam.@BCCI #ShameOnYouACA pic.twitter.com/BcCYF3j0jy

    — Rahul Chetry (@_iamRahulChetry) January 9, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

এইবাৰ বিজয় হাজাৰে ট্ৰফীৰ বাবে জাৰ্চীত অংকন কৰাইছিল দুটা খৰ্গ থকা আফ্ৰিকান গঁড়ৰ ফটো ৷ ইতিমধ্যে এই কথা পোহৰলৈ অহাৰ পাচত পুনৰ ছ’চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হৈছে অসম ক্ৰিকেট সন্থা ৷

ভাৰত-শ্ৰীলংকা টি-20 মেচৰ সময়ত
ভাৰত-শ্ৰীলংকা টি-20 মেচৰ সময়ত

উল্লেখ্য যে, ভাৰত-শ্ৰীলংকাৰ মাজৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচখনত বৰষুণৰ বিধি-পথালিৰ মাজত বৰষুণ এৰাৰ পিচত পোহৰলৈ আহিছিল অসম ক্ৰিকেট সন্থাৰ ফোপোলাস্বৰূপ ৷ ত্ৰিপালৰ মাজেৰে পিটচত পানী বাগৰি পৰাত পিটচ শুকুৱালৈ হেয়াৰ ড্ৰায়াৰ, ভেকুৱাম ক্লিনাৰ, ইস্ত্ৰি ব্যৱহাৰ কৰা কাণ্ডই বিশ্ববাসীৰ সন্মুখত অসমক হাঁহিয়তৰ পাত্ৰ কৰিছিল অসম ক্ৰিকেট সংস্থাৰ বিষয়ববীয়া সকলে ৷ সেই বিতৰ্কৰ ম্লান নৌযাওতেই পুনৰ বিতৰ্কত সোমাই পৰিছে অসম ক্ৰিকেট সন্থা ৷

Intro:Body:

another controversy aca distributed two horn rhino jersey


Conclusion:
Last Updated : Jan 10, 2020, 7:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.