ETV Bharat / sports

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৰমনপ্ৰীত বাহিনী

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 5:22 PM IST

IND W vs AUS W
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৰমনপ্ৰীত বাহিনী

IND W vs AUS W ODI: অষ্ট্ৰেলিয়ান মহিলা দলৰ বিৰুদ্ধে হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় দলটো মঙলবাৰে অন্তিমখন এদিনীয়াত মুখামুখি হ'ব । ইতিমধ্যে প্ৰথম দুখন এদিনীয়াত পৰাস্ত হৈ ভাৰতীয় দলটো তীব্ৰ সংকটৰ সন্মুখীন হৈছে । অন্তিমখন এদিনীয়াত জয়ী হৈ দলটোৱে সন্মান ৰক্ষাৰ চেষ্টা কৰিব ।

স্পৰ্টছ ডেস্ক,১ জানুৱাৰী : হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় মহিলা দলটো মঙলবাৰে ৱানখেড়ে ষ্টেডিয়ামত তৃতীয় তথা অন্তিম এদিনীয়াত অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব । এই খেলখন হ'ব ভাৰতীয় দলটোৰ বাবে সন্মান ৰক্ষাৰ যুঁজ । কিয়নো ইতিমধ্যে ভাৰতীয় দলটো এদিনীয়া শৃংখলাটোৰ প্ৰথম দুখন মেচত শোচনীয়ভাৱে পৰাজিত হৈছে । দুয়োখন এদিনীয়াত অষ্ট্ৰেলিয়ান মহিলা দলটোৱে ক্ৰমান্বয়ে ৬ উইকেট আৰু ৩ ৰাণত জয়লাভ কৰি ২-০ ৰ অগ্ৰগতি লাভ কৰিছে । ইফালে ডাউন আণ্ডাৰৰ দলটোৱে শৃংখলাটোৰ তৃতীয় তথা অন্তিম এদিনীয়াত জয়লাভ কৰি ঘৰুৱা দলটোক হোৱাইটৱাছ কৰাৰ লক্ষ্য আগত ৰাখিব ।

ভাৰতৰ অধিনায়ক তথা অভিজ্ঞ বেটছমেন হৰমনপ্ৰীত কৌৰৰ বাবে বেটিঙৰ সৈতে ফৰ্ম গুৰুত্বপূৰ্ণ হ'ব । কৌৰে টেষ্টত কেইটামান ঐতিহাসিক ইনিংছ খেলি দীঘলীয়া ঘৰুৱা ছিজনত তেওঁৰ দলটোক প্ৰশংসনীয়ভাৱে নেতৃত্ব দিছে । কিন্তু এই সময়ছোৱাত বেটিঙৰ সৈতে তেওঁ সংগ্ৰাম কৰি থকা দেখা গৈছে ।

হৰমনপ্ৰীতে যোৱা মাহত ইংলেণ্ডৰ বিৰুদ্ধে একমাত্ৰ টেষ্টত তেওঁৰ সৰ্বাধিক ৪৯ ৰাণৰ সৈতে এই ছিজনত ফৰ্মেটত কেৱল ৮ টা ইনিংছত কেৱল তিনিবাৰহে দুটা অংকৰ ৰাণ সংগ্ৰহ কৰিছে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম টেষ্টত ঐতিহাসিক জয়ৰ সময়ত কৌৰে ভাৰতৰ প্ৰথম ইনিংছত শূন্য ৰাণত আউট হৈছিল আৰু দ্বিতীয় ইনিংছত তেওঁ বেটিং কৰাৰ প্ৰয়োজন নাছিল । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুখন এদিনীয়াত তেওঁৰ স্ক'ৰ আছিল মাত্ৰ ৯ আৰু ৫ ।

ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত সৰ্বাধিক ২৮২ ৰাণ কৰিবলৈ সক্ষম হৈছিল । কিন্তু তাৰ পাছতো ৬ উইকেটত ভাৰতীয় দলটো পৰাজিত হৈছিল । কৌৰৰ নেতৃত্বত ভাৰতীয় দলটোৱে দ্বিতীয়খন এদিনীয়াত প্ৰায় ৭ টা কেচ আয়ত্ত কৰিব নোৱাৰিলে । ফলস্বৰূপে অষ্ট্ৰেলিয়া ৩ ৰাণত বিজয়ী হয় ।

অন্তিমখন এদিনীয়াত ৰিচা ঘোষ আৰু জেমিনা ৰড্ৰিগছে অষ্ট্ৰেলিয়াৰ হাতৰ পৰা খেলখন কাঢ়িবলৈ চেষ্টা কৰিব । একেদৰে অমনজ্যোত কৌৰ আৰু দীপ্তি শৰ্মাৰ দৰে খেলুৱৈৰ ওপৰত হেঁচা থাকিব যিসকলে দ্বিতীয় এদিনীয়াত শেষৰফালে ভাল খেলিও খেলখনত ভাৰতক জয়ী কৰাব নোৱাৰিলে ।

ভাৰতীয় মহিলা দলটোৰ মুখ্য প্ৰশিক্ষক অমল মুজুমদাৰে খেলৰ পিচত স্বীকাৰ কৰিছে যে কৌৰৰ দলটোৰ উত্তৰণৰ যথেষ্ট কাম কৰিবলগীয়া আছে । তেওঁ জনোৱা মতে স্নেহ ৰাণা অন্তিম এদিনীয়া খেলৰ বাবে উপলব্ধ নাথাকিব ।

উল্লেখ্য যে ভাৰতে ২০২৫ চনত মহিলা ৫০ অভাৰৰ বিশ্বকাপ আয়োজন কৰিব । যাৰ বাবে দলটোৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়নৰ বাবে কাম কৰি থকা হৈছে । বিশেষকৈ দলটোৰ ফিল্ডিঙৰ দিশত যথেষ্ট কাম কৰিবলগীয়া আছে ।

লগতে পঢ়ক :দ্বিতীয় টেষ্টৰ বাবে কেপ টাউনত উপস্থিত ভাৰতীয় দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.