ETV Bharat / sports

Asian Games 2023 : 'দেৱী মান্ধানা'ৰ দৰ্শন; ভাৰতৰ ক্ৰিকেট মেচ উপভোগ কৰিবলৈ ১২০০ কিঃমিঃ ভ্ৰমণ চীনা অনুৰাগীৰ

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 2:02 PM IST

Asian Games 2023
Asian Games 2023

জুন য়ুক চীনা ভূমিৰ এক বিৰল ব্যক্তি হিচাপে অভিহিত কৰিব পাৰি । কিয়নো কাঠৰ বেট আৰু চামৰাৰ বলৰ যুঁজ চোৱাটো চীনা নাগৰিকৰ অভিৰুচিৰত নপৰে বুলি ক'লেও ভুল নহয় । কিন্তু তেওঁৰ ক্ৰিকেটৰ প্ৰতি থকা প্ৰেমে তেওঁক বেইজিঙৰ পৰা হাংঝৌলৈ ১২০০ কিলোমিটাৰ যাত্ৰা কৰিবলৈ বাধ্য কৰিছিল । তাৰো উদ্দেশ্য এটাই, 'দেৱী মান্ধানা'ক দৰ্শন ।

স্পৰ্টছ ডেস্ক, ২৬ ছেপ্টেম্বৰ : কোনে কয়, শচীন তেণ্ডুলকাৰ, বিৰাহট কোহলি বা মহেন্দ্ৰ সিং ধোনীৰহে যে বিশ্বজুৰি অনুৰাগী আছে । ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ সমানে সমানে এতিয়া মহিলা ক্ৰিকেট দলেও জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে । তাৰ লগতে বিশ্বজুৰি সৃষ্টি হৈছে মহিলা ক্ৰিকেটাৰৰ অনুৰাগীৰ । তাৰ মাজত শেহতীয়াভাৱে অনুৰাগীৰ হৃদয় জিনিবলৈ সক্ষম হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ স্মৃতি মান্ধানাই ।

ভাৰতীয় মহিলা দলৰ উপ-অধিনায়কগৰাকীৰ এই জনপ্ৰিয়তা শেহতীয়াভাৱে প্ৰকাশ পাইছে চীনত অনুষ্ঠিত এছিয়ান গেমছৰ সময়ত । য'ত এগৰাকী চীনা যুৱকে স্মৃতি মান্ধানক দেৱীৰ শাৰীলৈ উন্নীত কৰি প্ৰদৰ্শন কৰা এখন পোষ্টাৰে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে । 'Mandhana The Goddess' (মান্ধানা দেৱী) শিৰোনামৰ এখন পোষ্টাৰ হাতত লৈ থকা এগৰাকী চীনা যুৱক এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দুত । তেওঁৰ নাম হৈছে জুন য়ু ।

কিন্তু জুন য়ুক চীনা ভূমিৰ এক বিৰল ব্যক্তি হিচাপে অভিহিত কৰিব পাৰি । কিয়নো কাঠৰ বেট আৰু চামৰাৰ বলৰ যুঁজ চোৱাটো চীনা নাগৰিকৰ অভিৰুচিৰত নপৰে বুলি ক'লেও ভুল নহয় । কিন্তু তেওঁৰ ক্ৰিকেটৰ প্ৰতি থকা প্ৰেমে তেওঁক বেইজিঙৰ পৰা হাংঝৌলৈ ১২০০ কিলোমিটাৰ যাত্ৰা কৰিবলৈ বাধ্য কৰিছিল । তাৰো উদ্দেশ্য এটাই, 'দেৱী মান্ধানা'ক দৰ্শন ।

জানিব পৰা মতে তেওঁ ইউটিউবৰ ক্ৰিকেট ভিডিঅ'ৰ পৰাই ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত হয় । আনহাতে, তেওঁ শচীন তেণ্ডুলকাৰ, বিৰাট কোহলী আৰু স্মৃতি মান্ধানাৰ ক্ৰিকেট শিল্পৰ প্ৰতি আকৰ্ষিত হৈ পৰে । লগতে এই তিনিওগৰাকী তেওঁৰ প্ৰিয় ক্ৰিকেটাৰ হৈ পৰে ।

"মই ২০১৯-ৰ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যশপ্ৰীত বুমৰাহৰ স্পেল দেখিছিলোঁ । মই ৰোহিত শৰ্মা আৰু বিৰাট কোহলী দুয়োকে ফল' কৰোঁ । তেওঁলোক বৰ্তমান ক্ৰিকেটৰ মহান ব্যক্তি । তাৰ পিছত সূৰ্যকুমাৰ যাদৱ আৰু যশপ্ৰীত বুমৰাহ আছে । ২০১৯-ৰ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বুমৰাহ অসাধাৰণ আছিল ।" ভাৰতীয় মহিলা ক্ৰিকেট দলে সোণৰ পদক অৰ্জন কৰা মেচখনৰ সময়ত কেমেৰাত ধৰা পৰাৰ সময়ত য়ুৱে সংবাদ সংস্থা পিটিআইক কয় ।

কিন্তু তেওঁ ক্ৰিকেটৰ বিষয়ে কেনেকৈ শিকিলে ? "বেইজিঙত থকা মোৰ বিশ্ববিদ্যালয়ত ক্ৰিকেটৰ পাঠ দিয়া হৈছে । সেয়েহে মই ইয়াৰ বিষয়ে অলপ জানো ।" য়ুৱে কয় ।

"চীনত বেছি ক্ৰিকেট খেলা নহয় । খুব কম ক্ৰিকেট খেলা স্থান আছে । খুব কম লোকেহে ক্ৰিকেট খেলে আৰু বহুতে ইয়াক কেনেদৰে খেলা হয় সেই বিষয়েও নাজানে । কেৱল ২০১০ চনত এছিয়ান গেমছৰ সময়ত ক্ৰিকেট খেলা গুয়াংঝৌত এটা স্থায়ী ক্ৰিকেট ষ্টেডিয়াম আছে ।" তেওঁ লগতে কয় ।

উল্লেখ্য যে, ঝেজিয়াং প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় চৌহদৰ পিংফেং ক্ৰিকেট খেলপথাৰত ভাৰত-শ্ৰীলংকাৰ মেচখন উপভোগ কৰিবলৈ উপস্থিত থকা আগ্ৰহী দৰ্শকৰ মাজৰ এজন আছিল য়ু । অৱশ্যে স্থানটুকুৰা সঠিক ক্ৰিকেট ষ্টেডিয়াম নহয় । "মই বিচাৰিলেও ক্ৰিকেট খেলিব নোৱাৰোঁ । ইয়াত কোনো সঠিক ক্ৰিকেট ফিল্ডো নাই । আনকি এছিয়ান গেমছৰ পূৰ্বে এই খেলপথাৰখন এখন ফুলৰ পথাৰ আছিল । ইয়াক এছিয়ান গেমছৰ বাবে ক্ৰিকেট ফিল্ডলৈ ৰূপান্তৰ কৰা হয় । এছিয়ান গেমছৰ পূৰ্বে ইয়াত কেইখনমান ৱাৰ্ম-আপ মেচ খেলা হৈছিল ।" তেওঁ কয় । অৱশ্যে তেওঁৰ প্ৰিয় ক্ৰিকেটাৰ কিন্তু তেণ্ডুলকাৰ নহয়, নিউজীলেণ্ডৰ কেন উইলিয়ামছনহে ।

লগতে পঢ়ক :Asian Games 2023 : এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱাই ভাৰতীয় মহিলা ক্ৰিকেট দলৰ স্বৰ্ণজয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.