ETV Bharat / sitara

'Bangarraju'ত একেলগে দেখিবলৈ পোৱা যাব নাগাৰ্জুন-নাগা চৈতন্যক

author img

By

Published : Nov 17, 2021, 4:36 PM IST

Father-son duo Nagarjuna, Naga Chaitanya back with 'Bangarraju'
'Bangarraju'ত একেলগে দেখিবলৈ পোৱা যাব নাগাৰ্জুন-নাগা চৈতন্যক

আহিবলগীয়া ছবি 'Bangarraju' ত একেলগে দেখিবলৈ পোৱা যাব নাগাৰ্জুন অক্কিনেনী আৰু তেওঁৰ পুত্ৰ নাগা চৈতন্য অক্কিনেনীক ৷

চিটাৰা ডেস্ক, 17 নৱেম্বৰ : পুনৰ একেলগে দেখিবলৈ পোৱা যাব দক্ষিণৰ জনপ্ৰিয় অভিনেতা নাগাৰ্জুন অক্কিনেনী আৰু তেওঁৰ পুত্ৰ নাগা চৈতন্য অক্কিনেনীক ৷ আহিবলগীয়া ছবি 'Bangarraju'ত দেখিবলৈ পোৱা যাব জনপ্ৰিয় এই পিতা-পুত্ৰৰ যুটিক ৷ নাগাৰ্জুনৰ দ্বাৰা অভিনীত ব্লকবাষ্টাৰ ছবি 'Soggade Chinni Nayana'ৰ চিকুৱেল 'Bangarraju' পৰিচালনা কৰিব কল্যাণ কৃষ্ণই ৷

ছবিখনত নাগাৰ্জুনৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰী ৰম্যা কৃষ্ণাই ৷ আনহাতে নাগা চৈতন্যৰ প্ৰেয়সীৰ চৰিত্ৰ ৰূপায়ণ কৰিব কৃতি ছেট্টীয়ে ৷ 18 অক্টোবৰত কৃতিৰ ‘নাগালক্ষ্মী’ চৰিত্ৰটো পৰিচয় কৰাই এখন পোষ্টাৰ মুকলি কৰিব ছবিখনৰ নিৰ্মাতাই ৷

Father-son duo Nagarjuna, Naga Chaitanya back with 'Bangarraju'
'Bangarraju' ৰ পোষ্টাৰ

ঘোষণাটো এখন পোষ্টাৰৰ সৈতে কৰা হৈছে যিয়ে আগন্তুক পৰিচয়ৰ ইংগিত দিছে । কিন্তু পোষ্টাৰখনত এগৰাকী মহিলাক 'নমস্কাৰ' কৰা দেখা গৈছে ৷ উল্লেখ্য যে, এই ছবিখন ‘অক্কিনেনী’ অনুৰাগীসকলৰ বাবে বিশেষ কিয়নো 'Manam' আৰু 'Premam'ৰ পিছত পুনৰ বাৰ পিতা-পুত্ৰক একেখন পৰ্দাতে দেখিবলৈ পাব অনুৰাগীসকলে ৷

নাগাৰ্জুনে Zee Studiosৰ সহযোগত ছবিখন প্ৰযোজনা কৰিছে ৷ ছবিখনৰ সংগীত কৰিছে অনুপ ৰুবেন্সে যিয়ে পূৰ্বে Manam'ৰ দৰে এটা চুপাৰ হিট মিউজিক এলবাম উপহাৰ দিছিল । নিৰ্মাতাসকলৰ মতে, চলচ্চিত্ৰখনত ৰোমাঞ্চ, আৱেগ আৰু কৌতুক ভৰি আছে ।

লগতে পঢ়ক : Controvercial Kangana : গান্ধীজীৰ অহিংস নীতিক তাচ্ছিল্য মনিকৰ্ণিকাৰ নায়িকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.