ETV Bharat / sitara

Controvercial Kangana : গান্ধীজীৰ অহিংস নীতিক তাচ্ছিল্য মনিকৰ্ণিকাৰ নায়িকাৰ

author img

By

Published : Nov 17, 2021, 8:34 AM IST

Updated : Nov 18, 2021, 7:49 AM IST

Kangana now targets Mahatma Gandhi, says 'offering another cheek' gets 'bheek' not freedom
Controvercial Kangana : গান্ধীজীৰ অহিংস নীতিক তাচ্ছিল্য মনিকৰ্ণিকাৰ নায়িকাৰ

শেহতীয়াকৈ দেশৰ স্বাধীনতাক ব্ৰিটিছৰ ভিক্ষা বুলি বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰিছিল অভিনেত্ৰী কংগনা ৰানাৱটে ৷ এই বিতৰ্ক ম্লান নপৰোতেই পুনৰ আন এক বিতৰ্কিত মন্তব্য কংগনাৰ ৷ এইবাৰ কংগনাই লক্ষ্য কৰি ল’লে জাতিৰ পিতা মহাত্মা গান্ধীক ৷

নিউজ ডেস্ক, 17 নৱেম্বৰ : বিতৰ্ক অব্যাহত আছে কংগনা ৰাণাৱটৰ মন্তব্যক লৈ ৷ এটাৰ পাচত আন এটা বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰা অভিনেত্ৰী কংগনা ৰাণাৱটে শেহতীয়াকৈ লক্ষ্য কৰি ল’লে জাতিৰ পিতা মহাত্মা গান্ধীক ৷ মঙলবাৰে অভিনেত্ৰী কংগনাই কয় যে, সুভাষ চন্দ্ৰ বসু আৰু ভগৎ সিঙে সহযোগিতা লাভ কৰা নাছিল মহাত্মা গান্ধীৰ ৷ বাপুজীৰ আদৰ্শ ‘অহিংসা পৰম ধৰ্ম’ক তাচ্চিল্য কৰি কংগনাই কয় যে, আনখন গাল পাতি দিলে ভিক্ষাহে পাই স্বাধীনতা নাপায় ৷

ভিক্ষা শব্দটোৰ দ্বাৰা কংগনাই আকৌ এবাৰ সোঁৱৰাই দিলে বিগত সপ্তাহত ভাৰতৰ স্বাধীনতা লাভ সন্দৰ্ভত তেওঁ কৰা বিতৰ্কিত মন্তব্যটো ৷ কংগনাই পদ্মশ্ৰী লাভ কৰাৰ পাচতে কৈছিল যে, 2014 চনত যেতিয়া নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল তেতিয়াহে ভাৰত স্বাধীন হৈছিল ৷ 1947 চনত দেশে লাভ কৰা স্বাধীনতা আছিল ব্ৰিটিছে দিয়া ভিক্ষা ৷ ইনষ্টাগ্ৰামত বহুকেইটা পোষ্টৰ দ্বাৰা কংগনাই জাতিৰ পিতা মহাত্মা গান্ধীক লক্ষ্য হিচাপে লৈ কয় যে, নিজৰ নায়ক গৰাকীক বুদ্ধিমত্তাৰে বাচনি কৰা উচিত ৷

মনিকৰ্ণিকাৰ অভিনেত্ৰী গৰাকীয়ে কৰা মন্তব্যক লৈ বৰ্তমানেও অব্যাহত আছে বিতৰ্কৰ ধুমুহা ৷ এইবাৰ এটা পুৰণি বাতৰি শ্বেয়াৰ কৰিলে কংগনা ৰাণাৱাটে ৷ বাতৰিটোৰ শিৰোনাম হ’ল "Gandhi, others had agreed to hand over Netaji" ৷ এই বাতৰিটোত দাবী কৰা অনুসৰি মহাত্মা গান্ধীয়ে জৱাহৰলাল নেহৰু আৰু মঃ আলী জিন্নাৰে মিলি এগৰাকী ইংৰাজ বিচাৰকৰ সৈতে চুক্তি কৰিছিল যে, যেতিয়াই নেতাজী সুভাষ বসুৱে ভাৰতত প্ৰৱেশ কৰিব তেতিয়াই তেওঁলোকে নেতাজীক ইংৰাজৰ হাতত গতাই দিব ৷

‘‘ আপুনি এগৰাকী গান্ধী প্ৰেমী অথবা নেতাজীৰ সমৰ্থক দুয়োটাই হ’ব পাৰে, বাচনি কৰক আৰু সিদ্ধান্ত লওক’’ এইদৰে এটা টোকা লিখি বিশেষ বাতৰিটো নিজৰ টুইটাৰ একাউন্টযোগে শ্বেয়াৰ কৰিছে কংগনাই ৷ ইতিমধ্যে টুইটাৰ কৰ্তৃপক্ষই বন্ধ কৰি দিছে কংগনাৰ একাউন্ট ৷ উচতনিমূলক মন্তব্যৰে বিতৰ্কৰ সৃষ্টি কৰা কংগনাই দাবী কৰিছে যে, স্বাধীনতাৰ বাবে যুঁজ দিয়া সকলক সেইসকলে তেওঁলোকৰ গৰাকী বা প্ৰভূ (ইংৰাজ)ৰ ওচৰত গতাই দিছিল যাৰ উৎপীড়ণৰ বিৰুদ্ধে যুঁজ দিয়াৰ কোনো সাহস নাই ৷ কিন্তু তেওঁলোক ক্ষমতালোভী আৰু চতুৰ ৷

ইয়াৰ লগতে কংগনাই গান্ধীজীক লক্ষ্য কৰি কয় যে, গান্ধীজীয়ে যে ভগৎ সিঙৰ ফাঁচী বিচাৰিছিল তাৰ সম্পূৰ্ণ প্ৰমাণ আছে ৷ তেৱেঁই সেইজন ব্যক্তি যি আমাক শিকাইছিল যে, কোনোবাই এখন গালত চৰ মাৰিলে আনখন গাল পাতি দিব লাগে ৷ এইদৰেই স্বাধীনতা পোৱাতো সম্ভৱ ৷ কিন্তু এনেকৈ কোনেও স্বাধীনতা পাব নোৱাৰে, ভিক্ষাহে পাব ৷ নিজৰ নায়কক সেয়ে বুদ্ধিমত্তাৰে বাচনি কৰা উচিত বুলি গান্ধীজীৰ প্ৰতি কটুক্তি কৰে 34 বৰ্ষীয় কংগনা ৰাণাৱাটে ৷

অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে, এই সকলোবোৰ সময়ৰ ওপৰত নিৰ্ভৰশীল ৷ মানুহে ইতিহাস আৰু তেওঁলোকৰ নায়কক জানে ৷ কাৰণ এই সকলোবোৰ আপোনাৰ স্মৃতিৰ এটা বাকচত ভৰাই থৈ প্ৰতি বছৰে জন্মদিনত তেওঁলোকক স্মৰণ কৰাতোৱেই যথেষ্ট নহয় ৷ দৰাচলতে এয়া কেবল বধিৰতা নহয় চূড়ান্ত দায়িত্বহীনতাও ৷

ৰাণাৱটে পদ্মশ্ৰী গ্ৰহণৰ দুদিন পাচত এটা অনুষ্ঠানত সংবাদ মাধ্যমৰ সন্মুখত স্বাধীনতা সম্পৰ্কীয় এই বিতৰ্কিত মন্তব্যটো কৰিছিল ৷ যাৰ বাবে ইতিমধ্যে দেশজুৰি সমালোচিত হৈছে অভিনেত্ৰী গৰাকী ৷

লগতে পঢ়ক : Manushi Chhillar on Prithviraj: প্ৰথম প্ৰচেষ্টাক দৰ্শকে আঁকোৱালি লোৱাৰ আশা মানুষীৰ

Last Updated :Nov 18, 2021, 7:49 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.