ETV Bharat / sitara

Manushi Chhillar on Prithviraj: প্ৰথম প্ৰচেষ্টাক দৰ্শকে আঁকোৱালি লোৱাৰ আশা মানুষীৰ

author img

By

Published : Nov 16, 2021, 5:24 PM IST

Yash Raj Films’ৰ মহাকাব্যিক একশ্যন ড্ৰামা ‘পৃথ্বীৰাজ’(Prithviraj)ত দেখিবলৈ পাব 2017 চনৰ মিছ ৱৰ্ল্ড(Miss World) মানুষী চিল্লাৰ(Manushi Chhillar)ক ৷ ছবিখনত ‘ৰাজকুমাৰী সংযোগিতা’(Princess Sanyogita)ৰ চৰিত্ৰটো ৰূপায়ণ কৰিছে মানুষীয়ে ৷

Manushi Chhillar in Prithviraj
পৃথ্বীৰাজত মানুষী চিল্লাৰ

চিটাৰা ডেস্ক, 16 নৱেম্বৰ : Yash Raj Films’ৰ প্ৰথমখন ঐতিহাসিক একশ্যন ড্ৰামা ‘পৃথ্বীৰাজ’(Prithviraj)ৰ নতুনকৈ মুক্তি পোৱা টীজাৰে আকৰ্ষণ কৰিছে চলচ্চিত্ৰ প্ৰেমীসকলক ৷ কিয়নো নিৰ্ভীক আৰু শক্তিশালী ৰাজপুত ৰজা পৃথ্বীৰাজ চৌহানৰ জীৱন আৰু বীৰত্বৰ ওপৰত আধাৰিত চলচ্চিত্ৰখনত অভিনেতা অক্ষয় কুমাৰ(Akshay Kumar)ৰ বিপৰীতে অভিনয় কৰিছে 2017 চনৰ মিছ ৱৰ্ল্ড(Miss World) মানুষী চিল্লাৰে(Manushi Chhillar) ৷

Manushi Chhillar in Prithviraj
পৃথ্বীৰাজত মানুষী চিল্লাৰ

ছবিখনত মানুষীয়ে ‘ৰাজকুমাৰী সংযোগিতা’(Princess Sanyogita)ৰ চৰিত্ৰটো ৰূপায়ণ কৰিছে ৷ টীজাৰত দেখুওৱা মানুষীৰ ৰাজকুমাৰীৰ লুকে এতিয়া চৰ্চা লাভ কৰিছে দৰ্শকসকলৰ মাজত ৷ এই সুযোগ লাভ কৰি মানুষীয়ে ছ’চিয়েল মিডিয়াযোগে কয়, ‘‘মই YRF আৰু পৰিচালক ড৹ চন্দ্ৰপ্ৰকাশ দ্বিবেদীৰ ওচৰত চিৰকৃতজ্ঞ ৷ ৰাজকুমাৰী সংযোগিতাৰ চৰিত্ৰটো দি মোক বিশ্বাস কৰাৰ বাবে ধন্যবাদ’’ ৷

Manushi Chhillar in Prithviraj
পৃথ্বীৰাজত মানুষী চিল্লাৰ

আনহাতে, চৰিত্ৰটো সন্দৰ্ভত মানুষীয়ে কয়, ‘‘তেওঁৰ জীৱন, মূল্যবোধ, স্থিতিস্থাপকতা, সাহস, সন্মানেই হৈছে তেওঁৰ অহংকাৰ ৷ মই ইমান সৌভাগ্যৱতী যে মই ৰাজকুমাৰী সংযোগিতাক পৰ্দাত উপস্থাপন কৰাৰ সুযোগ লাভ কৰিছো ৷ তেওঁৰ কাহিনী চাবলৈ ময়ো উৎসাহিত’’ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

‘‘এই ছবিখনত মই মোৰ হৃদয়, আত্মা আৰু চকুপানী সকলো অৰ্পণ কৰিছো ৷ মই আশা কৰোঁ যে ৰূপালী পৰ্দাত মই প্ৰতিষ্ঠা কৰিবলৈ লোৱা এই বাস্তৱ চৰিত্ৰটোক দৰ্শকে পছন্দ কৰিব ৷ মই অত্যন্ত কৃতজ্ঞ যে দৃশ্যগ্ৰহণৰ সময়চোৱাত মোৰ সমৰ্থক হিচাপে অক্ষয় কুমাৰ ছাৰক পাইছো । তেওঁৰ কৰ্ম, কষ্ট মোৰ বাবে এক অনুপ্ৰেৰণা’’ ৷

মানুষীয়ে লগতে কয়, ‘‘পৃথ্বীৰাজক বিশ্বজুৰি দৰ্শকসকলে আঁকোৱালি ল’ব বুলি মই বিশ্বাসী ৷ এটি আইকনিক প্ৰেম, কিংবদন্তি বীৰত্ব আৰু অদম্য সাহসৰ কাহিনীয়ে সকলোকে মনোৰঞ্জন প্ৰদান কৰিব । মই আশা কৰো যে, মোৰ কামৰ দ্বাৰা মই পৰিয়ালক গৌৰৱান্বিত কৰিব পাৰিম ৷ তেওঁলোকে মোৰ ছবিখন উপভোগ কৰাৰ পাচত তেওঁলোকৰ প্ৰতিক্ৰিয়াৰ বাবে মই অপেক্ষাৰত’’ ৷

উল্লেখ্য যে, যশ ৰাজ ফিল্মছৰ বেনাৰত নিৰ্মিত পৃথ্বীৰাজ ছবিখনে কিংবদন্তি যোদ্ধাৰ কাহিনী প্ৰতিফলিত কৰিব, যিয়ে ঘোৰৰ নিৰ্দয় আক্ৰমণকাৰী মহম্মদৰ বিৰুদ্ধে সাহসিকতাৰে যুঁজ দিছিল । ড৹ চন্দ্ৰপ্ৰকাশ দ্বিবেদীৰ দ্বাৰা পৰিচালিত ছবিখনত অক্ষয় আৰু মানুষীৰ উপৰিও অভিনয় কৰিব অভিনেতা সঞ্জয় দত্ত(Sanjay Dutt) আৰু চনু চুড(Sonu Sood)য়ে ৷ বহুপ্ৰত্যাশিত এই ছবিখন 2022 চনৰ 21 জানুৱাৰীত বিশ্বজুৰি ছবিগৃহত মুক্তিলাভ কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Bigg Boss 15: ৰাকেশৰ পাচতেই শ্ব’ৰ পৰা বাহিৰ শমিতা ছেট্টী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.