ETV Bharat / sitara

Samantha goes skiing in Switzerland : তেওঁৰ ইন্ষ্টাগ্ৰাম পোষ্টে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে

author img

By

Published : Jan 21, 2022, 8:52 PM IST

সামান্থা আছেগৈ চুইজাৰলেণ্ডত (Samantha in Switzerland) ৷ কিন্তু তাৰ পৰাই গৰম কৰি ৰাখিছে ভাৰতীয় চলচিত্ৰ জগতৰ পৰিৱেশ ৷ তেওঁৰ এটা পুৰণা ইন্ষ্টাগ্ৰাম পোষ্টক লৈ ব্যস্ত এতিয়া সকলো ৷ জানো আহকচোন কি আছে তেওঁৰ এই পোষ্টটোত...

travel
সামান্থাৰ এটা ইন্ষ্টাগ্ৰাম পোষ্টকলৈ এতিয়া চলিছে বুবু-বাবা

চিটাৰা ডেস্ক, 21 জানুৱাৰী : অভিনেত্ৰী সামান্থাই চুইজাৰলেণ্ডত উপভোগ কৰিছে শীতৰ এই সময়খিনি (Samantha goes skiing in Switzerland) ৷ দুঃসাহসিক অভিযান কৰি ভালপোৱা সামান্থাই চুইজাৰলেণ্ডত সোৱাদ লৈছে winter hiking আৰু snowshoeing ৰ ৷ নিজৰ ইন্ষ্টাগ্ৰামত এই নান্দনিক ফটো পোষ্ট কৰি সামান্থাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

বৃহস্পতিবাৰৰ নিশা, সামান্থাই ইন্ষ্টাগ্ৰামত চুইছ আল্পছৰ এটা হলিডে ৰিজৰ্ট আৰু ski area ভাৰ্বিয়াৰৰ এখন ফটো শ্বেয়াৰ কৰে । ছবিখন শ্বেয়াৰ কৰি ফেমিলি মেন 2ৰ অভিনেত্ৰীগৰাকীয়ে কয় যে, তেওঁ চাৰি দিনৰ বাবে শীতকালীন ক্ৰীড়াত জপিয়াই পৰিব ৷ সামান্থাৰ মতে, skiing সহজ নহয়, কিন্তু আমোদজনক ।

হালধীয়া জেকেট আৰু বগা ডেনিমৰ সৈতে সামান্থাই হেলমেট আৰু ski goggles পৰিধান কৰি শ্বেয়াৰ কৰা ফটোখনত লিখিছে,

"Day 4 is when the magic happens 🤍

#skiingainteasybutitsureisfun."

কিন্তু সামান্থা এই exciting switzerland trip ৰ লগতে আন এটা বিষয়ৰ বাবেহে বেছিকৈ চৰ্চিত হৈছে ৷ Famous couple Samantha আৰু Naga Chaitanya ই বিগত বৰ্ষত ইজনে আনজনৰ পৰা আঁতৰ হোৱাৰ কথা সামাজিক মাধ্যম যোগে ঘোষণা কৰিছিল ৷ তাৰ পিছতেই তোলপাৰ লাগিছিল অনুৰাগীৰ মাজত (Samantha deletes separation post) ৷ কিন্তু নেটিনেজে বৰ্তমান Separation post টো সামান্থাৰ ইন্ষ্টাগ্ৰামত বিচাৰি নেপাই উৎফুল্লিত হৈ পৰিছে ৷

2021 বৰ্ষৰ 2 অক্টোবৰত সামান্থা আৰু নাগা চৈতন্যই এই ঘোষণা কৰিছিল ৷

লগতে পঢ়ক: ধনুষ-ঐশ্বৰ্যৰ 18 বছৰীয়া যুগ্ম জীৱনৰ পৰিসমাপ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.