ETV Bharat / sitara

Priyanka Nick Celebrating Mahashivratri: স্বামী নিক জোনাছৰ সৈতে প্ৰিয়ংকাৰ শিৱৰাত্ৰি পালন

author img

By

Published : Mar 1, 2022, 8:23 PM IST

Updated : Mar 2, 2022, 8:58 AM IST

লছ এঞ্জেলছৰ ঘৰত স্বামীৰ পৰিয়ালৰ সৈতে শিৱৰাত্ৰিৰ পূজা পাতিলে বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই (Priyanka Nick Celebrating Mahashivratri) ৷ প্ৰতিটো উৎসৱেই অতি আদৰেৰে পালন কৰে এইগৰাকী অভিনেত্ৰীয়ে ৷

nick jonas
স্বামী নিক জোনাছৰ সৈতে প্ৰিয়ংকাই পালন কৰিছে মহাশিৱৰাত্ৰী

চিটাৰা ডেস্ক, 1 মাৰ্চ : মহা শিৱৰাত্ৰি উপলক্ষে সকলোৱে ভগৱান শিৱক পূজা-অৰ্চনা আগবঢ়াইছে ৷ পিছ পৰি ৰোৱা নাই বলীউডৰ কলা-কুশলীসকলো ৷

ভাৰতৰ জীয়ৰী লছ এঞ্জেলছৰ বোৱাৰী তথা বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰায়েও স্বামী গৃহত পালন কৰে মহাশিৱৰাত্ৰি (priyanka celebrating shivratri in los angeles) ৷ পুৰোহিত মাতি একেলগে পূজাত বহি ভগৱান শিৱক সেৱা জনালে প্ৰিয়ংকা আৰু নিকে (Priyanka Nick Celebrating Mahashivratri) ৷ প্ৰিয়ংকাই মঙলবাৰে ইন্ষ্টাগ্ৰামত শিৱৰাত্ৰf উপলক্ষে ষ্টৰী শ্বেয়াৰ কৰি সকলোকে শুভেচ্ছা জ্ঞাপন কৰে (priyanka celebrates mahashivratri) ৷

priyanka celebrates mahashivratri in los angeles with nick jonas
স্বামী নিক জোনাছৰ সৈতে প্ৰিয়ংকাৰ শিৱৰাত্ৰি পালন

শিৱৰাত্ৰিৰ দিনটোত প্ৰিয়ংকাক এটা পাতল গুলপীয়া ৰঙৰ কুৰ্টিত দেখা গ’ল ৷ আনহাতে, নিকে পৰিধান কৰিছিল বগা কুৰ্টা আৰু পায়জামা ৷ প্ৰথমবাৰৰ বাবে পিতৃ-মাতৃ হোৱাৰ সুখ লাভ কৰা দুই তাৰকাৰ শিৱৰাত্ৰি উদযাপনৰ ফটোত দেখা পোৱা ন’গল সন্তানৰ ফটো ৷

priyanka celebrates mahashivratri in los angeles with nick jonas
স্বামী নিক জোনাছৰ সৈতে প্ৰিয়ংকাৰ শিৱৰাত্ৰি পালন

39 বছৰীয়া প্ৰিয়ংকা আৰু 29 বছৰীয়া নিকে তেওঁলোকৰ প্ৰথমটো সন্তান চাৰ’গেচী প্ৰথাৰে লাভ কৰে ৷ বহুদিনীয়া প্ৰেমৰ সম্পৰ্কৰ পিছত 2018 চনত দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল ৷

লগতে পঢ়ক: পিতৃ-মাতৃ হ’ল প্ৰিয়ংকা চোপ্ৰা-নিক জ’নাছ

Last Updated : Mar 2, 2022, 8:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.