ETV Bharat / sitara

চুলিৰ নতুন ষ্টাইলকলৈ অনুষ্কাৰ ইনষ্টাগ্ৰাম পোষ্ট

author img

By

Published : Jun 25, 2021, 10:20 PM IST

Postpartum hair loss
চুলিৰ নতুন ষ্টাইলকলৈ অনুষ্কাৰ ইনষ্টাগ্ৰাম পোষ্ট

শেহতীয়াকৈ চাউদাম্পটনত সমাপ্ত হোৱা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে তেওঁৰ স্বামী বিৰাট কোহলীৰ সৈতে ব্ৰিটিছলৈ যোৱা অনুষ্কা শৰ্মাই কিছু নিজৰ যত্ন লোৱা দেখা গৈছে ।

চিটাৰা ডেস্ক, ২৫ জুন : সচৰাচৰ সন্তান জন্মৰ পিছত বহু মহিলাই চুলি সৰাৰ সমস্যাত ভুগি থকা দেখা যায় । এইবাৰ অনুৰূপ সমস্যাত ভুগিছে বলীউডৰ মোহময়ী অভিনেত্ৰী তথা প্ৰযোজক অনুষ্কা শৰ্মা । কিন্তু সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চুলি কাটিলে অভিনেত্ৰী তথা ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ পত্নী অনুষ্কাই ।

অৱশ্যে নতুন চুলিৰ ষ্টাইলকলৈ সুখী অনুষ্কা । ইনষ্টাগ্ৰামত চুলিৰ নতুন ষ্টাইলৰ সৈতে ফটো শ্বেয়াৰ কৰিলে অভিনেত্ৰীগৰাকীয়ে । লগতে পোষ্টটোত উল্লেখ কৰে যে যেতিয়া কেঁচুৱা জন্মৰ পিছত চুলি সৰাৰ সমস্যাত পৰা যায় তেতিয়া নতুন হেয়াৰ ষ্টাইলৰ বাবে বিভিন্ন জন আকৰ্ষিত হয় । সেয়ে তেওঁ চুলি চুটি কৰিছে আৰু পুনৰ আগৰ দিনবোৰৰ হেয়াৰ ষ্টাইললৈ ঘূৰি গৈছে ।

ইফালে তেওঁক এই নতুন ষ্টাইলেৰে চুলি কাটিছে লণ্ডনৰ বিখ্যাত চেলিব্ৰিটি হেয়াৰ ষ্টাইলিষ্ট জৰ্জ নৰ্থউডে । নৰ্থউডৰ সৈতে সম্পৰ্ক স্থাপন কৰি দিয়াৰ বাবে অনুষ্কাই ইনষ্টাগ্ৰামৰ জৰিয়তে অভিনেত্ৰী সোনম কাপুৰকো ধন্যবাদ জ্ঞাপন কৰে । উল্লেখ্য যে জৰ্জ নৰ্থউড অতি জনপ্ৰিয় হেয়াৰষ্টাইলিষ্ট । বিশ্বৰ বহু তাৰকাই তেওঁৰ ওচৰলৈ আহে হেয়াৰ ষ্টাইলৰ বাবে ।

আমেৰিকাৰ অভিনেত্ৰী মেঘনা মাৰ্কল, এলেক্সা চাংগ, এলিচিয়া বিকাণ্ডেৰ আদি বহু তাৰকাৰ পচন্দ নৰ্থউড । সেয়ে নৰ্থউডৰ হতুৱাই অনুষ্কাই চুলিৰ নতুন ৰূপ দিবলৈ পাই যথেষ্ট সুখী । শেহতীয়াকৈ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলি থকা টেষ্ট বিশ্ব কাপৰ (World Test Championship) বাবে ক্ৰিকেটাৰ স্বামীৰ সংগী হিচাপে ব্ৰিটিছত আছে অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু তাতেই এনেদৰে জৰ্জ নৰ্থউডৰ ওচৰত চুলি কাটি সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে ।

ইফালে অনুষ্কা যোৱা দুবছৰ ধৰি লাইমলাইটৰ পৰা আঁতৰি আছে । তেওঁক শেষবাৰৰ বাবে শ্বাহৰুখ খান আৰু কেটৰিনা কাইফৰ সৈতে 'জিৰো'ত দেখা গৈছিল । আমাজন প্ৰাইম ভিডিঅ' ৱেব চিৰিজ পাতাল লোক (Pataal Lok) আৰু নেটফ্লিক্সৰ চলচ্চিত্ৰ বুলবুল (Bulbbul) তেওঁৰ শেহতীয়া প্ৰযোজনা । অনুষ্কাক নৱদীপ সিঙৰ পৰিচালিত কানেদা(Kaneda) আৰু ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ জীৱনীমূলক ছবিত দেখা যাব ।

লগতে পঢ়ক:৯ জুলাইত মুক্তি পাব স্কাৰলেট জোহানছনৰ 'ব্লেক উইডো'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.