ETV Bharat / sitara

Vamika ৰ ছমহীয়া জন্মদিন উদযাপন অনুষ্কা-বিৰাটৰ

author img

By

Published : Jul 12, 2021, 1:40 PM IST

Vamika's 6-month birthday
Vamikaৰ ছমহীয়া জন্মদিন উদযাপন

মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মা (Anushka Sharma) আৰু ক্ৰিকেটাৰ বিৰাট কোহলী (Virat Kohli)ৰ কন্যা ভামিকা (Vamika)ৰ ছমহীয়া জন্মদিন উদযাপন ৷ কন্যা ভামিকাৰ মুখখন ৰাজহুৱা নকৰাকৈ পিছফালৰ পৰা ফটো তুলি জন্মদিন উদযাপন কৰা ফটো ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিলে অভিনেত্ৰীগৰাকীয়ে ৷

চিটাৰা ডেস্ক, 12 জুলাই : বিগত দুবছৰ ধৰি ৰূপালী পৰ্দাৰ পৰা আঁতৰি থকা বলীউডৰ মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মা (Anushka Sharma) সম্প্ৰতি মাতৃৰ দায়িত্ব পালন কৰি থকা পৰিলক্ষিত হৈছে ৷ চলিত বৰ্ষৰ 11 জানুৱাৰীত অনুষ্কা আৰু স্বামী তথা ক্ৰিকেটাৰ বিৰাট কোহলী (Virat Kohli)ৰ জীৱনলৈ আহিছিল কন্যা ভামিকা (Vamika) ৷ দেওবাৰে ভামিকাৰ ছমহীয়া জন্মদিন উদযাপন কৰে অনুষ্কা-বিৰাটে ৷ কন্যাৰ ছমহীয়া জন্মদিন উদযাপন কৰা ফটো ছ’চিয়েল মিডিয়া (Social Media)যোগে শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে ৷ কিন্তু এতিয়াও ভামিকাৰ মুখখন ৰাজহুৱা কৰা নাই অভিনেত্ৰীগৰাকীয়ে ৷

ফটোৰ কেপচনত অনুষ্কাই লিখিছে, তাইৰ এটি হাঁহিয়ে আমাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে ৷ ("Her one smile can change our whole world around! I hope we can both live up to the love with which you look at us, little one. Happy 6 months to us three.") ৷ অনুষ্কাই শ্বেয়াৰ কৰা প্ৰথমখন ফটোত ভামিকাক তেওঁৰ দুবাহুত লৈ আকাশলৈ চাই থকা পৰিলক্ষিত হৈছে ৷ দ্বিতীয়খন ফটোত বিৰাট কোহলীয়ে ভামিকাৰ দুবাহুত ধৰিছে আৰু ভামিকাৰ পিছফালৰ পৰা ফটো তোলা হৈছে ৷

অন্যহাতে, তৃতীয়খন ফটোত মাক-জীয়েকৰ ভৰি দেখুওৱা হৈছে ৷ ইয়াৰ লগতে অনুষ্কাই জন্মদিনৰ কেকৰ ফটোও শ্বেয়াৰ কৰে ৷

উল্লেখ্য যে, অনুষ্কা বিৰাটে কন্যা ভামিকাৰ মুখখন ছ’চিয়েল মিডিয়াযোগে ৰাজহুৱা নকৰাৰ সিদ্ধান্ত লৈছে ৷ যেতিয়ালৈকে ভামিকাই ছ’চিয়েল মিডিয়া সম্পৰ্কে বুজি নুঠে ৷ ৰাজহুৱা নকৰাকৈয়ে এটি সন্তান ডাঙৰ-দীঘল কৰাৰ ক্ষেত্ৰত নিজৰ চিন্তাধাৰা ব্যক্ত কৰে অনুষ্কাই ৷

মিডিয়াই কেনেদৰে শিশুৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, সেই সন্দৰ্ভতো নিজ মতামত ব্যক্ত কৰে অভিনেত্ৰীগৰাকীয়ে ৷ এক সাক্ষাৎকাৰযোগে তেওঁ কয় যে, ‘‘আমি এই সন্দৰ্ভত বহুত ভাবিলো ৷ আমি নিশ্চিতৰূপে ৰাজহুৱা নকৰাকৈয়ে সন্তানৰ লালন-পালন কৰিব বিচাৰো ৷ আমি এতিয়াই সন্তানক ছ’চিয়েল মিডিয়াত অন্তৰ্ভুক্ত কৰিব নিবিচাৰো’’ ৷

লগতে পঢ়ক : মুক্তিৰ পূৰ্বে চৰ্চাত তুফান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.