ETV Bharat / sitara

বিগ বি অমিতাভ বচ্চনৰ ‘Mayday’ ছবিৰ পৰিচালনা কৰিব অজয় দেৱগনে

author img

By

Published : Nov 7, 2020, 10:36 PM IST

Ajay Devgn to direct megastar Amitabh Bachchan in 'Mayday'
বিগ বি অমিতাভ বচ্চনৰ ‘Mayday’ ছবিৰ পৰিচালনা কৰিব অজয় দেৱগনে

বিগ বি অমিতাভ বচ্চনৰ সৈতে edge-of-the-seat মানৱ নাটক ‘Mayday’ৰ পৰিচালনা আৰু নিৰ্দেশনা কৰিব বলিউড অভিনেতা তথা ছবি নিৰ্মাতা অজয় দেৱগনে ৷ টুইটাৰযোগে ছবি সমালোচক তৰণ আদৰ্শে শনিবাৰে এই আনুষ্ঠানিক ঘোষণা কৰে ৷

চিটাৰা ডেস্ক,7 নৱেম্বৰ : বলিউড অভিনেতা তথা ছবি নিৰ্মাতা অজয় দেৱগনৰ নতুন পৰিকল্পনা ৷ বিগ বি অমিতাভ বচ্চনৰ সৈতে edge-of-the-seat মানৱ নাটক ‘Mayday’ৰ পৰিচালনাৰ বাবে সাজু হৈছে অজয় দেৱগন ৷

এই ছবিখন অজয় দেৱগনে নিৰ্দেশনা কৰাৰ লগতে ছবিখনত এক পাইলটৰ ভূমিকা পালন কৰিব অভিনেতা গৰাকীয়ে ৷ শনিবাৰে টুইটাৰযোগে ছবি সমালোচক তৰণ আদৰ্শে ছবিখনৰ আনুষ্ঠানিক ঘোষণা কৰে ৷

অৱশ্য়ে বৰ্তমানো ছবিখনৰ অন্য কলা-কুশলী সন্দৰ্ভত কোনো প্ৰচাৰ হোৱা নাই ৷ চলিত বৰ্ষৰে ডিচেম্বৰ মাহত হায়দৰাবাদত ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব ৷

লগতে পঢ়ক : গৌহৰ খান-জেইদ দৰবাৰৰ সুমধুৰ সম্পৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.